পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪৬
আনন্দৰাম ঢেকিয়াল
 


যাবলৈ দুলীয়া নাই। জমিদাৰৰ ঘৰতো দুলীয়া নাছিল সেই পৰ্ব্বতত মেছ মানুহ আছিল। তাৰে কেইজনমান কালী- কৃষ্ণ ৰায়ে বিচাৰি আনিলে। ফুকনৰ লগত অহা পাল্কীখন কিছু ডাঙ্গৰ। অশিক্ষিত মানুহে তাক নিব নোৱাৰিব এই আশঙ্কা কৰি থাকোতেই বৰুৱাৰ ভগিনীপতি গোপীনাথ আৰু তেওঁৰ পিতৃ সদানন্দ আহি ফুকনৰ সৈতে সাক্ষাৎ কৰিলে। ব্ৰহ্মচাৰী আৰু পৰশুৰাম বৰুৱাৰ দিনত সদানন্দ হাদীৰা চকীত কাকতী আছিল। তেওৰ মুখে ফুকনে অনেক পুৰণি কথা শুনিলে। ভাটী বেলিকা জমিদাৰ আশাশশোঁটা আৰু অনেক মানুহ লৈ ভিতৰৰপৰা আহিল। উভয়ে উভয়ক সম্ভ্ৰম কৰি বহিল। পাচে কিছুমান পৰ আলাপ কৰি ফুকন নাওলৈ গুচি আহিল। ৰঙ্গামাটীৰপৰা উজাই গৈ তিনিদিনৰ মূৰত গোৱাল- পাৰা পোৱা হল। তাতে ফুকনক সাক্ষাৎ কৰিবলৈ মাধবচন্দ্ৰ ঘোষ, মাধবচন্দ্ৰ পেচ্ কাৰ প্ৰভৃতি লোক আহিল; তাতে এক ৰাত্ৰি থাকি পাচদিনা উজাই নাও মেলি দিলে। য’তে য’তে ডাক ঘৰ পাইছিল, তাৰেপৰা ফুকনে ঘৰলৈ আৰু কলিকতাৰ কোনো বন্ধুলৈ চিঠি লিখিছিল।

 ফুকন উজাই অহা বাৰ্ত্তা পাই তেওঁৰ মাতৃৰ বৰ আনন্দ হ'ল। ঘৰত নামবৰভাগ পৰগণাৰ তনুৰাম কাকতী কাৰ্য্য চলোৱা মানুহ আছিল। গৌৰকিশোৰ পোদ্দাৰ নামে গোলাৰ গোমাস্তা আৰু মোখ্তাৰ আছিল। এওবিলাকে খাতৰপৰা মানুহ আনি ঘৰ-বাৰী সকলো পৰিষ্কাৰ কৰালে। ঘাইজনা ঢেকিয়াল ফুকনে পূজা কৰাৰ যি এটি চণ্ডীমণ্ডপ আছিল তাত আৰু তাৰ ওচৰৰ ঘৰত সৰ্থেবাৰীৰ কলামণি, শ্ৰীহৰি, প্ৰভৃতি কহাঁৰ আছিল। চণ্ডীমণ্ডপৰপৰা কহাঁৰবিলাকক আন ঘৰলৈ পঠাই সেইটোকে ফুকনৰ বহা বৈঠকখানা কৰিবলৈ নিশ্চয় কৰি তাকে পৰিষ্কাৰ কৰা হল। ভিতৰত এটা চৌৱাৰী ঘৰ আছিল তাকো পৰিষ্কাৰ কৰা হল। ৰামচন্দ্ৰ বিশ্বাস আগেয়ে