যিহকে ভাল পায় তাকে কৰা কৰ্ত্তব্য। তেওঁৰ লোক সমাজত
ওলাবলৈ বৰ ইচ্ছা নাই। তেওঁৰ “অসমীয়া লৰাৰ মিত্ৰ”
“অসমীয়া ভাষা বিষয়ক গ্ৰন্থ" আৰু “সদৰ আদালতৰ নিষ্পত্তি”
প্ৰচাৰ কৰি নিজৰ নাম নিদিলে। আইন ও ব্যৱস্থা সংগ্ৰহ
কৰি গ্ৰন্থ প্ৰচাৰ কৰোতেও তেওঁৰ নাম প্ৰকাশ কৰিবৰ
ইচ্ছা নাছিল, তাৰ ভূমিকাত কেৱল নামৰ আদ্যাক্ষৰ মাত্ৰ দিলে।
অনেকৰ অনুৰোধতহে প্ৰথমে পত্ৰত নাম দিলে। তেওঁৰ এই
মত আছিল যে মানুহে নজনাকৈ মানুহৰ উপকাৰ কৰা ভাল।
‘তোমাৰ সোঁ হাতৰ কাৰ্য্য বাওঁ হাতে নাজানোক’ এই যে খ্ৰীষ্টৰ
উপদেশ তেওঁ ইয়াক বৰকৈ মানিছিল। আৰু কৈছিল বোলে
কাৰ্য্যৰ লগে লগে ফল, এতেকে তালৈ বিশেষ প্ৰত্যাশা কৰা
বৃথা। পাচে তেওঁক কোনো লোকে অসভ্য বোলে এই কাৰণে
তেওঁ বৰ ব্যস্ত আছিল। কোনো লোকে সৈতে কথা বাৰ্ত্তা
কওঁতে আৰু সাক্ষাৎ কৰোতে তেওঁ তাৰ পূৰ্ব্বে বৰ ব্যস্ত সমস্ত
হৈছিল। মানুহে সৈতে আলাপ কৰিব তেওঁ ভালকৈ জানিছিল।
যি লোক যি ব্যৱসায় বা চক্ৰত থাকে তাৰে সৈতে সেই
ব্যৱসায় সম্পৰ্কে কথা কৈছিল। যাক যেতিয়া যি কয় তাক
সৰলৰূপে কথা কৈছিল। কোনো লোকে তেওঁত কোনো বিষয়
পৰামৰ্শ সুধিলে যথাযোগ্য পৰামৰ্শ দিছিল। কিন্তু সেইটো যে
তেওঁ কৰিব লাগে এনে নকৈছিল। পৰামৰ্শ লৈও যদি কোনেও
তাক গ্ৰাহ্য নকৰে তাত তেওঁ বিৰক্ত নহৈছিল। তেওঁ আপোনাৰ
মত প্ৰতিপোষণ কৰিবলৈ কেতিয়াও কোনো তৰ্ক নকৰিছিল।
আৰু আনে কৰিলেও তাক ভাল নাপাইছিল। তেওঁৰ বুদ্ধি অতি
তীক্ষ্ণ আৰু ভাল পৰামৰ্শ দিব পৰা আছিল, কোনো কাকত
উত্তমৰূপে তেওঁ যে সজাই লেখিব পাৰে এইটো সৰ্ব্বত্ৰে
প্ৰচাৰিত হৈছিল। কোচবিহাৰৰ দেৱান কালীচন্দ্ৰ লাহিড়ী আৰু
আন অনেকৰ নিদৰ্শন আৰু কাকত তেওঁ লেখি দিছিল৷ কি
পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৬৭
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১৬১