পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭২
আনন্দৰাম ঢেকিয়াল
 


এই জীৱনত তুমি কিহলৈ চিন্তা কৰা? তোমাৰ সকলো কাৰ্য্যৰ ওপৰত পদাঘাত কৰা।

 ৩৷ ধৰ্ম্ম আৰু পৰোপকাৰৰ প্ৰতি উৎসাহ যেন প্ৰতিদিনে আৰম্ভ হয়, ইয়াক স্মৰণ কৰিবা। দিনৌ পুৱা স্থিৰ কৰিবা সময় গত প্ৰায় হলে আপীলৰ দৰখাস্ত যেনেৰূপ সেইৰূপ যেন তোমাৰ কথাৰ আৰু কাৰ্য্যৰ উৎসাহ তোমাৰ ওপৰত পৰা কৰ্ত্তব্য যেন ভাবিবা।

 ৪৷ এই কেই সময়ত ঈশ্বৰোপাসনা কৰিবলৈ নাপাহৰিবা। প্ৰথম পুৱ৷ যেতিয়া উঠা, দ্বিতীয় স্নানৰ পাছত, তৃতীয় গধূলি, চতুৰ্থ শয্যালৈ যোৱাৰ পূৰ্ব্বে, পঞ্চম তোমাৰ শয্যাত, ষষ্ঠ প্ৰতিবাৰে যেতিয়া তুমি ইয়াক পঢ়া।

 ৫৷ যেতিয়া তোমাৰ চাৰিওফালে মানুহ জহনীত পৰে তেতিয়া তোমাৰ মন কেনে থাকে তাক স্মৰণ কৰিবা।

 ৬। খ্ৰীষ্টীয়ান, মুচলমান আৰু হিন্দুৰ উপাসনাৰ নিৰ্দ্দিষ্ট সময়লৈ মনত কৰিবা। একাদশী উপবাস কৰিবা।

 ৭৷ পাৰা যদি গণি কোৱা কিমান দিন তুমি জীবা! কি জানি এক সপ্তাহ কি এদিন। এই কাৰণে মৃত্যুৰ নিমিত্তে প্ৰস্তুত হোৱা।

 যিজনে জ্যোতিৰ্ম্ময় সূৰ্য্যৰ অন্তৰাত্মা আৰু আমাৰ বুদ্ধি বৃত্তিক পৰিচালন কৰিছে সেইজনক আমি চিন্তা কৰো।

 আনন্দৰাম ফুকনৰ এই প্ৰাতঃস্মৰণীয় বিষয়কেইটি চাই তেওঁলৈ প্ৰীতি আৰু শ্ৰদ্ধা নহব? ঈশ্বৰ উপাসনা বিষয়ে আৰু কৰ্ত্তব্য কাৰ্য্য বিষয়ে তেওঁ যি চিন্তা সেইটো তেওঁৰ জীৱনত প্ৰতিপালিত হৈছিল। নিৰ্দিষ্ট সন্ধ্যা বিনেও প্ৰতিদিন আহাৰান্তে তেওঁ তেওঁৰ ইষ্ট দেৱতাক চিন্তা কৰিছিল। তেওঁ সদাই তেওঁৰ কৰ্ত্তব্য কাৰ্য্য সম্পাদন কৰিছিল। তাক পলম কৰিবলৈ নিচেই ইচ্ছা নকৰছিল। এই কাৰণেই তেওঁৰ মৃত্যুৰ পাচত তেওঁৰ