পৃষ্ঠা:আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত্ৰ.pdf/৯৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

চতুৰ্থ অধ্যায়।

 প্ৰথমে ফুকনে কলিকতাত বিজনী ৰজাৰ কাৰ্য্যতে ব্যস্ত হল। সদৰ বোৰ্ড ৰেবিনুউৰপৰা কোনো ফল নদৰ্শাত বেঙ্গল গবৰ্ণমেণ্টত আৰজী কৰা হয়; তাৰপৰাও কোনো শুভ নদৰ্শাত ফুকন বৰ চিন্তিত হল। ৰজাৰ মোখ্তাৰ জয়শঙ্কৰ আৰু ভবানীশঙ্কৰ বৰ নৈৰাশ হল। ৰজাৰ প্ৰজাসকলৰ পক্ষে প্ৰেমনাৰায়ণ দেওৱান নামে এজন লোকে কলিকতাৰপৰা প্ৰজাৰ জয়, ৰজাৰ পৰাজয় ঘোষণা কৰিলে। ৰজা বৰ দুখিত হল। আৰু ফুকনলৈ বৰ নিৰাশ৷ হৈ পত্ৰ লিখিলে আৰু লিখিলে যে কোনো প্ৰকাৰ বন্দোবস্ত এটা কৰিব নোৱাৰিলে নহয়। ইতি পূৰ্ব্বে কাৰ্য্য প্ৰতুল হলে ৰজাই ফুকনক হাবৰা ঘাটৰ দিৰমা নামে এখান দুৱাৰ মোৰুচীকৈ আৰু কিছু বিশেষ অৰ্থও পুৰস্কাৰস্বৰূপ দিবলৈ স্বীকাৰ কৰিছিল। এইবিলাক কথা যেইবা নহওক তেঁও নিজে আহিও যে কাৰ্য্য প্ৰতুল কৰিব নোৱাৰিলে এইটোতে ফুকন বৰ দুখিত হল।

 কলিকতাত প্ৰসন্নকুমাৰ ঠাকুৰ নামে এজন বৰ সম্ভ্ৰান্ত লোক আছিল। তেওঁ সদৰ দেওৱানী আদালতৰ উকীল। ফুকনে সৈতে তেওঁৰ পৰিচয় আছিল। ফুকনে এখান দৰখাস্ত লিখি ইণ্ডিয়া গবৰ্ণমেণ্টত দিবলৈ স্থিৰ কৰিলে৷ প্ৰসন্নকুমাৰ ঠাকুৰে সেই দৰখাস্ত চাই দিলে। সেই দৰ্খাস্ত ফুকনে ইণ্ডিয়া গবৰ্ণমেণ্টৰ