পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১০৭
 


কমিচনৰ চাহাবৰ এখেলৈ আহিছে সেই বিষয়ে যথাসাধ্য জনালে। কৃষ্ণকিঙ্কৰ গোঁসাইৰ জীয়েকক বলৰাম ফুকনে জৈষ্ঠ মাহত বিবাহ কৰালে। আনন্দৰাম ফুকন সেই বিবাহলৈ বামুন্দীলৈ গৈছিল। এই বিবাহ তেনে আড়ম্বৰেৰে নহল।

 ফুকনে সদৰৰ নিষ্পত্তি তৰজমা কৰিবলৈ যি যত্ন কৰিছিল তাক নেৰিলে। এখেৰপৰা তৰজমা কৰি পঠায়। নবীন বাবুৱে কলিকতাত ছপাই গ্ৰাহকসকললৈ পঠায়। আনৰ ছাপাখানাত কিতাপ ছপাত ব্যয় অধিক হয় সেইদেখি নিজৰ ধনেৰে এটি ছপা যন্ত্ৰ কিনা হল। সেইটি কলিকতাতে পতা হল। তাৰ নাম “কলিকতা নিউ প্ৰেছ”। ১৮৫২ চনত সেই প্ৰেছ গুণাভিৰামৰ নামে অধ্যক্ষ বুলি কলিকতাৰ পুলিচত ৰেজেষ্টাৰী হল। কিয়নো ফুকনে তেওঁৰ নাম দিবলৈ ইচ্ছা নকৰিলে আৰু নবীন বাবু চৰকাৰী কৰ্ম্মত থকাত তেওঁৰ নাম দিবলৈ ইচ্ছা নকৰিলে আৰু নবীন বাবু চৰকাৰী কৰ্ম্মত থকাত তেওঁৰ নামো দিয়া সঙ্গত নহল। সদৰ নিষ্পতিত ফুকনে তেওঁৰ নাম অনুবাদক বুলি প্ৰকাশ নকৰিছিল৷ নবীন বাবুৰ নামেই প্ৰকাশিত আছিল। বিজনীৰ বিষয়ে একো মীমাংসা নহল। আগষ্ট মাহত গোৱালপাৰাৰ কালেক্টৰ এগ্নিউ চাহাব হাবড়াঘাট পৰগণালৈ গল। ফুকন তেওঁৰ লগত ৰজাৰ পক্ষে গল। দলগোমা নামে হাবড়াঘাটৰ এঠাইত বিজনী ৰজাৰ কাছাৰী আছে। এগ্লিউ চাহাবে পাৰিলে আকৌ বিৰোধ মীমাংসাৰ চেষ্টা কৰিব খুজিছিল। চাহাবৰ হলে সম্পূৰ্ণ মত প্ৰজাবিলাকৰ ফালে। ৰজাৰ দ্বাৰাই যে প্ৰজাবিলাক উৎপীড়িত এইটে৷ চাহাবৰ বিশ্বাস। দলগোমালৈ যোৱাৰ পূৰ্ব্বে গুৱাহাটীৰপৰা পৰশুৰাম বৰুৱাৰ ৭ আগষ্টৰ তাৰিখৰ চিঠিৰে জানিব পাৰিলে যে তেওঁৰ কন্যা ৰাসেশ্বেৰীৰ মৃত্যু হল। তেওঁ এই বাৰ্ত্ত৷ পাই অতিশয় দুখিত হল। আৰু মৃত্যু অতি নিকট এইটো ভাবি ঈশ্বৰক চিন্তিবলৈ দৃঢ় প্ৰতিজ্ঞা কৰিলে। হাবড়া-