পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৩৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
ফুকনৰ জীৱন চৰিত্ৰ
১২৭
 


ভাষা চলাবলৈ বৰ যত্ন কৰিছিল। ব্ৰনচন পাদ্ৰীচাহাবে অসমীয়া ভাষা চলাবলৈ এক আবেদনপত্ৰ প্ৰস্তুত কৰে। ফুকনে সেই চাহাবক এই বিষয়ে অনেক সাহায্য কৰিছিল। ফুকন বিনে দেশীয় লোকৰ মাজত দেশীয় লোকৰ হৈ দুআষাৰ কথা কয় বা কোনো আলোচনা কৰে বা বুদ্ধি দিয়ে তেতিয়া এনে লোক নাছিল। দেশীয় যিসকল লোক আছিল সেই সকলোৱে বঙ্গল৷ দেশৰ নদীয়া শান্তিপুৰ বা কনৌজপুৰৰপৰা অহা বুলি অভিমান কৰিছিল। অসমীয়া ভাষাই চলোক বা বঙ্গলা ভাষাই চলোক কাৰে৷ কোনো ধাৰ নাখাইছিল। পাদ্ৰী চাহাব- সকলে যত্ন কৰিছিল তাৰপৰা বিফল ফল নদৰ্শিল। পাছে ফুকনে পাদ্ৰী চাহাবসকলক আৰু পাদ্ৰী চাহাবসকলে ফুকনক দেশীয় ভাষা বিষয়ে সাহায্য কৰাত উভয়ে এই ভাষাৰ বিশেষ যত্ন কৰিবলৈ ধৰিলে।

 ১৮৫৪ চনৰ ৯ ডিচেম্বৰ (১৭৭৬ শকৰ ২৫ অগ্ৰহায়ণ) শনিবাৰৰ দিন৷ ফুকনৰ পত্নীৰ এটি পুত্ৰ সন্তান জন্মে। প্ৰসৱ বেদনাত ফুকননীয়ে বৰ কষ্ট পাইছিল। ফুকনে লৰালৰিকৈ ডাক্তৰ মৰে চাহাবক লৈ আহিল। কিন্তু ঈশ্বৰৰ অনুগ্ৰহত ৰাতি ৭॥ বজাত সেই পুত্ৰ সন্তান জন্ম হল। ফুকনে ঈশ্বৰক ধন্যবাদ কৰিলে। উৰুলি জোকাৰ পৰিল, সকলোৰে আনন্দৰ সীমা নোহোৱা হল। ইয়াৰ পাছত ফুকননীৰ সেই কষ্টৰ কাৰণ বৰ নৰিয়া হৈছিল। প্ৰায় সম্পূৰ্ণ ডিচেম্বৰ মাহ ফুকননী পীড়িতা আছিল। শেষলৈহে ভাল হবলৈ ধৰিলে। এইটি ফুকনৰ প্ৰথম পুত্ৰ। তেওঁৰ প্ৰকাশ্যে নাম ৰাধিকাৰাম আৰু গুপ্ত নাম ডিম্বকণ্ঠী। পৰমেশ্বৰে এই বালকক দীৰ্ঘজীৱী আৰু সৌভাগ্যৱন্ত কৰোক।