কলিকতাৰ ওচৰত এঠাইত সূতাৰ আৰু তুলাপাতাৰ কল
আছে। সেই কালত এনেৰূপে কেতবিলাক যন্ত্ৰ আছে যে
অতি অল্প সময়তে সূতাৰ কলত সূতা আৰু তুলাপাতৰ কলত
তুলাপাত হয়। সেই কল ফুকনে ৰামচন্দ্ৰ মিত্ৰেৰে চাই বৰ
সন্তোষ পালে কলিকতাত মিণ্ট বা টাক্শাল আছে। তাত
কলেৰে টকা, আধলি, সিকি, দুই-অনীয়া, পইচা ইত্যাদি প্ৰস্তুত
কৰা হয়৷ বংশীধৰ সেন নামে ফুকনে সৈতে একেলগে পঢ়া
এজন লোক তাৰ দেৱান বা প্ৰধান কাৰ্য্যকাৰক। তেওঁ ফুকনক
সকলোবিলাক দেখুৱালে। প্ৰথম ধাতু গলাই সাঁচত পেলাই তাতে
ডাঙ্গৰ পাত হয়। সেই পাত আকৌ আৰু এঠাইত সমান হয়।
সেই পাতৰপৰা টকা, দুই-অনীয়া, পইচা ইত্যাদিৰ আকাৰেৰে
ঘূৰণীয়া পাত হয়। ইয়াৰ চাৰিও ফালৰ কাণবিলাক এঠাইত
কলেৰে দিয়ে। সৰ্ব্ব শেষত ছাব মোহৰ মৰা হয়। এটা
চুঙ্গাৰ দৰে যন্ত্ৰ এটাত এই মোহৰ মৰা হয়। টকাবিলাক পাৰিলে
বুটলি নি মানুহে বাছে। প্ৰতিদিন তিনি লক্ষ টকা এইৰূপে
প্ৰস্তুত হয়।
কলিকতাত মতিলাল শীল নামে এজন বৰ ধনী মানুহ আছিল, তেওঁৰ পুতেক এজন হিন্দুকলেজত পঢ়িছিল। সেই পুতেকক কলেজৰ শিক্ষকে বেতেৰে শাস্তি দিয়াত মতিলাল শীলে ‘শীল কলেজ’ নামে এক বিদ্যালয় সংস্থাপন কৰে। ফুকন সেই বিদ্যালয়ৰ বাৰ্ষিক পুৰস্কাৰ প্ৰদান চাবলৈ গৈছিল।
টাউন হলত অধ্যাপক লিজ নামে চাহাবে তেঁওৰ দুটি পুত্ৰেৰে সৈতে কেতিয়াবা গধূলি বৰ আশ্চৰ্য্য ক্ৰীড়া কৰিছিল। লৰা দুটী বাপেকৰ মূৰৰ ওপৰত উঠি নাচিছিল আৰু স্পৰ্শমাত্ৰে ঘোৰ নিদ্ৰাভিভূত হয় আৰু স্পৰ্শ মাত্ৰে নানাপ্ৰকাৰ ধ্বনি কৰে। কেতিয়াবা আকৌ এনে কুস্তি কৰিছিল যে একেবাৰে নিৰ্জীৱ শিলৰ মূৰ্ত্তি যেন দেখি। ফুকনে এদিন ৰাতি চাবলৈ গৈছিল।