সমললৈ যাওক

পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৩৬
আনান্দৰাম ঢেকিয়াল
 


লোকৰ বিজাতীয় দ্বেষ থকাৰ কাৰণে দেশীয় কোনেও অৰ্থ সাহায্য কৰিব নোখোজাত সেই কাৰ্য্য নঘটিল।

 গুৱাহাটীৰ ডেপুটী কমিচনৰ কৰ্ণেল বেচ চাহাব যোৱাত বটলৰ চাহাব ডেপুটী কমিচনৰ হৈ গুৱাহাটীলৈ গল। আৰু মৰ্টন চাহাব নগাঁওৰ চাৰ্জ্জ ললে। মে মাহত পশ্চিম প্ৰদেশৰ চিপাহী বিদ্ৰোহৰ সম্বাদ আহিল। আজি ইঠাইত কালি সিঠাইত পল্টন দ্ৰোহী হৈ ইংৰাজৰ প্ৰতি অত্যাচাৰ কৰা বাৰ্ত্তা আহিল। মিলচ চাহাব যেতিয়া এই দেশলৈ আহে তাৰ পাচতে যোৰহাটৰ পুৰন্দৰ সিংহ ৰজাৰ নাতিনীয়েক কন্দৰ্পেশ্বৰ সিংহই ৰাজত্ব পাবলৈ মণিৰামদেৱানক কলিকতালৈ পঠাইছিল! দেৱান তাতে আছিল। উজনিৰ পল্টনেৰে মিল হৈ কন্দৰ্পেশ্বৰ ৰজাই মণিৰাম দেৱানৰ পৰামৰ্শেৰে বিদ্ৰোহ কৰিবৰ উদ্যোগ হোৱাত ৰজাৰ কোঁৱৰক কলিকতালৈ পঠোৱা হল। আৰু সেই বিষয় বিচাৰ হবলৈ ধৰিলে। দেশত বিশেষকৈ উজনিত মহা হুলস্থূল লাগিল। নগাঁওৰ মৰ্টন চাহাব বৰ ব্যস্ত আৰু ত্ৰস্ত হল। মিছা আৰু দীজুৰ দলঙ্গৰে বিদ্ৰোহী চিপাহী উজনিৰপৰা আহে বুলি চাহাবে তাক ভঙ্গাই দিলে৷ চাহাব জনাৰ দেশীয় লোকৰ প্ৰতি বৰ অবিশ্বাস হল। নগাঁওৰ পাদ্ৰী চাহাবসকল প্ৰায় সেই সময়তে আমেৰিকালৈ গল। নানা দেশৰ উৎপাতৰ বাৰ্ত্তা সময়ে সময়ে শুনি ফুকন বৰ দুখিত আৰু চিন্তিত হল। তেওঁ চাহাবসকললৈ লিখিলে যে অসমীয়া মানুহৰপৰা গবৰ্ণমেণ্টৰ প্ৰতি কোনো প্ৰকাৰ বিদ্ৰোহিতা হব নোৱাৰে। কিন্তু তেওঁৰ কথা কোনেও গ্ৰাহ্য নকৰিলে।

 ১৭৭৯ শকৰ শ্ৰাবণত বলৰাম ফুকন নগাঁওলৈ আহি কিছুদিন থাকি যায়। ফুকনৰ লগত থকা জয়মতী নামে বিধবা ব্ৰাহ্মণীক পঠাই দুৰ্গাচন্দ্ৰ আৰু ব্ৰজসুন্দৰীক ফুকনে যোৰহাটৰপৰা অনালে। গুণাভিৰামলৈ এই বাৰ্ত্তা লিখি ফুকনে কলে যে, “বিবাহ কৰাই আকৌ যাব পাৰিবা এতেকে শীঘ্ৰ আহা।” সেই অনুসাৰে