পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৩১
 


দিয়ে। একাদশ বৎসৰ বয়সত আনন্দৰাম ফুকনক দুৰ্গাৰাম ফুকনে লগুণ দিয়ে। তেওঁৰ বৈমাত্ৰেয় ভগিনী তুলসীদেৱীক নগাঁওৰ জখলাবন্ধা সত্ৰৰ চন্দ্ৰকান্ত অধিকাৰী গোস্বামীৰ জ্যেষ্ঠপুত্ৰ ৰঘুদেৱ গোস্বামীলৈ বিবাহ দিয়ে। বৰযাত্ৰীসকল নগাঁৱৰপৰা গৈ গুৱাহাটীৰ বালিত আছিল, তাৰেপৰা বৰ আহি বিবাহ কৰাইছিল। গোঁসাইসকলে দেহুড়ীৰ ভিতৰলৈকে বৰজাপি আৰু দোলা নিলত আমাৰ ফলীয়া লোকসকলে অসহ্য বোধ কৰি কন্দল কৰিবলৈ ইচ্ছা কৰিছিল। কিন্তু নিমন্ত্ৰিত লোকৰ ত্ৰুটি ধৰিব নাপায়, এইদেখিহে টানকৈ কোনো বিৰোধ নহল। সেই বিবাহত উত্তৰ গুৱাহাটীৰ যোগেশ্বৰ গোস্বামীৰ প্ৰেৰিত এদল লোকে ধেনু- কাঁড় লৈ এক কৌতুকাবহ অভিনয় কৰিছিল। উপনয়ন সংস্কাৰৰ পাচত আনন্দৰাম ফুকনে সন্ধ্যা শিক্ষা কৰি প্ৰতিদিন ত্ৰিসন্ধ্যা কৰিবলৈ ধৰিলে। দ্বাদশী, সংক্ৰান্তি, শ্ৰাদ্ধ দিবস প্ৰভৃতিত বিনে কেতিয়াও সন্ধ্যাপাত নকৰিছিল। তেওঁ অতি পৰিষ্কাৰ আৰু শুচি ভাৱত থাকিছিল। আনন্দৰাম ফুকনে সময়ে সময়ে চৌপট আৰু তাচ খেলিছিল। ভটাগুটি, হাউ গুডু গুডু, ফটিকলাই ঘিলা, লাটিম প্ৰভৃতিও প্ৰথমতে খেলিছিল কিন্তু কোনো ধেমালিত মন বহুৱাই দিয়া নাছিল। ফাকুৱাৰ সময়ত তেতিয়া বাটৰ মানুহক ল’ৰাবিলাকে চেৰেকা মৰা নিয়ম আছিল। সৰুকালত তাকো তেওঁ কৰিছিল। এদিনা আনন্দৰাম ফুকন, দুৰ্গাৰাম ফুকন, পকোৱাৰ হৰনাথ আৰু আন আন কেইজনমানে সৈতে চৌপট খেলি থাকোতে হৰনাথৰ গুটি এটি আড়িত পৰিল। সেই গুটিটো পৰাত সি খেল ঘাটিব লগীয়া হোৱাত হৰনাথে থিয় দি ‘ধেটলিং টিলিং কলস্ ফলস্ আমাৰ ভৰিৰ পদ্ম ফুলটা নিয়ে গেলা” বুলি পলাই গল। এই ঘটনা এনে কৌতুকাবহ আছিল যে তেওঁ তাক কেতিয়াও নাপাহৰিছিল। সেই সময়ত মানৰ দিনৰ কষ্ট সহ্য কৰা লোক বিস্তৰ আছিল। আনন্দৰাম ফুকন, দুৰ্গাৰাম ফুকন, বলৰাম ফুকন, গঙ্গাৰাম বৰুৱা প্ৰভৃতি