পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

দ্বিতীয় অধ্যায়

 আনন্দৰাম ফুকন কলিকতাৰপৰা ঘৰলৈ অহাত তেওঁৰ বয়স ষোল বছৰ। কলিকতাতেই তেওঁৰ দাঢ়ি গজাত খুৰাবলৈ আৰম্ভ কৰে। গোঁফ কিছুমান গজিছিল। তেওঁৰ মুখশ্ৰীত যৌৱন কালৰ শ্ৰী প্ৰস্ফুটিত হবলৈ ধৰিলে। তেওঁ তেতিয়া পাঁচ ফুট ৩ ইঞ্চিমান ওখ আছিল। তেওঁ বৰ হৃষ্ট পুষ্ট আৰু স্থুল ন্তৰ নহলেও কৃশ নাছিল। তেওঁ এঘৰৰ একমাত্ৰ পুত্ৰ, সেই দেখি তেওঁৰ মাতৃ, পিতামহী আৰু আনসকল তেওঁৰ বিবাহৰ নিমিত্তে চিন্তিত হল। অধিক কি, তেওঁ যেতিয়া কলিকতাত আছিল তেতিয়াৰেপৰা এক প্ৰকাৰ পাত্ৰীৰ বিষয় অনুসন্ধান কৰা হৈছিল৷ তেওঁৰ উপযুক্ত পাত্ৰীৰ নিমিত্তে সকলোৱে অনু- সন্ধান কৰিবলৈ ধৰিলে। গুৱাহাটীত আৰু আন আন ঠাইত অনুসন্ধান কৰা হল। কোনো ঠাইত মনোমত কন্যা পোৱা নহল। বাল্যবিবাহ ফুকনে ভাল নাপালেও তেওঁৰ এনেভাব যেন অনুমান হয় যে বিবাহ নকৰাই কুপথগামী হোৱা অপেক্ষা তেওঁৰ সমান বয়সত বিবাহ কৰাই শ্ৰেয়ঃ। বিবেচনাৰ দ্বাৰাই স্বাস্থ্যৰ প্ৰতি দৃষ্টি কৰিব পাৰিলে এই বিবাহ এক প্ৰকাৰ ভেঁটাৰ দৰে হয়। তেওঁ যে সেইৰূপ আচৰণ কৰিব পাৰিব এনে আশা কৰিছিল। বস্তুতঃ তেওঁৰ চৰিত্ৰৰ দ্বাৰাই এনে আশা হৈছিল যে তেওঁ বিবাহৰ কুব্যৱহাৰ নকৰিব, এই কাৰ- ণেই তেওঁৰ ইংৰাজ বন্ধুসকলে তেওঁক বিবাহ কৰিবলৈ পৰামৰ্শ দিলে আৰু তেওঁ সেই বিষয়ে সম্মত হল।