পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩২
আনন্দৰাম ঢেকিয়াল
 


সকলোৱে অনায়াসে তাক বুজিব পাৰি। ইয়াৰ দ্বাৰাই আনন্দ- ৰাম ফুকনৰ নাম বহু প্ৰচাৰিত হল। আৰু এই কাৰ্য্যৰ দ্বাৰাই বঙ্গলা ভাষাৰ ব্যৱহাৰ আৰু ব্যৱস্থা শাস্ত্ৰৰ মহা উপকাৰ হল। এই আইন আৰু ব্যৱস্থা সংগ্ৰহ প্ৰচাৰ আৰু বিক্ৰয়ৰ ভাৰ নবীনবাবু আৰু গুণাভিৰামৰ ওপৰত থাকিল। ইয়াৰ প্ৰতি লোকৰ ইমান আগ্ৰহ হল যে প্ৰচাৰৰ পাচত প্ৰতিদিনে তাক ডাকত নানা জনলৈ পঠাবলগীয়া হৈছিল।

 ফুকনৰ মাসিক যি প্ৰাপ্তি তাৰে নিতান্ত অৱশ্যকীয় যি ব্যয় তাক নিৰ্ৱ্ৱাহ কৰি অতি অলপ মাত্ৰ সঞ্চয় কৰিব পাৰে। ফুকনে তেওঁৰ পত্নীক সুকীয়াকৈ মাহিলী ২৫ টকা তেওঁৰ খৰচৰ নিমিত্তে দিবলৈ স্থিৰ কৰিলে আৰু তেওঁৰ অলঙ্কাৰখিনিও স্ত্ৰীধন কৰি দিলে। এই বিষয়ে এখান নিবন্ধপত্ৰ কৰি দিলে।

 ইয়াৰ কিছুদিন পাচতে ফুকননীৰ নৰিয়া হয়। ইয়াত চিকিৎস৷ কৰি চোৱাত স্বাস্থ্য লাভ নহল। ডাক্তৰ চাহাবে বায়ু পৰিবৰ্ত্তন নিমিত্তে উপদেশ দিলে। সেই উপদেশ অনুসাৰে ফুকননী গুৱাহাটীলৈ যাবলৈ স্থিৰ কৰা হল।

 ফুকনৰ ভগিনী তুলসীদেবী আৰু ভগিনীপতি ৰঘুদেব গোস্বামী আৰু তেওঁবিলাকৰ পুত্ৰ চন্দ্ৰহাস, পদ্মহাস আৰু তাৰাহাসে সৈতে কেতিয়াবা কেতিয়াবা জখলাবন্ধা সত্ৰৰপৰা আহি ফুকনৰ ঘৰতে থাকে। এই দুইও পৰিবাৰ একেলগ হলে বৰ আনন্দ হয়। ফুকননীৰ লগত ৰঘুদেৱ গোস্বামী আৰু কম্বুকণ্ঠ যাবলৈ স্থিৰ হল ৷ ১৮৫৬ চনৰ ১৭ জুন ১৭৭৮ শকৰ ৫ আষাঢ়ত ফুকননীয়ে পদ্মাৱতী আইটি আৰু ৰাধিকা বাপাক লৈ গুৱাহাটীলৈ যাত্ৰা কৰিলে। ৰঘুদেৱ গোসাই আৰু কম্বুকণ্ঠ লগত গল। তেওঁ- বিলাক গুৱাহাটীত বলৰাম ফুকনৰ ঘৰত আছিল। প্ৰায় এমাহমান গুৱাহাটীত থকাত ব্ৰহ্মপুত্ৰত শীতল বায়ু সেবন কৰি ফুকননীৰ শৰীৰ আৰোগ্য হল। শ্ৰাৱণৰ শেষ পক্ষত ফুকননী