পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৮৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৭৭
 


বংশৰ পৰিচয়, শিক্ষা উন্নতি স্বভাব চৰিত্ৰৰ বিষয়েও সন্তোষজনকৰূপে সেই চিঠিত লিখিলে। এই চিঠিৰ অভিপ্ৰায় শীঘ্ৰ সফল নহল। ১৭৭১ শকৰ ভাদ্ৰৰ ৯ তাৰিখে আনন্দৰাম ফুকনৰ পত্নীৰ এটী কন্যা জন্ম হয়। সংসাৰত এনে দেখা যায় যে পুত্ৰ হলে লোকৰ সন্তোষ হয়, কিন্তু কাৰো কাৰো মতে প্ৰথম সন্তান কন্যা হোৱাই মঙ্গলৰ চিহ্ণ। সেইটো যেই বা নহওক ফুকন কন্যা হোৱাত একনো অসুখী নহল। ঈশ্বৰে অনুগ্ৰহকৈ তেওঁক যি দিলে তাতেই তেওঁৰ সন্তোষ। এই সময়ত ফুকনৰ বয়স ১৯ বছৰ ১১ মাহ ২ দিন আৰু ফুকননীৰ বয়স ১৬ ষোল বছৰ। এই কন্যাটিৰ নাম ৰাসেশ্বৰী। পশুপতি ফুকন আৰু তেওঁৰ পত্নীৰ মৰণৰ সংবাদ যোৰহাটত তেওঁবিলাকৰ ঘৰত পাই বলৰাম ডেকা ফুকন আহি দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰীক উজনীলৈ লৈ গল। বস্তু আৰু লাখৰাজ খাতৰ ভাৰ ফুকনৰ গাতে থাকিল। ফুকননীৰ ইচ্ছ৷ আছিল ব্ৰজসুন্দৰীৰ গুণাভিৰামে সৈতে বিবাহ হয় কিন্তু ছোৱালী সৰু লৰা পাঠাৱস্থাত থকাত তেতিয়া সেই সম্বন্ধ নঘটিল।

 আজি প্ৰায় চাৰিশ বছৰ হৈছে কোঁচবিহাৰত বিশ্বসিংহ নামে এজনা ৰজা হয়। এওঁ শিৱৰ সন্তান বুলি প্ৰাসিদ্ধ৷ এওঁৰ নৰনাৰায়ণ নামে এক পুত্ৰ কোঁচবিহাৰ আৰু কামৰূপৰ ৰজা আছিল। এই নৰনাৰায়ণ ৰজাই নীলাচল মন্দিৰ নিৰ্ম্মাণ কৰে। এই ৰজাৰ বংশৰ এজনাই গোৱালপাৰাৰ উত্তৰে বিজনীত ৰাজত্ব কৰে৷ বিজনী ৰজা নিজ বিজনীত এক প্ৰকাৰ স্বাধীন আছিল। হাবৰাঘাট ও খুটাঘাট নামে দুখান পৰগণা আছে; সেই দুখান পৰগণা মুচলমান নবাবসকলৰ অধীন আছিল। পাচে ব্ৰিটিচ গবৰ্নমেণ্টে নবাবৰপৰা ১৭৬৫ ইংৰাজী চনত বঙ্গ, বেহাৰ, উড়িষ্যা, প্ৰাপ্ত হোৱাত সেই দুই পৰগণা সম্পৰ্কে বিজনীৰ ৰজা গৱৰ্ণমেণ্টৰ অধীন জমীদাৰ হল। আমি