পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৪
আনন্দৰাম ঢেকিয়াল
 


মেম্বৰ বা আন যিসকলে টিকিট লয় সেইসকলে তাত বহি ৰঙ্গ চাব পাৰে। ইয়ালৈ অনেক লোক যায়। ফুকনেও সেই ঘোঁৰদৌড় চাবলৈ গৈছিল। সৰু কালত যিবিলাক ঠাইত যি যি কাৰ্য্য কৰা যায় সেইবিলাক চাবলৈ বৰ মনোৰম। ফুকন তেওঁ পঢ়া হিন্দুকলেজ চাবলৈ গৈ বৰ তৃপ্ত হল।

 কলিকতাৰ কিল্লাৰ পথাৰত জেনেৰেল অকটেৰলেন চাহাবৰ নেপালৰ যুদ্ধ জয় চিৰস্মৰণীয় কৰিবলৈ এটী অতি উচ্চ কীৰ্ত্তি স্তম্ভ আছে। ইয়াক ইংৰাজীত “অকটেৰলেনী মনিউমেণ্ট” বোলে। তাৰ ওচৰতে ঘোঁৰাৰ নাচ হয়। খেৰেৰে সজা এটা বৰ ঘৰৰ ভিতৰত মাজে দুৱাৰ থৈ মাচিয়া আৰু বেঞ্চ পতা আছে। তাৰ মাজৰ এডোখৰ ঠাইত ঘোঁৰাৰ নাচ আৰু দৌড় হয়। ধন দি টিকিট কিনি তালৈ যাব লাগে। সেই ক্ৰীড়াক “ৰয়েল অলিম্পিক চাৰ্কচ” বোলে। এই ঘৰৰ ভিতৰত বহাৰ কেইবা শ্ৰেণী। ফুকনে ৪ টকাৰ টিকিট লৈ সেই চাৰ্কচ চাবলৈ গল। তাত বৰ আশ্চৰ্য্য ক্ৰীড়া হৈছিল। মানুহবিলাকে গাত আটিল পোচাক পিন্ধি ঘোঁৰাত উঠি উঠি বৰ ঠাই ডোখৰ ঘূৰিছিল। তিৰোতা এজনীয়ে দ্ৰুতবেগে ঘোঁৰা লৰি থাকোতে তাৰ ওপৰত থিয় হৈ নাচিছিল আৰু তাত তৰওৱাল খেলাইছিল। মানুহ এটাৰ আঙ্গুলিৰ ঠাৰতে টাটু ঘোঁৰা এটাই নাচিছিল থিয় হৈছিল আৰু শুইছিল, আৰু আন অনেক কাৰ্য্য কৰিছিল।

 কলিকতাৰ গবৰ্ণৰ জেনেৰেলৰ কাউন্সিলৰ মেম্বৰ বেথুন নামে এজন চাহাব আছিল; তেওঁ এই দেশৰ পুৰুষ বিশেষ কৈ স্ত্ৰীসকলৰ শিক্ষাৰ নিমিত্তে বৰ যত্ন কৰিছিল আৰু নিজে অৰ্থ ব্যয় কৰি এটী বালিকা বিদ্যালয় সংস্থাপিত কৰিছিল। সেই চাহাবৰ নাম চিৰস্মৰণীয় কৰিবলৈ কলিকতাৰ ইউৰোপীয় আৰু দেশীয় লোকসকলে বেথুন সভা নামে এটী সভা কৰি ছিল; সেই সভাৰ প্ৰথম অধিবেসন ১৮৫২ চনৰ জানুৱাৰী