ফুকনক বদলিৰ কথাবাৰ্ত্তা হৈছিল। দৰঙ্গৰ প্ৰধান এচিষ্টেন্ট
কমিচনৰ বিনচেণ্ট চাহাবে ফুকনক মঙ্গলদৈলৈ নিবলৈ যত্ন
কৰিছিল। সেই সুযোগতে সেই চাহাবজনাই ফুকনৰ চিঠি
পাই ফুকনলৈ এখান চিঠি লিখিলে, তাত ইয়াকো লিখিলে,
যে অসমীয়া ভাষাৰ বিষয়ে ফুকনে যি লিখিছিল সেইটো তেওঁৰ মতে
সৈতে মিলিছে আৰু তেওঁ যি দেশৰ ভাষা সন্বন্ধে যি ৰিপৰ্ট
কৰিছিল দুইৰো ভাব একে। 'ইমান একে যি দুইখান পঢ়িলে
যে ইখান সিখান চাই লিখিছে অথবা দুইও লেখকে একে কথা
আলোচনা কৰি লিখিছে'। নবেম্বৰ মাহত বটলৰ চাহাব বিলাতলৈ
যোৱাত ফুকনে আকৌ সম্পূৰ্ণ জিলাৰ ভাৰ পালে। এই সময়ত
ফুকনে দুটি গুৰুতৰ বিষয় কমিচনৰ চাহাবলৈ ৰিপৰ্ট কৰে।
এটি মাটি এস্তফা দিয়া আৰু এটি চমুৱা সম্বন্ধে প্ৰজা আৰু
গবৰ্ণমেণ্টৰ মাজত কিছুমান এনে মানুহ আৱশ্যক যে যাৰ দ্বাৰাই
দেশৰ মঙ্গল হয়। নগাঁওত সকলো বিলাকেই গবৰ্ণমেণ্টৰ প্ৰজা।
সেই কাৰণে চমুৱ৷ বন্দোবস্ত বিষয়ে ফুকনে মত দিছিল। ১৮৫৬
চনৰ জানুৱাৰী মাহত লেম্ব চাহাব আহি জিলাৰ ভাৰ গ্ৰহণ
কৰে।
ফুকনৰ মাতৃৰ বৈমাত্ৰেয় ভগিনীক হেমকণ্ঠ বেজবৰুৱাই বিবাহ কৰালে। তেওঁৰ কম্বুকণ্ঠ নামে এটি পুত্ৰ হয়। সেই লৰাটি সৰুতে পিতৃহীন হৈ সহায়হীন হল। আৰু ইয়াৰ কিছু পূৰ্ব্বে ফুকনৰ আশ্ৰয়লৈ আহে। ফুকনে তেওঁক বৰ স্নেহ কৰিছিল আৰু নগাঁওৰ স্কুলত দিলে। কালক্ৰমে তেওঁৰ মাতৃও নগাঁওলৈ আহিল। ফুকনে কম্বুকণ্ঠক কলিকতালৈ পঢ়িবৰ নিমিত্তে নিজে ব্যয় দি পঠালে; কিন্তু তেওঁৰ মাতৃৰ অনুৰোধত কম্বুকণ্ঠ অলপ দিন তাত থাকি আকৌ আহিল। কম্বুকণ্ঠ কলিকতাত গুণাভিৰাম বৰুৱাই সৈতে একেলগে আছিল। কম্বুকণ্ঠক কিছুদিনমান পঢ়িবৰ নিমিত্তে ফুকনে গুৱাহাটীত থৈছিল, তাতো থাকিব