বহুদিনৰ মূৰত দেখি বৰ সন্তোষ পাইছিল। কোনো এক সময়ত ফুকনৰ মাতৃয়ে খাৰঘৰীয়া ফুকনৰ ওপৰত কোনো কথাত বিৰক্তি পাই কোনো খাতত গৈ বাস কৰিবলৈ ইচ্ছা কৰিলে। কিন্তু ৰণৰাম বৰুৱাই নিষেধ কৰি কলে যে খাতত থাকিলে লৰাৰ শিক্ষা নহব, এতেকে তালৈ যোৱা অনুচিত।
১৭৬০ শঁকৰ জৈষ্ঠৰ শুক্লা চতুৰ্থীত ৰণৰাম বৰুৱাৰ মৃত্যু হয়। ইয়াৰ পাচত শ্ৰাৱণ মাহত যজ্ঞৰাম খাৰঘৰীয়া ফুকনৰ জ্বৰ হয়। তেওঁ চিকিৎসা আৰু বায়ু পৰিবৰ্ত্তনৰ নিমিত্তে মেথী চাহাবৰ বঙ্গলালৈ গল। তাতে ক্ৰমে টান হোৱাত তেওঁক ঘৰলৈ অনা হল। আৰু শ্ৰাৱণৰ শুক্লা দ্বিতীয়াতে তেওঁ পৰলোকলৈ গমন কৰে। খাৰঘৰীয়া ফুকন বৰ গম্ভীৰ স্বভাৱৰ লোক আছিল। তেওঁ সংস্কৃত, বঙ্গলা, ইংৰাজী, পাৰচী আৰবী, ভূটীয়া, উৰ্দ্দু, প্ৰভৃতি ভাষা উত্তমৰূপে জানিছিল। তেওঁ ৰাজা ৰামমোহন ৰায়ৰ অধীনে কিছুদিন শিক্ষা পোৱাত তেওঁৰ ধৰ্ম্ম আৰু সামাজিক ভাব অতি উন্নত আৰু মাৰ্জ্জিত আছিল। ইংৰাজবিলাকে সৈতে সমভাৱে ব্যৱহাৰ কৰিছিল। কাপ্তান জেনকিনচ্ কমিচনৰ আৰু কাপ্তান জেমচ মেথী ডেপুটী কমিচনৰ চাহাব তেওঁৰ পৰম বন্ধু আছিল। মৃত্যুৰ পূৰ্ব্বে তেওঁ কাপ্তান জেমচ মেথী চাহাবক ঘৰ আৰু সন্তানসকলক গতাই দিছিল৷ এওঁ এবাৰ হাতীৰ কাৰবাৰ কৰিছিল আৰু ময়মনসিংহলৈ গৈছিল। নববাবু নামে এজন জমিদাৰে সৈতে তেওঁৰ অনেক বিষয়ে কেইবাদিনো তৰ্ক হৈছিল। এবাৰ ঢাকা নগৰলৈকো তেওঁ নিজ শৰীৰৰ চিকিৎসাৰ কাৰণে গৈছিল।
খাৰঘৰীয়া ফুকনৰ মৃত্যুৰ পাচত এওঁবিলাক অধ্যক্ষশূন্য হল। মেথী চাহাবে বৰ স্নেহ কৰি শিক্ষা আৰু উন্নতিৰ পক্ষে বৰ সাহায্য কৰিছিল। তেওঁবিলাকৰ মোখতাৰ আৰু আন কৰ্ম্মচাৰী- সকলে খাত-পাম ইত্যাদিৰ কাৰবাৰ কৰিছিল। বাৰ্ষিক যি