পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৮
আনন্দৰাম ঢেকিয়াল
 


তুমি আহা তেনেহলে আমি দুইও বহি একেলগে আইন শিক্ষা কৰিম” আৰু বিশেষকৈ জেনকিনচ্ চাহাবৰ পৰামৰ্শ লবলৈ কলে গুণাভিৰামে সকলো কথা বিবেচনা কৰি নোযোৱাৰে ঠাৱৰ কৰিলে। দুৰ্গাচন্দ্ৰই বলৰাম ফুকনৰ ঘৰত থাকি স্কুলত পঢ়িবলৈ ধৰিলে৷ গুণাভিৰাম আৰু কম্বুকণ্ঠ ফাগুনত নগাঁওলৈ আহিল।

 ১৮৫৭ চনৰ ৪ ডিচেম্বৰৰ গবৰ্ণমেণ্টৰ আজ্ঞানুসাৰে সেই চনৰ ১৪ অক্টোবৰত আনন্দৰাম ফুকনৰ পাঁচবৎসৰ চাকৰি পূৰ্ণ হোৱাত তেতিয়াৰ নিয়ম অনুসাৰে তেওঁৰ বেতন ২৫০্ টকাৰ ওপৰত আৰু ১০০্ টকা মাসিক বৃদ্ধি হল। ১৮৫৮ চনৰ জানুৱাৰীত ফুকন কলিয়াবৰলৈ গল। তাত কোনো মৌজাৰ সকলে৷ আৱশ্যকীয় কাৰ্য্য কৰি বৰঘোপ নামে ঠাইলৈ গল। বৰঘোপত কলঙ্গ আৰু ব্ৰহ্মপুত্ৰ ইমান ওচৰাওচৰি যে ২০ হাত মাত্ৰ মাটি। এইখিনি কাটি দিলে ব্ৰহ্মপুত্ৰৰ জল কলঙ্গলৈ আহে। ১৮৫৩ চনৰ ১৫ জুলাইত ফুকনে ব্ৰহ্মপুত্ৰ এৰি কলঙ্গ সোমাইছিল। তেতিয়াৰপৰা এইবাৰহে ব্ৰহ্মপুত্ৰ দেখি তেওঁ বৰ আনন্দ পালে। তাৰপৰা আড়িকাটি মুখ চালে। সেইটো কলঙ্গৰ ওপৰ মুখ৷ তাত খৰালি হলে বালি পৰে। তাৰপৰা তেওঁ আহি আন কাৰ্য্য কৰি নগাঁওলৈ আহিল। এই সময়তে লায়েল নামে এক চাহাবে নগাঁওত চাহৰ বাগিচা কৰিবলৈ উদ্যোগ কৰিছিল। নগাঁওত ডাক্তৰ পিঙ্গলট্ নামে এজন চাহাব আছিল। তেওঁ ৰোমান কেথলিক ধৰ্ম্মাবলম্বী। তেওঁ নগাঁওত এটি পকা গিৰজা কৰিছিল। ভেলেউগুৰী মৌজাত শ্যামগুৰী নামে ঠাইত সেই ডাক্তৰ চাহাবে এখান চাহ বাগিছা আৰম্ভ কৰে। ডাক্তৰ চাহাব মৃত্যু হলত চিৰাজগঞ্জৰ বাৰী চাহাবে সেই বাগিচা আৰু ডাক্তৰ চাহাবৰ বঙ্গলা ইত্যাদি ক্ৰয় কৰে। তেওঁবিলাকে মাদাৰতলী নামে এঠাইত আৰু এখন বাগিচা কৰে৷ শ্যামগুৰী বাগিচাত ধৰ্ম্মদত্ত কাৰ্য্যকাৰক নিযুক্ত