পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১২১
 


নগাঁও ১৬ মাইল। হাবি বাট। তাৰপৰা অনেক কষ্টে পৰিবাৰ- বিলাক আৰু বস্তুবিলাক অনা হল।

 সেই চনৰ অক্টোবৰ মাহত বটলৰ চাহাব ডেপুটী কমিচনৰৰ একটীনী কৰিবলৈ গুৱাহাটীলৈ গলত হড্চন চাহাব প্ৰধান এচিষ্টেণ্টৰ একটীন হল। ফুকনে নিয়মিতৰূপে চৰকাৰী কৰ্ম্ম কৰিবলৈ ধৰিলে। পুৱা গধূলি সদাই আইন তৰজমা কৰে।

 এই দেশৰ কাছাৰীৰ চিৰস্তাবিলাকত বঙ্গলা স্কুলৰ পঢ়া ভাল ছাত্ৰ সকল “শিক্ষানবীশ” বা এপ্ৰেন্টিচ নিযুক্ত হৈছিল। সেইসকলে মাহিলি গবৰ্ণমেণ্টৰপৰা বেতন পাইছিল। সেইসকলৰ মাজত ৰুদ্ৰৰাম নামে এজনৰ হস্তাক্ষৰ ভাল থকাত তেওঁৰ হুতুৱাই সেই তৰজমা কৰা আইন নকল কৰালে। সেই নকল কৰা কাকত কলিকতালৈ নবীন বাবুৰ তলৈ পঠোৱা হৈছিল। আৰু নিউপ্ৰেছ নামে মুদ্ৰাযন্ত্ৰত মুদ্ৰিত হবলৈ ধৰিলে৷

 পূৰ্ব্বে কমিচনৰ আৰু ডেপুটী কমিচনৰ চাহাবসকলে শীতকালত আসামদেশৰ সকলো জিলালৈ গৈ তাৰ কাৰ্য্য আৰু চিৰস্তা আৰু নগৰ চাইছিল। এইবাৰ ডিচেম্বৰ মাহত জেনকিনচ্ কমিচনৰ চাহাব নগাঁওলৈ আহিল। এইজনা চাহাব কোনো দেশীয় লোকৰ ঘৰলৈ কেতিয়াও যোৱা নাছিল। ফুকনউৰুৰ ঘৰলৈকো গুৱাহাটীত বিবাহ ইত্যাদিত যোৱা নাছিল। এইবাৰ ফুকনৰ ঘৰলৈ আহি ফুকনক সাক্ষাৎ কৰিলে৷ এই সন্মানত তেওঁ বৰ সমাদৃত হল।

 ফুকনৰ গুৰু পৰ্ব্বতীয়া কালিদাস ভট্টাচাৰ্য্য গোস্বামী পৌষ মাহত নগাঁওলৈ আহিল। ফুকনে তেওঁক ঘাটতে থাকিবলৈ বাহৰ কৰাই দিয়ালে। প্ৰায় প্ৰতিদিন গোঁসাইৰ তালৈ গৈ তেওঁৰ ইণ্টদেৱতাৰ পূজাৰ বিধি শিক্ষা কৰিছিল। আৰু পৌষ সংক্ৰান্তি মাঘৰ বিহুৰ দিনা তেওঁৰ পত্নীয়ে এইজনা পৰ্ব্বতীয়া গোঁসাইৰ তত মন্ত্ৰ গ্ৰহণ কৰিলে৷ তাৰ কিছুদিনৰ পাছত গোঁসাই গুৱাহাটীলৈ গল।