পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৮২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৭৬
আনন্দৰাম ঢেকিয়াল
 


প্ৰথম পত্নীৰ প্ৰথম পুত্ৰ জীৱনৰাম জন্মে। তেওঁৰ পত্নীৰ এইকেইটি সন্তান——জীবনৰাম, নবীনৰাম, বিপিনৰাম, তৰুণৰাম, মনমোহিনী, যজ্ঞসেনী আৰু গিৰিজায়া। দ্বিতীয় পত্নীৰ এটিমাত্ৰ কন্যা পদ্মৰেখা। মনমোহিনীৰ দুৰ্গাচন্দ্ৰেৰে সৈতে বিবাহ হয় আৰু তেওঁবিলাকৰ অভয় নামে এটি পুত্ৰ আছে। যজ্ঞসেনীক, ৰমানাথ কটকীয়ে বিবাহ কৰে। তেওঁ বিলাকৰ এটি কন্যা হৈছে। জীবনৰাম আৰু নবীনৰামে কম্বুকণ্ঠৰ জ্যেষ্ঠা আৰু কনিষ্ঠা কন্যা বিবাহ কৰে। বলৰাম ফুকনৰ প্ৰথম পুত্ৰ তিনিটিয়ে ইস্কুলত পঢ়ে৷ পদ্মৰেখাক কামেশ্বৰ বৰুৱাৰ এজন পুত্ৰই বিবাহ কৰাইছে। বলৰাম ফুকনে ঘাত পাম চলাই আৰু হাতীৰ আৰু আন কাৰবাৰ কৰি স্বাধীনৰূপে আছে।

 শম্ভুৰাম বৰুৱাৰ পুত্ৰ পৃথুৰাম বৰুৱাৰ কালীৰাম, কাশীৰাম, আৰু ৰঘুৰাম নামে পুত্ৰ আছে। জেষ্ঠ কালীৰামৰ কামৰূপৰ শিক্ষা বিভাগত আৰু মধ্যম কাশীৰামৰ ৰাজস্ব বিভাগত কৰ্ম্ম আছে। সীতাৰাম বৰুৱাৰ কন্যা নৰেশ্বৰীৰ বিধৱা পৌত্ৰী আছে আৰু অভিৰাম বৰুৱাৰ দৌহিত্ৰ সন্তান গোৱালপাৰা জিলাত আছে।

 গুণাভিৰাম ধুবুৰীৰপৰা গুৱালপাৰালৈ, ১৮৬৯ চনৰ এপ্ৰেলত বদলি হৈ আছে। আনন্দৰাম ফুকনৰ বন্ধু পৰশুৰাম বৰুৱাই লম্বোদৰ কটকীৰ মধ্যমা কন্যা বিষ্ণুপ্ৰিয়াক ১৮৫৩ চনত বিবাহ কৰে। ১৮৬৩ চনত কালীপ্ৰিয়া আৰু দময়ন্তী নামে দুটি কন্যা থৈ পৰশুৰামৰ মৃত্যু হয়। এই দেশত বিধবা বিবাহ অপ্ৰচলনৰ পৰা যি অনিষ্ট ঘটিছে এইটি তেওঁ পাঠ্যাৱস্থাৰপৰা ভালকৈ জানি গুণাভিৰামৰ বিধবা বিবাহৰ প্ৰতি মন আছিল। যেতিয়া তেওঁ কলিকতাত থাকে তেতিয়াই তেওঁৰ মন ব্ৰাহ্মধৰ্ম্মৰ প্ৰতি ভালকৈ গৈছিল, প্ৰকাশ্যে তাক গ্ৰহণ কৰা নাছিল। ১৮৬৯ চনৰ ধূবুৰীত তেওঁ সেই ধৰ্ম্ম প্ৰকাশ্যে ললে। ১৮৭০ চনৰ