পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৭৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৭৩
 

সংসাৰত বিশৃঙ্খল হল। আনন্দৰাম ফুকনৰ উন্নত বুদ্ধি, নিৰ্ম্মল চৰিত্ৰ আৰু সাধু আৰু সাধাৰণৰ হিতকৰ কাৰ্য্যৰ নিমিত্তে সকলোৱে তেওঁক প্ৰীতি আৰু ভক্তি কৰিছিল; আৰু এতিয়াও তেওঁৰ নাম জনসমাজত আদৰণীয় আৰু তেওঁৰ চৰিত্ৰ আৰু কাৰ্য্য অনুকৰণীয় হৈ আছে। ঈশ্বৰৰ ইচ্ছানুসাৰে তেওঁ এই অনিত্য সংসাৰ পৰিত্যাগ কৰি অমৃত আৰু নিত্য-ধামলৈ গমন কৰিলেও নিজৰ কীৰ্ত্তিৰ নিমিত্তে এই সংসাৰতো তেওঁ জীৱিত থাকিব।