পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৪৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
৩৯
 


তেওৰ এটি জঁটা আছে। সেই কাৰণে তেওঁক কোনোৱে জটীল বা জতীয়া ভট্টাচাৰ্য্যও বোলে। তেওঁ সেই সময়ত কলিকতাত বাস কৰিছিল। আমাৰ অসমীয়া যিসকল বালক গৈছিল তেওঁলোকৰ কেইবাজনো তেওঁৰ তাত দীক্ষিত হল। ফুকন দুজনাৰ তালৈ তেওঁ সময়ে সময়ে আহিছিল। দুৰ্গাৰাম ফুকনৰ লগৰ ৰামদেৱ বা পুত্ৰ সৈতে ৰাধাকান্ত ভট্টাচাৰ্য্য়ৰ সম্পৰ্ক আছিল। দুৰ্গাৰাম ফুকন এইজনা ভট্টাচাৰ্য্যত পুনৰায় গঙ্গাতীৰত দীক্ষিত হল।

 মহোদৰ বৰুৱাৰ পুতেক পৰশুৰাম আৰু পোৱাল চন্দ্ৰ নামে আৰু এজন লৰা জেনকিনচ্ আৰু মেথী চাহাবৰ অনুগ্ৰহত আৰু সাহায্যত পঢ়িবৰ নিমিত্তে কলিকতালৈ গল। আনন্দৰাম ফুকনে পৰশুৰামক লগ পাই বৰ সন্তোষ পালে। ১৮৪২ চনত দুৰ্গা- ৰাম ফুকনৰ জ্বৰ হয়, অনেক চিকিৎসা কৰা হল, তথাপি ভাল নহল। পাচে শ্ৰাৱণ মাহৰ শুক্লা ষষ্ঠীৰ দিনা তেওঁৰ মৃত্যু হল। গঙ্গাতীৰত তেওঁৰ সংস্কাৰ কৰা হল। দুৰ্গাৰাম ফুকনৰ শৰীৰ স্থূল আছিল। তেওঁ দেখিবলৈকো বৰ শুৱনী আছিল। তেওঁৰ বুদ্ধি অতি তীব্ৰ আছিল। তেওঁৰ পৰা দেশে বৰ আশা কৰি- ছিল। কিন্তু কালৰ বিচিত্ৰ গতি। মনুষ্যৰ আশা নিষ্ফল। জগৎ পিতাৰ ইচ্ছাই প্ৰবল।

 দুৰ্গাৰাম ফুকনৰ মৃত্যু হলত আনন্দৰাম ফুকন বৰ দুখিত আৰু গোটেই আশ্ৰয়হীন হল। তেওঁৰ লগৰ লোকসকল দেশলৈ ঘূৰি আহিল। শ্ৰীধৰ বাপুও দেশলৈ আহিল। ফুকন অকল- শৰীয়৷ হল। কলুটোলাৰপৰ৷ আনন্দৰাম ফুকন পটলডাঙ্গা নামে ঠাইলৈ আহিল। তাতে হিন্দু কলেজৰ ওচৰতে এটি ঘৰ কেৰেয়া কৰি থাকিল। এই পৰ্যন্ত তেওঁ অসমীয়া মানুহৰ সিজোৱা অন্ন খাইছিল কিন্তু এতিয়া বঙ্গালী ব্ৰাহ্মণ এজন ৰান্ধনি ৰাখিলে। কলিকতাৰ পটুৱাটোলা গলিত ৰামচন্দ্ৰ দাস