পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯২
আনন্দৰাম ঢেকিয়াল
 


সেই সন্দেহ ভঞ্জন কৰা হল। সদৰ আদালতৰ নিৰাশা বাক্যত ফুকন নৈৰাশ নহল। যিমান দিন সাধাৰণৰপৰা সাহায্য পোৱা যায় তিমান দিন নিষ্পত্তিৰ অনুবাদ ছাপা কৰিবলৈ অঙ্গীকাৰ কৰিলে।

 কলিকতাত থাকোঁতে ফুকনে ঘৰৰ দৰে এখোটালিত ঢলা বিছনা আৰু এখোটালিত মেজ মাচিয়া পাতিছিল। কলিকতাত তেওঁৰ যিসকল বন্ধু আছে সকলোৰে সৈতে সাক্ষাৎ কৰিলে। শ্যামাচৰণ দাস, নবীনচন্দ্ৰ ৰায় আৰু সীতানাথ ঘোষে সৈতে সদাই ঘৰত আলাপ কৰিছিল। তেওঁ সদৰ দেওৱানী আদা- লতৰ নিষ্পৃত্তি কৰি তাৰ শুদ্ধাশুদ্ধ এজন পণ্ডিতৰ দ্বাৰাই কৰোৱাইছিল। তাত চাবলগীয়া যিবিলাক ঠাই আৰু কাৰ্য্য সকলোবিলাক তেওঁ সময়ে সময়ে চালে। কলিকতাত ফুকনে প্ৰথমে কোনো ঠাইলৈ যাব লাগিলে অসমীয়া পাটৰ ধুতী, পাগুৰী, আঙ্গা, লপেটা জোটা পিন্ধি গৈছিল। আমাৰ অসমীয়া মানুহৰ অসমীয়া পৰিচ্ছদ ব্যৱহাৰ কৰাত সকলোৱে তেওঁৰ প্ৰতি অনুসন্ধান কৰিবলৈ ধৰাত তেওঁ বেয়া পাই পাজামা,, চাপকান, কাবা, অসমীয়া পাগুৰী অথবা টুপী ব্যৱহাৰ কৰিছিল। ইয়াৰ দ্বাৰাই তেওঁ ঠাইৰ আন লোকৰ লগত লগ লাগিল।

 শীতকালত কলিকতাত অনেক প্ৰকাৰ উৎসৱ হয়। নানা দেশৰপৰা লোকসকলে নানাবিধ বস্তু আনে বা দৰ্শন দেখুৱায়। কলিকতাৰ সিপাৰে শিবপুৰ নামে গাঁওৰ দক্ষিণে বোটানিকেল গাৰ্ডন বা কোম্পানিৰ বাগিচা নামে অতি উৎকৃষ্ট উদ্যানত নানা দেশৰ গছ লতা ইত্যাদি আছে। তাৰ মাজে মাজে ইটা- গুড়ী ভঙ্গাইটা বা আঙ্গাৰ দিয়া বাট। সেই ঠাইৰ সকলো গছ বৃক্ষ অতি মনোহৰ আৰু প্ৰণালীৰূপে তাত সজোৱা হৈছে। কলিকতাত “ফিমেল নৰ্ম্মেল স্কুল” বা স্ত্ৰী-বিদ্যালয় এটি আছে।