ফুকনে কৌতুককৈ কলে বোলে “জুখি জুখি ভাত খাওক।”
তেওঁৰ স্বাস্থ্য বৰ ভাল আছিল। কেতিয়াও সাংঘাতিক পীড়া
হোৱা নাছিল। যি জ্বৰত তেওঁৰ প্ৰাণ বিয়োগ হল তেনে
জ্বৰ কেতিয়াও হোৱা নাছিল। ১৬ বৎসৰ পূৰ্ব্বে কলিকতাত
জ্বৰ হৈ তেওঁৰ নৃতী ওলাইছিল। তেওঁৰ শৰীৰত কোনো লাগি
থকা নৰিয়া বা ব্যাধি নাছিল। কেতিয়াবা পানী লাগিছিল।
তাৰ নিমিত্তে কেতিয়াবা গাত তাপ হয়। এবাৰ পানী লগাত
জুলাপ লোৱাৰ কাৰণে তেওঁৰ কষ্ট বোধ হৈছিল। সেইদিনাই
পানী লাগি থাকোতে ৰেচক ঔষধ নাখাবলৈ প্ৰতিজ্ঞ৷ কৰিলে।
তেওঁ প্ৰতিদিন দুইও বেলা আহাৰান্তে শৌচ কৰিছিল। কোষ্ঠশুদ্ধিৰ
প্ৰতি তেওঁৰ সৰ্ব্বদা দৃষ্টি আছিল। অলপ কোষ্ঠবদ্ধ হোৱা গম
পালেই শিলিখাৰ পাচন খাইছিল। তাত উপকাৰ নহলে ৰেচক
ঔষধ লৈছিল। অলপ পেট বেয়া বা পানী লাগিলেই তেওঁ
অতিশয় ব্যস্ত হৈছিল। আৰু তৎক্ষণাৎ তাৰ প্ৰতিকাৰৰ অৰ্থে
ডাক্তৰৰ পৰামৰ্শ লৈছিল। দেশীয় চিকিৎসাৰ প্ৰতি তেওঁৰ
অবিশ্বাস নাছিল কিন্তু শিক্ষিত চিকিৎসক নথকাৰ নিমিত্তে
অশিক্ষিত চিকিৎসকৰ প্ৰতি বৰ শ্ৰদ্ধা নাছিল। যেতিয়াৰপৰা
কম্বুকণ্ঠ আহি তেওঁৰ লগ ললে তেতিয়াৰপৰা দেশীয় কোনো
কোনো ঔষধ আৰু ক্ৰিয়া ব্যৱহাৰ কৰিছিল। শেষলৈ অকস্মাৎ
কেতিয়াবা আঠুৰ অলপ বিষ হৈছিল৷ সদাই তেওঁ আদখিনি
হাত থকা ফ্লালেনৰ বেনিয়ান বা কূৰ্ত্ত৷ এটা গাত পিন্ধিছিল।
মৃত্যুৰ কিছুদিন পূৰ্ব্বে তেওঁৰ ভৰিৰ আঙ্গুলিত নখচুকা হৈছিল,,
সেইফেৰি নৰিয়াতে তেওঁ ইমান কষ্ট বোধ কৰিছিল আৰু ইমান
ব্যস্ত হৈছিল যে কোনো এজনে “বান্দৰৰ ঘাৰ” উপমা দিয়াত
হাঁহিবৰ কুটি হৈছিল।
তেওঁৰ আহাৰৰ প্ৰতি বৰ মনোযোগ আৰু দৃষ্টি আছিল। পাচে অপাকি হয় এই ভাবি এটি সৰু বাটী জুখি ভাত খাইছিল।