পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১২০
আনন্দৰাম ঢেকিয়াল
 


নাপাই মানে গাঁও নাই। কোনো ঠাইত একে খান পাম। জাগী পালেই কলঙ্গে গলে মাছখোৱালৈকে কোনো কোনো ঠাইত গাঁও পায়। ফুকুন কিলিঙ্গে উজাই আহিল ৷ তাৰো দুই দাঁতিত গাঁও নাই, কেৱল ধৰমতুল গ্ৰাম আছে তাৰ পাছে আহতগুৰী পায়। ছাপৰমুখৰ হাটৰ ওচৰেৰে আহি ৰহা পালে। বহাৰপৰা কলঙ্গ পায়। তাৰ দুইও পাৰে লালি গাঁও। এইবিলাক গ্ৰাম আৰু গ্ৰাম্য শোভা চাই ফুকনে ১৯ জুলাইত নগাঁওঁ পালে! কাপ্তান বটলৰ চাহাব তেতিয়া নগাঁও জিলাৰ প্ৰধান এচিষ্টেণ্ট কমিচনৰ৷ তেওঁক সাক্ষাৎ কৰি ফুকনে তেওঁক কৰ্ম্মৰ চাৰ্য্য ললে। নগাঁও তেওঁৰ পূৰ্ব্বে পৰিচিত ঠাই, ইয়াক পাই ফুকন সন্তোষী হল। ষ্ট্ৰং চাহাবৰ বঙ্গলাত ফুকন থাকিল৷ তেওঁৰ লগত তেতিয়া বহু মানুহ নাছিল৷ প্ৰথমতে ফুকনে তেওঁৰ পৰিবাৰ থাকিবলৈ ঘৰবাৰী প্ৰস্তত কৰোতেই ব্যস্ত হল। চাহাবৰ যিবিলাক ঘৰ আছিল সেইবিলাকত ঘোঁৰা থকা আৰু আন বাহিৰা ঘৰহে কৰিব পৰা গল। বঙ্গলা ঘৰটোত বহামেলা বৈঠকখানা আৰু কাপোৰ ইত্যাদি থোৱা আৰু শোৱা হব পাৰে মাত্ৰ। ৰন্ধ৷ খোৱা আৰু পূজা ইত্যাদি হব নোৱাৰে। বিশেষ লগৰ বেটী বন্দী আৰু আন মানুহ থাকিবলৈ ঘৰ লাগে। চাৰিও ফালৰ টাটী-বেৰা, ঢেকীশাল, গোহালি ইত্যাদি লগা হল। এইবিলাক ঘৰ কৰোৱা হল। গুৱাহাটীৰপৰা পৰিবাৰ নৌকা যাত্ৰা কৰিলে। সেই নৌকাবিলাক কলঙ্গ সোমাই সোনাই নদীৰে আহিব খুজিছিল, পাছে সেই নদীৰ পানী শুকাব লগীয়া হোৱাত আৰু সেই নদীৰে বা কলঙ্গে আহিলে মহৰপৰা অনেক অসুবিধা পোৱা হব ভাবি সেই নাওত লম্বোদৰ নামে এজন কলীয়াবৰীয়া লোকৰ পৰামৰ্শ অনুসাৰে আকৌ ব্ৰহ্মপুত্ৰেৰে নাও উজাই আহিল। নাও লাওখোৱাত চাপিল। ফুকন এই সংবাদ পাই বৰ দুখিত হল। লাওখোৱা তেজপুৰৰ ইপাৰে। তাৰপৰা