কতালৈ গৈছিল। সেই লৰা দুটি প্ৰথমে ফুকনৰ ঘৰৰ ওচৰতে
আছিল, তাৰ পাচে হুগলি কলেজলৈ পঢ়িবলৈ গল। ফুকনৰ
লগত যোৱা গুণাভিৰামক ফুকনে মৌৱাট চাহাবক কৈ কলুটোলা
ব্ৰাঞ্চ স্কুলত ভৰ্তি কৰাই দিলে।
কমিচনৰ চাহাবৰ তলৈ বোৰ্ডে কাকত পঠালত কলিকতাত ফুকনৰ থকা আৱশ্যক নোহোৱা হল। তেওঁ আহিবলৈ মন কৰিলে৷ সমাচাৰ চন্দ্ৰিকাদি যন্ত্ৰৰ পুস্তকাদি নীলাম হোৱাত ফুকনে কিছুমান অসম্পূৰ্ণ ভাগৱত, কামাখ্যা যাত্ৰা পদ্ধতি আৰু স্মৃতি শাস্ত্ৰ কিনি ললে। আন আন কিছু বস্তুও কিনি ললে। দামুদা নামে গবৰ্ণমেণ্টৰ এখান ষ্টিমাৰ আসামলৈ আহিব লগীয়া হোৱাত ফুকনে সেই জাহাজত আহিবলৈ স্থিৰ কৰিলে৷ জাহাজৰ এটা কেবিন বা কামড়া ললে। কিন্তু তেওঁ যদিচ জাহাজত কাপ্তানে সৈতে খানা নাখায় তথাপি দিনে ৪্ টকা দিব লাগিব বুলি কোৱাত জাহাজৰ প্ৰধান কাৰ্য্যকাৰকৰ আগত কব লগীয়া হৈছিল৷ তেওঁৰ দ্বাৰাইহে মীমাংসা হল যে নাখালে ধন দিব নালাগে। ১৮৫২ চনৰ ২৫ মাৰ্চ্চত ফুকনে এখানি জেগৰি টাইপ ছবি কৰালে। ইয়াৰ পাচে সকলো বন্ধুসকলেৰে সাক্ষাৎ কৰি ফুকন কলিকতাৰপৰা বিদায় হল। তেওঁৰ কিছুমান বস্তু প্ৰসন্ন কুমাৰ ৰায়ৰ লগত নৌকাৰে পঠালে। গুণাভিৰামক নবীনচন্দ্ৰ ৰায়ৰ লগত কলিকতাত পঢ়িবলৈ থলে। ফুকনে তেওঁৰ খৰচ দিবলৈ স্বীকাৰ কৰিলে। নজীৰৰ এজেণ্ট সেই নবীনবাবু হল। তাক ছাপা ইত্যাদি তেওঁৱেই কৰাব এনে স্থিৰ হল। পাচে ২৬ মাৰ্চ্চত শুক্ৰবাৰে ১২ বজাত ফুকন জাহাজলৈ গল। আৰু অপৰাহ্ন ২।। বজাত জাহাজ ভাটী মুখে মেলিলে।
আনন্দৰাম ফুকনৰ যিমান বন্ধু আছে সকলোতকৈ প্ৰধান শ্যামাচৰণ দাস আৰু নবীনচন্দ্ৰ ৰায়। যতীন্দ্ৰমোহন ঠাকুৰ, সীতানাথ ঘোষ, বংশীধৰ সেন তেওঁৰ একে পঢ়া লোক। নবীন-