পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১০১
 


পথাৰত ‘‘অকলণ্ড গাৰ্ডন” বা “ইডেন পাৰ্ক” নামে এখান বৰ মনোৰম বাগিচা আছে তালৈ সকলো ভদ্ৰলোক গধূলি ফুৰিবলৈ যায়, তাত গধূলি হলে ইংৰাজী বাজনা বাজে। ফুকন সদাই তালৈ গৈছিল। লৰ্ড অকলণ্ড নামে এজনা গবৰ্ণৰ চাহাবৰ দিনত সেই বাগিচা প্ৰস্তুত হৈছিল।

 ‘মেটকাফ হল’ নামে এটা বৰ ঘৰত সাধাৰণৰ এটি পুস্তকালয় আছে। তাত ১৬,০০০ নানাবিধ পুস্তক আছে। ফুকনে প্ৰায় প্ৰতিদিনে সেই পুস্তকালয়লৈ গৈ পুস্তকবিলাক চাইছিল। আৰু তাৰ এটি তালিকা কৰিছিল। মাৰ্চ মাহৰ ৯ তাৰিখে পিটৰ দি গ্ৰেট নামে ৰুচিয়া দেশৰ এজনা ৰজাৰ জীৱন চৰিত্ৰ পঢ়ি তেওঁৰ মহা চিন্তা হল। সেইজনা ৰজাই যেনেৰূপে তেওঁৰ দেশৰ মঙ্গলৰ নিমিত্তে যত্ন কৰি কৃতকাৰ্য্য হল তাক তেওঁ মনত বৰকৈ গুণিলে। সেইদিনাই তেওঁ অসম দেশৰ উন্নতিৰ বিষয়ে আৰু চেষ্টা কৰি- বলৈ প্ৰতিজ্ঞা কৰিলে। কলিকতা অতি প্ৰলোভনৰ স্থল। তাৰ অনেক লোক মহা সুখাভিলাষী। সেইসকলৰ অনেকে সৈতে তেওঁৰ পৰিচয় আৰু সময়ে সময়ে যোৱা অহা আছিল, তথাপি ফুকনৰ মন কোনো দুই প্ৰলোভনৰ দ্বাৰাই আকৃষ্ট নহল। ওদিন কোনো এজন লোকে সৈতে কথা-বাৰ্ত্তা কওঁতে সেই লোকজনে এই বুলি কলে যে মদ খোৱা আৰু পৰস্ত্ৰীগমনত কোনো দোষ নাই, পাপ নাই। আৰু শাস্ত্ৰৰ কথা তেওঁ নামানে। ফুকনে ইয়াকে শুনি বৰ আশ্চৰ্য্য হৈছিল। তাৰ কোনো কোনো লোকে লুকাই মদ খায়। ইয়াকো তেওঁ ঘৃণা কৰিছিল। বিলাতলৈ যোৱা এজন দেশী লোকে আমাৰ দৰে বহি হাতেৰে ভাত খোৱা আৰু তাৰ লগে লগে মদ খোৱা দেখি তেওঁ চমৎকৃত হৈছিল। শিৱসাগৰৰ প্ৰধান এচিষ্টেণ্ট কাপ্তান ব্ৰডি চাহাব বিলাতলৈ যাবলৈ কলিকতালৈ গৈছিল। তেওঁৰ লগত প্ৰিয়লাল আৰু মীনধৰ নামে দুটি অসমীয়া লৰা কলি-