পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১১৪
আনন্দৰাম ঢেকিয়াল
 


ৰুক্মিণীক লগত লৈ যেতিয়া দ্বাৰকালৈ কৃষ্ণ যায় তেতিয়াও তাত ৰথ ৰাখিছিল। সেইসকল সাধুৱে ইয়াকো কয় বোলে তেতিয়াই শ্ৰীকৃষ্ণই সেই ঠাই কলিকালতো পবিত্ৰ হব বুলি ইচ্ছা কৰিছিল। ইয়াকে চূণপোৰাও বোলে। কি জানি শ্ৰীকৃষ্ণই বৰ দ্ৰুতবেগেৰে ৰথ চলাই যাওঁতেই বেদনিধি বাপুৱে জোলাঙ্গা মেলি মেলি তামোল খাবলৈ ধৰাত ৰথৰ বেগত বাপুৰ জোলোঙ্গাৰ চূণ পৰিল আৰু সেই কাৰণেই ইয়াক চূণপোৰা বোলে। সেই যেইকি নহওক উজনীৰপৰা দেশৰ উপদ্ৰৱত শঙ্কৰদেৱ আৰু মাধৱদেৱ শিষ্যে সমন্নিতে কামৰূপলৈ গৈ সেই অঞ্চলতে থাকি ধৰ্ম্ম প্ৰচাৰ কৰিছিল। শঙ্কৰদেৱ পাটবাউসীত আছিল। শঙ্কৰদেৱৰ আশ্ৰমৰ সমীপতে দামোদৰ দেৱৰ আশ্ৰম আছিল। মাধৱদেৱ গণককুচিত ১৭ বছৰ, সুন্দৰীদিয়াত ১৪ বছৰ আছিল। বৰপেটাত থিতাপিকৈ কেৱল ছমাহ আছিল। তথাপি আন ঠাইতকৈ পূৰ্ব্বৰ সেই কথাৰ কাৰণে বৰপেটা প্ৰধান হল। মাধৱদেৱে বৰপেটা সত্ৰত একপ্ৰকাৰ সাধাৰণতন্ত্ৰ স্থাপন কৰিলে। বৰপেটা সত্ৰত সমূহ ভকত বৰপেটা সত্ৰৰ গৰাকী ৷ আহোম ৰজাসকলেও বৰপেটাৰ এই সাধাৰণতন্ত্ৰ প্ৰণালী স্বীকাৰ কৰি মাটি-বৃত্তি দিছিল। মাধৱদেৱে তেওঁৰ ধৰ্ম্মাধিপত্য মথুৰাদাস বুঢ়া আতাক অপৰ্ণ কৰিলে। বুঢ়া আতাই সেই ধৰ্ম্মাধিপত্য সমূহত থলে। সমূহে যাকে মনোনীত কৰে সেইয়ে সত্ৰীয়া হয়। সেই সত্ৰীয়া সেই সমূহৰ সভাৰ সভাপতি মাত্ৰ। শঙ্কৰদেৱৰ পুৰোহিত ৰাম ৰাম গুৰুৰ বংশৰ সন্তানসকলেই সত্ৰীয়া ৰূপে মনোনীত হৈ আহিছে। সত্ৰীয়াই শিষ্যক শৰণ লগায়। কালক্ৰমে এই বংশৰ লোকেই সত্ৰীয়া হৈ থকাত তেওঁবিলাকে সেই পদ তেওঁবিলাকৰ আৰু সমূহ ভকত তেওঁবিলাকৰ অধীন; তেওঁবিলাকেই গৰাকী। এই স্বত্বলৈ হাত মেলাত সমূহ আৰু সত্ৰীয়াৰ মাজত বৰ বিৰোধ হয়। অনেক গোচৰ হয়। সত্ৰৰ দূৰৈত থাওক