পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৩৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০
আনন্দৰাম ঢেকিয়াল
 


কৰ্ম্ম আছিল তাকো চলাইছিল। আনন্দৰাম ফুকনে বৰ মনোযোগ দি স্কুলত পঢ়িছিল। কেতিয়াও স্কুলৰ শিক্ষা ক্ষতি নকৰিছিল। সদাই উপস্থিত থাকিছিল। তেওঁ সময়ে সময়ে মেথী চাহাব, জেনকিনচ্ চাহাব, উইমচ্ চাহাব প্ৰভৃতিৰ ঘৰলৈ গৈছিল।

 মেথী চাহাব আৰু জেনকিনচ্ চাহাব এই দেশীয় লোক সকলৰ বৰ বন্ধু আছিল। কেনেকৈ এই দেশৰ লোকসকলৰ উন্নতি হব তাৰ প্ৰতি তেওঁবিলাকৰ বৰ আগ্ৰহ আৰু শ্ৰদ্ধা আছিল। তেওঁবিলাকৰ ঘৰৰ দ্বাৰ অবাৰিত। স্কুলৰ ছাত্ৰসকলক তেওঁবিলাকে পুস্তক, কাকত, ধন-বস্তু ইত্যাদিৰে সাহায্য কৰিছিল। তেওঁবিলাকৰ হাতী, ঘোঁৰা, গাড়ী, নাও বাগিছা সকলো এই ছাত্ৰসকলৰ সম্পত্তি আছিল। কোনোদিনা সন্ধ্যাৰ পূৰ্ব্বে তেওঁবিলাকে ছাত্ৰবিলাকক লৈ বাগিছালৈ যায়। কোনো- দিনা কাকো হাতীত, কাকো গাড়ীত লৈ ফুৰিবলৈ যায়। কোনোদিনা বা সেইৰূপে নাৱত উঠি ফুৰিবলৈ যায়।কোনো পূজা আন পৰ্ব্বত তেওঁবিলাকে সেইৰূপে ছাত্ৰসকলক ৰঙ- ধেমালি দেখুৱাইছিল। তেওঁবিলাকে লৰাবিলাকে সৈতে নিজেও ধেমালি কৰিছিল আৰু লৰাবিলাককো লৰ মৰা, জপিওৱা, কুস্তি কৰা, গছত উঠা প্ৰভৃতি নানাপ্ৰকাৰ ধেমালি কৰিবলৈ লগাই দিছিল আৰু যেয়ে ভালকৈ কৰিব পাৰিছিল তাক পুৰস্কাৰ দিছিল। অধিক কি তেওঁবিলাকে লৰাবিলাকৰ শাৰীৰিক, মানসিক আৰু নৈতিক উন্নতিৰ অৰ্থে সদাই উৎসাহ দিছিল৷ এনে দুজনা চাহাবৰ সুদৃষ্টিৰ নিমিত্তে আৰু স্নেহত আনন্দৰাম ফুকনে ক্ৰমে সৰ্ব্বপ্ৰকাৰে উন্নতি লাভ কৰিবলৈ ধৰিলে।

 এওঁ প্ৰত্যুষে উঠি পঢ়া-শুনা কৰি কোনোদিনা ঘৰত আৰু কোনোদিনা ব্ৰহ্মপুত্ৰ বা নদীত স্নান কৰি স্কুললৈ গৈছিল। তেওঁ সৰুৰেপৰা গাড়ী আৰু ঘোঁৰাত উঠিছিল। দুৰ্গাৰাম ফুকনক কৃষ্ণদেৱ কটকী নামে তিয়কীয়া অধ্যাপকৰ ঘৰৰ ডেকাই লগুণ