পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫৬
আনন্দৰাম ঢেকিয়াল
 


উচ্চবংশেৰে সৈতে এওঁবিলাকৰ কুটুম্বিতা তথাপি লোকে ভিতৰুৱাকৈ দুৰ্ণাম কৰিছিল। অথচ প্ৰকাশ্যে কোনেও কোনো কথা নকয়। আসামৰ অভ্যন্তৰ গ্লানিকৰ সমাজত ফুকনউৰুৰ এইৰূপ দুৰ্ণাম ৰাষ্ট্ৰ আছিল। কিন্তু প্ৰকৃততে আৰু প্ৰকাশ্যে হলে সেইৰূপ কোন কথাই প্ৰকাশিত নাছিল। জাতি কি বংশ মৰ্য্যাদাৰ কোনোৰূপ স্খলন হোৱা নাছিল।

 পশুপতি ফুকনৰ কন্যা মাহিন্দ্ৰীক আনন্দৰাম ফুকনলৈ প্ৰস্তাৱ কৰা হল। এইৰূপ প্ৰস্তাৱ হোৱা মাত্ৰে ৰাজগুৰু ফুকন অন্তৰে বৰ সন্তুষ্ট হল। প্ৰথমে একো সিদ্ধান্ত কৰা নাছিল। কোনো কোনো গ্লানিকৰসকলে নিজৰ স্বাৰ্থৰ কাৰণেই হওক বা এনেই ৰাজগুৰু ফুকনক ভিতৰুৱাকৈ নিষেধ কৰিলে৷ ইফালে জেনকিনচ্ চাহাব আৰু মেথী চাহাব আৰু আন আন বিজ্ঞ আৰু বহুদৰ্শীসকলে আনন্দৰামক জামাতা স্বীকাৰ কৰিবলৈ ৰাজগুৰু ফুকনক পৰামৰ্শ দিলে। আনন্দৰাম ফুকনে সৰুৰেপৰা পৰশুৰাম বৰুৱাউৰুৰ ঘৰলৈ যাওঁতে মাহিন্দ্ৰীক দেখিছিল। তেওঁৰ বিশ্বাসী বন্ধু পৰশুৰাম বৰুৱাইও তেওঁৰ ৰূপগুণৰ কথা কৈছিল। ফুকন আদ্যোপান্ত শুনি বিবাহত অমত নহল। আনন্দৰাম যেতিয়া জন্মিছিল তেতিয়াৰেপৰা ৰাজগুৰু ফুকনে তেওঁক দেখিছিল। গুৱাহাটীত থকাত আৰু কলিকতাত থকাত তেওঁৰ উন্নতি আৰু সচ্চৰিত্ৰৰ কথা তেওঁ জানিছিল আৰু শুনিছিল। কলিকতাৰ- পৰা তেওঁ অহাত তেওঁৰ সাধু চৰিত্ৰৰ কথাও তেওঁ জানিছিল। বলৰাম ফুকনৰ মাতৃয়ে সৈতে তেওঁৰ পত্নীৰ সখীত্ব আছিল৷ তেওঁ ফুকনৰ কথা ভালকৈ জানিছিল। সেই কাৰণে তেওঁ সেই প্ৰস্তাৱত সন্তোষ মনে সন্মত হল। যোৰা কোষ্ঠী চোৱা হল তাতো মধ্যম যোৰাই আহিল। এদিনা ৰাজগুৰু ফুকন আনন্দৰাম ফুকনৰ ঘৰলৈ আহিল।