পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
আনন্দৰাম ঢেকিয়াল
 


গোঁসাই নামে প্ৰসিদ্ধ। বুঢ়াগোহাঁই আৰু ৰজাত খাটি ব্ৰহ্মচাৰী দুৱৰীয়া বৰুৱা হল। তেওঁ কেতিয়াবা বঙ্গালহাট হাদীৰাত, কেতিয়াবা গুৱাহাটীৰ নীলাচল পৰ্ব্বতৰ ওচৰত আৰু কেতিয়াবা ৰজাৰ নগৰত থাকিছিল। গুৱাহাটীত থকাৰ যি ঠাই আছিল তাক পুৰণি ছাউনী বুলিছিল।

 হাদীৰাৰ ওচৰত ফুলৰা নামে গ্ৰামত এটি পৰ্ব্বত আছে, তাতে ব্ৰহ্মচাৰীয়ে এক শিৱ স্থাপন কৰে। আৰু তাৰ পূজাসেৱাৰ বিধান কৰি দিয়ে। নিজ ঘৰত গোপাল- গণেশ প্ৰভৃতি দেৱতাৰ মূৰ্ত্তি স্থাপন কৰে আৰু অনেক শালগ্ৰাম সংগ্ৰহ কৰি দেৱালয়ৰ দৰে কৰে।

 তিয়কীয়া অধ্যাপকৰ ঘৰৰ যোগাইৰ বাপেক অশ্বক্ৰান্ততে মৃত্যু হল। যোগাই পিতৃ-মাতৃহীন অনাথ হোৱাত তেওঁৰ লগৰ লোকসকলে তেওঁক লক্ষ্মীনাৰায়ণ ব্ৰহ্মচাৰীৰ “চেলা” কৰি দিলে। যোগাইৰ মাতৃ-পিতৃৰ অৱস্থা তেওঁবিলাকৰ আন বংশৰ লোকসকলে শুনি তেওঁৰ অনুসন্ধান কৰিবলৈ গল। সেই লগতে যোগাইৰ পিতৃ দদাইয়েকৰ পুতেক যোগাইতকৈ অলপ ডাঙৰ ল’ৰা এটিও আহে। তেৱো পিতৃ-মাতৃবিহীন আছিল। ব্ৰহ্মচাৰীয়ে তেওঁকো চপাই ললে। কামৰূপৰ কোনো ব্ৰাহ্মণৰ দুটি অনাথ লৰাকো ব্ৰহ্মচাৰীয়ে প্ৰতিপালন কৰিবলৈ ললে। কামৰূপী এটি বিধৱা ব্ৰাহ্মণীৰ দুটি সৰু লৰা আছিল। সেই দুটি আৰু এটি অনাথা ব্ৰাহ্মণ কন্যাক ব্ৰহ্মাচাৰীয়ে নিজৰ অধীনলৈ আনিলে। বালক দুটিক পুত্ৰ ৰূপে আৰু কন্যাটিক কন্যাৰূপে গ্ৰহণ কৰিলে। এইসকলক পালন কৰিবৰ নিমিত্তে সেই বিধৱা ব্ৰাহ্মণীক ব্ৰহ্মচাৰীয়ে প্ৰতিপালন কৰিলে। এওঁবিলাকক স্বতন্ত্ৰ টোল কৰি দিলে। সেই বিধৱা ব্ৰাহ্মণীক ব্ৰহ্মচাৰীয়ে “দুঃখুৰ মা” বুলি মাতিছিল।

 সেই ল'ৰাকেইটিক ব্ৰহ্মচাৰীয়ে নতুনকৈ নাম দিলে যথা জ্যেষ্ঠজনাৰ সীতাৰাম, তেওঁৰ তলতীয়া তিয়কীয়া অধ্যাপকৰ