পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৪১
 


 কালক্ৰমে তুলসী আইটীৰ শান্তিয়নী হোৱাত তেওঁৰ স্বামীয়ে গুৱাহাটীলৈ আহি শান্তি কৰাই তেওঁক নগাঁওলৈ লৈ গল। মাতৃ দুজনাৰ শোক আৰু চিন্তা অধিক হল। দুয়োজনা ফুকনৰ ঘৰত বঙ্গালী মোখতাৰ আছিল সেইসকলে খাত খমাৰ ইত্যাদিৰ কাৰ্য্য কৰিছিল। কালক্ৰমে বলৰাম ফুকন আৰু ৰণৰাম বৰুৱাৰ পুত্ৰ গঙ্গাৰাম আৰু গুণাভিৰাম ডাঙ্গৰ হলত স্কুলত পঢ়িবলৈ ধৰিলে। দুয়োজনা ফুকনৰ ঘৰত পৰস্পৰ বিৰোধ উপস্থিত হল। আনন্দপুৰ প্ৰভৃতি চাৰিখান খাতৰ বাবে দুয়োঘৰৰ মাজত গোচৰ লাগিল। পৰিশেষত আনন্দৰাম ফুকন পৰাস্ত হল। ৰণৰাম বৰুৱাৰ স্ত্ৰী-পুত্ৰক যি ভোৰণ-পোষণ দিছিল সেইটি বন্ধ কৰা হলত তেওঁবিলাকেও দুয়োঘৰৰ বিপক্ষে ভাগ অংশৰ বাবে ৭৯০০০ টকাৰ বাবে আদালতত গোচৰ কৰিলে। সেই গোচৰ এবাৰ ননশূট হলত পাছে আকৌ উপস্থিত কৰা হল। বলৰাম ফুকনক তেওঁৰ মাতামহ কুশচন্দ্ৰ গোস্বামীয়ে আৰু গঙ্গাৰাম বৰুৱাক তেওঁৰ ভগিনীপতি মাধৱৰাম বৰুৱাই উপনয়ন দিলে। ফুকনৰ মাতৃজনাই মেথী চাহাব আৰু জেনকিনচ্ চাহাবলৈ ফুক- নক আনিবৰ বাবে জনাই পঠালে আৰু তেওঁলৈকো টানি চিঠি লেখিলে। হিন্দু কলেজৰ তিনি ভাগ। জুনিয়ৰ, চিনিয়ৰ আৰু কলেজ | প্ৰথমে জুনিয়ৰ বিভাগত ছাত্ৰ প্ৰবেশ কৰে। কিছু ভাল হলে চিনিয়ৰ বিভাগলৈ যায়। তাত “জুনিয়ৰ স্কলাৰচিপ” বৃত্তিৰ পৰীক্ষা দিয়াৰ পাচত কলেজ বিভাগলৈ যায় আৰু তাত চিনিয়ৰ বৃত্তিৰ পৰীক্ষা দিয়ে। ফুকনে ১৮৪৪ চনৰ আদিতে চিনিয়ৰ বিভাগৰ তৃতীয় শ্ৰেণীলৈ গল। তাত ৰামচন্দ্ৰ মিত্ৰ নামে এজনা শিক্ষক আছিল, তেও ফুকনক বৰ স্নেহ কৰি পঢ়াইছিল। ঈশ্বৰচন্দ্ৰ শাহা, গোপীকৃষ্ণ মিত্ৰ, জয়গোপাল সেঠ, মেং ইষ্টজন, মেং জোনচ, কাপ্তান ৰিচাৰ্ডচন প্ৰভৃতি হিন্দু কলেজৰ শিক্ষকসকলেও ফুকনক স্নেহ কৰিছিল। আৰু তেওঁৰ সচ্চৰিত্ৰ আৰু উন্নতিত সন্তোষ পাইছিল।