নগাঁৱৰ মুনচেফ মধুৰাম খাওঁন্দৰ গোপালী নামে এটী কন্যা
পাত্ৰী স্থিৰ হল। সেই বিবাহৰ সম্পৰ্ণ অধ্যক্ষতা আনন্দৰাম
ফুকনৰ ওপৰত আছিল। ৰঙ্গপুৰ প্ৰভৃতি ভাটীৰ ঠাইৰপৰা
অনেক উত্তম উত্তম বস্তু অনোৱা হল। অতি উত্তম পোছাক
প্ৰস্তুত কৰা হল। ৰঙ্গপুৰৰপৰা বাইওৱালী জগঝম্প আৰু
গোৱালপাৰাৰ পৰা নহবতখানা আৰু বঙ্গালী ঢোল আৰু ঢাক
অনোৱা হল। আমাৰ দেশৰো ঢুলীয়া, গায়ন, বায়ন, ওজা-পালী
হাজোৱলীয়া প্ৰভৃতি বাজনা অনা হল। দেশৰ সকলো লোকক
নিমন্ত্ৰণ কৰা হল। আৰু নিমন্ত্ৰিতসকলক অভ্যৰ্থনাৰ সকলো আয়োজন
হল। ষোল দিন পৰ্য্যন্ত বিবাহৰ মজলিচ্ ধুমধাম থাকে।
অনেক খাৰ বাজি হৈছিল। প্ৰায় গুৱাহাটীৰ ভৰলুমুখৰেপৰা
ফাচী বজাৰলৈ “বান্ধ৷ ৰোসনাই” হৈছিল। দেশীয় বিদেশীয়
সকলোকে যথেচিতৰূপে ভোজন কৰোৱা হৈছিল। অধিক কি
দুদিন গৱৰ্ণমেণ্টৰ কাছাৰী বন্ধ হৈছিল৷ মিত্ৰ কুটুম্বাদি অনেক
গৈছিল৷ ফাল্গুণৰ প্ৰথম তাৰিখ বুধবাৰে বিবাহ হয়। চৌদোলত
উঠি দৰা ফুৰিবলৈ গৈছিল। ফুৰি আহি দৰাও ঘৰ পালে
ধূমূহা বতাহ আৰু বৰষুণ হল। এই বৃহৎ আয়োজন আৰু
আমোদ একেবাৰে হ্ৰাস হল। এক প্ৰকাৰে বিবাহ কাৰ্য্য
সমাধা হল। এইৰূপ সমাৰোহ আৰু আড়ম্বৰৰ বিবাহ আমাৰ
দেশত আগেয়ে হোৱা নাই বুলি সকলোৱে কয়। আনন্দৰাম
ফুকনৰ অধ্যক্ষতাত আৰু ঘৰৰ কাৰ্য্যকাৰক আৰু গোমস্তাসকলৰ
যত্নত এই কাৰ্য্য সুচাৰুৰূপে নিৰ্ব্বাহ আৰু সম্পাদিত হল।
কিন্তু শোকৰ বিষয় এই যে সেই কন্যা ইয়াৰ কিছুদিন মানৰ
পাচতে মৃত্যু হল।
আনন্দৰাম ফুকন প্ৰকৃততে গৃহী হল। তেওঁৰ পূৰ্ব্বৰ সম্পত্তিৰ অনেক হ্ৰাস পালে। এতিয়া কিৰূপে সম্ভ্ৰমেৰে থাকে তাৰ উপায় তেওঁৰ কৰিব লগীয়া হল। তেওঁ স্থিৰ কৰিলে যে আইনৰ