পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৯৮
আনন্দৰাম ঢেকিয়াল
 


দেখি ফুকনে বৰ সন্তোষ পালে।

 কালিকতাত “ফোৰ্ট উলিয়ম” নামে এটা কিল্লা আছে তাত ইংৰাজ আৰু দেশী সৈন্য থাকে। তালৈ যাওঁতে মাটিৰ তললৈ যোৱা বোধ হয়। গঙ্গাৰ পানী খালেৰে তাৰ ভিতৰলৈ অনা হৈছে। সেই খালৰ ওচৰত আকৌ দলং আছে। কিল্লাত গুলি, বাৰুদ, বন্দুক, আৰু আন অনেক অস্ত্ৰ আছে। তাৰ ভিতৰতে দোকান আছে। বৰ বৰ গুলিবিলাক বাহিৰতে দলৰ দৰে থৈছে। চিপাহীবিলাকৰ নিমিত্তে দীঘলীয়া পকা ঘৰ আছে। সেই কিল্লাৰ ছখান দুৱাৰ। তাৰ ভিতৰলৈ গাড়ী ঘোঁৰা সকলো যায়। তাৰ ভিতৰতে এটা গিৰজাঘৰ আছে। পল্টনীয়াসকলৰ পোছাক সেই কিল্লাৰ ভিতৰত থয়। গোবিন্দ চন্দ্ৰ সেন নামে ফুকনৰ এজন বন্ধু তাৰ প্ৰধান কাৰ্য্যকাৰক। তেওঁৰ সাহায্যত সকলো ভালকৈ দেখিলে। প্ৰায় ১৩০ বছৰ হৈছে, এই কিল্লা দুশ লক্ষ টকা ভগন কৰি ক্লাইব নামে এজনা চাহাবে নিৰ্ম্মাণ কৰে।

 এচিয়াটিক মিউজিয়ম নামে এটা ঘৰ আছে। তাত ৰূপ সোণৰ মাটি, নানাবিধ চৰাই, পশু, সিংহ, বাঘ আৰু অনেক প্ৰাচীন আৰু আধুনিক বস্তু থৈ দিছে। তাত অনেক প্ৰাচীন আৰু আধুনিক গ্ৰন্থও আছে। ফুকনে সেই ঘৰ চাবলৈ গৈছিল। ৰাজেন্দ্ৰলাল মিত্ৰ নামে এজন সুযোগ্য বঙ্গালী বিদ্বান বাবু পুস্তক ৰক্ষক। তেওঁ ফুকনে সৈতে অনেক কথাবাৰ্ত্তা কৈছিল৷ এই মিউজিয়ম চাবলৈ অনেক লোক দিনৌ দিনৌ যায়। প্ৰতি দিনৰ দৰ্শকসকলৰ সংখ্যা লোৱা হয়। ইয়াক যাদুঘৰো বোলে, এদিন ৰামচন্দ্ৰবাবুৱে সৈতে ফুকন শ্ৰীৰামপুৰলৈ নৌকা যোগে গৈছিল। তেওঁৰ লগত গুণাভিৰাম আৰু অসমীয়া৷ আন কোনো কোনো লোক গৈছিল। তাত ছাপাখানা আৰু কাগজৰ কল ফুকনে চালে। মানৰ দিনৰ পূৰ্ব্বেই কলিয়াবৰৰ আত্মাৰাম নামে এজন অসমীয়া ব্ৰাহ্মণ গৈ শ্ৰীৰামপুৰত বাস কৰি আছে। তেওঁ তাতে