পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
আনন্দৰাম ঢেকিয়াল
 


গৈছিল। পুৱা গধূলি সদায় লোক গৈছিল। আমাৰ মানুহৰ সময়ৰ জ্ঞান নাই। আৰু মানুহৰ ঘৰলৈ গলে সেই মানুহৰ আৱশ্যক অনাৱশ্যকলৈ নাচাই যেতিয়ালৈকে বিদায় নাপায় তেতিয়ালৈকে তাতে থাকে। প্ৰথমে অহাত কিছুমান দিন এই ৰূপ দৰ্শক লোকক ঘৰত সাক্ষাৎ কৰোঁতে তেওঁৰ অনেক সময় গৈছিল৷ ফল্গুৎসৱ উপস্থিত। ঘৰৰ দেৱতা গোপালৰ কিৰীটি ইতিপূৰ্ব্বে আন বস্তুৰে সৈতে চোৰে নিলে। শ্ৰীশ্ৰীমতী মহাৰাণীৰ মুকুটৰ আৰ্হিৰে গোপালৰ এটী সোণৰ মুকুট উমৈহতীয়া খৰচেৰে ফুকনে শুৱালকুচীৰ তুতী সোণাৰীৰ দ্বাৰাই কৰাই দিলে।

 তেওঁ অহা শুনি তেওঁৰ ভগিনী স্বামীয়ে সৈতে গুৱাহাটীলৈ গল। তেওঁবিলাকক দেখি ফুকনে অতি সন্তোষ পালে। আন আন বাৰ যেনেকৈ ফল্গুৎসৱ কৰা হৈছিল তাতকৈ কিছু সমাৰোহেৰে এইবাৰ ফল্গুৎসৱ সমাধা হল। কিছু কালৰ মূৰত মেথী চাহাব গুৱাহাটীলৈ আহিল। বহুকালৰ মূৰত চাহাবে ফুকনে সৈতে সাক্ষাৎ কৰি যাতকৈ নাই সন্তোষ পালে।

 সেই সময়ত গুৱাহাটীত মেং ব্লাণ্ড নামে এজনা পাদুৰী চাহাব আছিল৷ তেওঁ বৰ বিদ্বান্ আৰু ইংলণ্ডৰ অক্সফৰ্ড বিদ্যালয়ৰ এজন বি,এ, উপাধিধাৰী আছিল। আনন্দৰাম ফুকনে সৈতে মেথী চাহাবে এওঁক পৰিচয় কৰাই দিলে। ফুকনে সদাই ব্লাণ্ড চাহাবৰ তালৈ পঢ়িবৰ নিমিত্তে যাবলৈ ধৰিলে। কলিকতাত ফুকনে পঢ়ি যি জানিছিল এইজনা চাহাবৰ মুখে পঢ়ি আৰু অধিক জানিবলৈ সুবিধা পালে। গধূলি বা পুৱা কেতিয়াবা ফুকনে বলৰাম, গঙ্গাৰাম, গুণাভিৰাম আৰু পৃথুৰাম বৰুৱাৰ পুত্ৰ ৰুদ্ৰৰামক ইংৰাজী পঢ়াইছিল।

 ফুকন প্ৰত্যুষে উঠি মুখ ধুই পেণ্টলুন, চাপকন, টুপী, মোজা, জোতা পিন্ধি লাঠি লৈ ফুৰিবলৈ যায়। এওঁৰ লগত প্ৰায়েই গুণাভিৰাম গৈছিল। কেতিয়াবা গঙ্গাৰাম কেতি-