পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৪১
 


আকৌ নৰিয়া হল; ইয়াত কোনোমতে ভাল নোহোৱাত বায়ু সেৱনৰ নিমিত্তে কলঙ্গেৰে উজাই বিশ্বনাথলৈ গল। তাৰপৰা অলপদিনতে ঘূৰি আহে। এই ১৮৫৮ চনতে আসাম প্ৰদেশত দলীলত ইষ্টাম্প ব্যৱহাৰৰ আজ্ঞা প্ৰচাৰ হল। শম্ভুৰাম বৰুৱাৰ পুত্ৰ পৃথুৰাম বৰুৱাক ফুকনে ইষ্টাম্প বিক্ৰেতা কৰ্ম্মত নিয়োজন কৰে। মৰিকলঙ্গৰপৰা ডৱকালৈ যাবৰ নিমিত্তে তেতিয়া বৰ ভাল বাট নাছিল। এই সময়তে মৰিকলঙ্গৰপৰা পাথৰিলৈ এটি নকৈ আলি হয়, সেই আলিৰ তত্ত্বাবধাৰণ ফুকনেই কৰিছিল। তেওঁৰ উদ্যোগতে ভালমতে আলিটি হল।

 আগষ্ট মাহৰ শেষত এই জ়িলালৈ লেপ্টেনেন্ট স্কন্স নামে এজনা চাহাব প্ৰধান এচিষ্টেণ্ট হৈ আহে। যেইয়ে পায় সেইয়ে কাছাৰীৰ দৰখাস্ত শুদ্ধে অশুদ্ধে লিখাত পক্ষসকলৰ অনিষ্ট ঘটে; ফুকনে এই অনিষ্ট নিবাৰণৰ অৰ্থে স্কন্স চাহাবে সৈতে পৰামৰ্শ কৰি পৰীক্ষা লৈ দুজন দৰখাস্তনবীচ নিযুক্ত কৰে। এজন কীৰ্ত্তিকান্ত বৰুৱা, আৰু এজন কমলাকান্ত ভূঞা। কলিকতাৰ জুনিয়ৰ মেজিষ্ট্ৰাট বাবু কিশোৰীচাঁদ মিত্ৰ কৰ্ম্মৰপৰা অবসৃত হল। ফুকনে সেই পদ পাবলৈ যত্ন কৰিব খুজিছিল কিন্তু আসাম দেশ পৰিত্যাগ কৰিব লাগে দেখি সেই উদ্যোগৰপৰা ক্ষান্ত থাকিল। স্বদেশৰ প্ৰতি ফুকনৰ প্ৰকৃত বৰ অনুৰাগ আছিল। উজনিত বিদ্ৰোহৰ বিচাৰ কৰাত মণিৰাম দেৱান আৰু পিয়লীৰ ফাঁচীৰ হুকুম হল। দুতীৰাম চিৰস্তাদাৰ প্ৰভৃতি কেইজনমানৰ ফাটকৰ আজ্ঞা হল। বিদ্ৰোহৰ যিসকলে অনুসন্ধান কৰিছিল সেইসকলে নগাঁওলৈকে৷ ফুকনৰ ৰাজভক্তি জানিবলৈ গুপ্তভাৱে চৰ পঠাইছিল, কিন্তু অকৃতকাৰ্য হল। “বঙ্গাল হৰকৰা” নামে কলিকতাৰ এখান দৈনিক সংবাদ পত্ৰত ফুকনৰ প্ৰতি লক্ষ্য কৰি এনে এখান প্ৰেৰিত পত্ৰ প্ৰচাৰ হৈছিল যেন ফুকনেও দ্ৰোহৰ কাৰ্য্য কৰিছে অথবা দ্ৰোহী সকলৰ নিমিত্তে দুখিত হৈছে। তেওঁ