সমললৈ যাওক

বৈদেহী-বিচ্ছেদ

ৱিকিউৎসৰ পৰা

[  ]

বৈদেহী-বিচ্ছেদ

নাট।

"I myself commend
Unto thy guidance from this hour!
Oh! Let my weakness have an end;
Give into me, made lowly wise,
The spirit of self-sacrifice."

শ্ৰীদেবনাথ বৰদলৈৰ দ্বাৰাই প্ৰণীত।

নগাও

আসাম।

ভাদ ১৩০৮।

বেচ॥• দুমহা মাথোন।

[  ]
 

PRINTED BY
SURENDRA NATH BHATTACHARJYA,
AT THE
BRITISH INDIA PRINTING WORKS,
H O W R A H.
1904,


[  ]

উৎসৰ্গ।

 স্বৰ্গীয় পিতা ৰুদ্ৰৰাম বৰদলৈ দেউতাৰ চৰণত

দণ্ডৱতে নিবেদন।

দেউতা,

 সিদিনা আবেলি ফুৰিবলৈ যাওঁতে এজন বুঢ়া বামুণৰ মুখে তেওঁৰ কিছুমান দুখৰ কথা শুনি হঠাৎ আপোনাৰ গুণাৱলীলৈ মনত পৰিল। এনে পৰত আপোনালৈ মনত পৰাৰ কাৰণ এয়ে—তেওঁৰ দুখত, আসামৰ জিলাৰ বৰ চাহাবৰ নিচিনা ওখ আৰু ক্ষমতাপন্ন ৰাজ-পদত থাকি দয়াৰ আৰ্হি দেখাওঁতা স্বৰ্গীয় মহাত্মা লেফ্​টেনেণ্ট, চি, জি, এম্​​ কেনেডীৰ দৰে, দুখীয়াৰ দুখীয়াভাৱে আপুনিও যি নিভাঁজ চেনেহৰ ধাৰা বোৱালেহেঁতন, মই আপোনাত দেখি পোৱা (কাজেই ভঁজুৱা) চেনেহৰ টোপোলা মেলিবলৈ যত্ন কৰি কথমপি মাত্ৰ মান ৰক্ষা কৰিবলৈ সামৰ্থ হলোঁ।

 গুৰু ব্ৰাহ্মণত আপোনাৰ নিভাঁজ ভক্তি, সজ্জনলৈ অবিচলিত আদৰ, দুখীয়া দৰিদ্ৰলৈ হিয়া-বকা চেনেহ, ইশ্বৰ উপাসনাৰ কাৰ্য্যত অদম্য উৎসাহ, জ্যোতিষ, আয়ুৰ্ব্বেদ, গীতা, ভাগৱত, ব্যৱস্থা সাহিত্য, ইতিহাস আদি জ্ঞান বিজ্ঞানৰ শাস্ত্ৰবিলাকত ঐকান্তিক অনুৰাগ; সভা, সমিতি, উৎসৱ, আড়ম্বৰত উত্তেজনাপূৰ্ণ উদ্যোগ,

[  ] ৰজাঘৰীয়া বিষয়ত আশাতীত দক্ষতা, কৃপণালি কৈ বা অসৎপথে ধন সঁচা বা অৰ্জ্জা কাৰ্য্যত অপটুতা, এই এটাইবিলাক আপোনাৰ স্বৰ্গীয় আত্মাৰ পোহৰ মাথোন।

 যদিও আপুনি যোৱা ১৩০৬ চনৰ পুণ্যমাহ মাঘ মাহৰ ১০ দিনৰ দিন, কৃষ্ণা সপ্তমী তিথিত, পুৱা ৯ বজাৰ পৰত, অতিবা অলপ ৬৩ বছৰ বয়সৰ মূৰ পেলাই, সংসাৰ কাৰ্য্যত সমূলি অনভিজ্ঞ ভাই শ্ৰীমান্ ভৱানীক মোৰ লগত থৈ নিত্যধাম্ বা শান্তি কুঞ্জলৈ যাত্ৰা কৰিলে, আপোনাৰ ৰোগী শয্যাৰ অপূৰ্ব্ব দৃশ্য, ৰোগৰ দারুণ যন্ত্ৰণা অতিক্ৰম কৰি, তন্ত্ৰ ঘোষা আৰু গীতাত অনুৰাগ, মাজে মাজে মাজনিশা অতি ৰসাল ঘোষাৰ সুৰ লগাই পৰ-দিয়া মানুহক অপুৰ্ব্ব প্ৰেমত বুৰাই দিয়া, বাজলৈ উলিওয়াৰ পৰৰে পৰা প্ৰাণ পয়ানৰ মুহুৰ্ওলৈকে দয়াময়, ব্ৰজনাথ, দেউগোপাল ইত্যাদি স্পষ্ট, সময়ে, আধফুটা মাতেৰে হৰিনাম উচ্চাৰণ, আৰু তিলকাঞ্চন বৈতৰণীৰ কাৰ্য্যত নিজ জ্ঞান আরু শক্তিৰে হাত তুলি গরুৰ নেজত ধৰি পুৰুহিতৰ মন্ত্ৰ পাঠত যোগ দান কৰাকে আদি কৰি কিছুমান কাৰ্য্যলৈ মনত পৰিলে অকালত পিতৃ বিয়োগৰ শোক লঘু কৰিবৰ বাট যেন কিছু মুকলি পাওঁ। দেউতা! আপুনি গৈ নিত্যধামত গোলোকবিহাৰী পৰমেশ্বৰৰ চৰণ-ছায়াঁত থাকি বিমল আনন্দ ভোগ কৰিছে আৰু আমি আপোনাৰ, আমালৈ থৈ যোৱা একো থুপি তৰাৰ নিচিনা গুণাৱলীলৈ চায়ো চলিব নোৱাৰি, দিশনিৰ্দ্দেশক তৰা চিনিব নোৱৰা সমুদ্ৰপথৰ পথিকবিলাকৰ দৰে এই অপাৰ সংসাৰ সমুদ্ৰত পৰি পথহাৰা হৈ উৱাদিহ নোহোৱাকৈ ঘূৰি ফুৰিছোঁ। [  ]  দেউতা! তাহানি আপুনি ৰোগাৱস্থাত থাকোঁতে যেনেকৈ মাজে সময়ে অতি উদাৰ ভাৱৰে “গোলোকত তোমালোকৰ ঠাই হওক’’ বুলি একোবাৰ আমাক আশীৰ্ব্বাদ কৰিছিল, এতিয়া সেই আশীৰ্ব্বাদ ফলিবৰ নিমিত্তে যেন আমাৰ মন ধৰ্ম্মপথলৈ নিবলৈ সেই পুণ্য স্থানৰ পৰা যত্ন কৰে। বিশেষ এই স্বাৰ্থপৰ আৰু অভিমানত ওফোন্দা জ্ঞাতি সমাজৰ সমজুৱা হৈ আপোনাৰ উপকাৰ কিবা গুণকে যে লব পাৰিম, সিও দুৰাশা মাথোন। উমনিত এৰা কণীৰ দৰে আপোনাৰ আধালেখাকৈ এৰা “আসামৰ দেৱানী কাৰ্য্য ব্যৱস্থা’’ পুথিখনিৰ খোলাটি লাহে লাহে ঘোলা পৰি গৈছে। আপোনাৰ “বঙ্গাল বঙ্গালনী নাটক” “ৰত্নমণি” আমাৰ একো একোটি ভাই ভনী। ভাবিছিলোঁ কেচুৱা “কুটুমকো” ডাঙ্গৰ দীঘল কৰি লৈ শাৰী শুৱনী কৰিম, কিন্তু এই দেশত স্বাৰ্থত্যাগী শিশু চিকিৎসকৰ যেনে অভাৱ যেন দেখা গৈছে, ইয়াৰ হাটত ঔদাৰ্য্যরূপসঞ্জীৱনী বীজ যেনে মহঙা, বহুদিনৰ অপ্ৰতিপালত খীনোৱা কুটুমৰ জকাটী আৰু কিছুকাল সুদিনৰ অপেক্ষাত বুকত বান্ধি লৈ, সময়ে, সেকি-পুতকি খেতৰ মৰকুচিয়াৰৰ মন্ত্ৰেৰ জাৰি ফুঁকি ৰাখিব লাগিবই। যদি কেতিয়াবা কোনো বিদেশী বেজৰ সুভাগমনৰ ফলে বা স্বদেশেৰ দূৰৈত থকা কালত জ্ঞাতিমিত্ৰৰ বতাহে নোকোবোৱা নিঃস্বাৰ্থতাৰূপ সলিলপূৰ্ণ নিৰ্ম্মল সৰোবৰ নিৰ্ম্মলতাৰে ভৰপূৰ শুদ্ধান্তঃকৰণ লাভ কৰি স্বদেশলৈ চাই চকু পানী টুকিব পৰা বেজৰ উদাৰতাৰ গুণে দেশী বেজে নিজৰ ধোৱাঁচাঙ্গত থোৱা নিভাঁজ সজীৱনী বীজ উলিয়াব পাৰে, আৰু তাক মাৰ্জ্জিত কৰি সস্তা দৰে দেশীয় হাটত বেচিবলৈ উলিয়াব পাৰে, তেন্তে [  ] আশা কৰিব পাৰিম কুটুমে শিশু ৰোগৰপৰা মুক্ত হৈ জন সমাজত মুখ দেখাব পাৰিব। যি ন নহওক আপুনি আমাৰ উপকাৰাৰ্থে ৰুই দি যোৱা মিঠা আমাৰ পুলি আপোনাৰ জহত মিঠা আম খাবলৈ পাম আশাৰে মনক উৎসাহিত কৰি উপকাৰৰ বাবে কৃতজ্ঞতাৰ চিন স্বরূপে “বৈদেহী-বিচ্ছেদ নাটক” নামে এই সৰু পুথি খনি আপোনাৰ স্বৰ্গীয় আত্মাৰ ওচৰত দণ্ডৱতে অৰ্পণ কৰিলোঁ। যদি এই পুথিখন আপোনাৰ এক তিল মানো আদৰৰ পাত্ৰ হব পাৰে, তেন্তে মোৰ এই জঠৰ আঙ্গুলিৰে কাপ ধৰি কলাপাতত বৰ্ণমালা লেখিবলৈ কৰা যত্ন সাৰ্থক হব।

সেৱক
শ্ৰীদেৱনাথ বৰদলৈ

নগাঁও আসাম
১৩০৭ চন,
আষাঢ়


[  ]

বৈদেহী-বিচ্ছেদ।

নাট।

প্ৰথম অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

দৃশ্য-নন্দন কানন।

(হাতত ফুলৰ কৰণি লৈ অপ্সৰীসকল উপবিষ্টা।)

অপ্সৰীসকলৰ গীত।

ফুল্লমনে ফুলে আজি ফুলনীৰ ফুল।
ফুলিছে গোলাপ যুতি টগৰ বকুল।
 পাহি পৰিধানে কাচি,
 হাঁহি হাঁহি নাচি নাচি,
ভোমোৰা মদনে আজি কৰিছে ৰাতুল।

১ম অ:। তোলোঁ আমি তোলোঁ ফুল
 কৰণি ভৰাই;
২য়: অঃ। আমি তোলোঁ জাতি যুতি
 তুমি তোলা জাঁই।

[  ]

১ম অ:। যূতি নলওঁ জাতি নিদিওঁ
 জাতি আমাৰ ধন;
২য় অ:। আমি তুলিম টগৰ, কৰিম ৰগৰ,
 জাতিত নিদিওঁ মন।
২য় অ:। যি বুজে মোল-তুলিব ফুল,
 কেতেকী গোলাপ;
৩য় অ:। কেতেকী গোলাপত আছে,
 কাঁইট্ আৰু সাপ্।

গীত গাই ২ চতুৰ্থ অপ্সৰীৰ প্ৰবেশ।

গীত।

 ফুল কাৰ, ফুল যাৰ, ফুল তাৰ ফুল,
 ফুলে যাৰ আছে হাবিলাষ,
 লাগে ফুল, তুলিম ফুল,
 যায় প্ৰাণ তাতো সাহ।
 কাঁইট তুচ্ছ কথা,
 বিষধৰো তুচ্ছ বাধা,
 ফুলৰ প্ৰেমত, কত মহত
 জীৱত নৈৰাশ।
১ম অ:। (চেৱে চেৱে চাপৰি বজাই একে সুৰত সৰ লগাই)
 ঠিক্ ঠিক্ ঠিক্ সখী,
 তুমি চিনা ফুল।

[  ]

 তুমি চিনা, তুমি চিনা,
 তুমি চিনা ফুল।
 গোলাপত কাঁইট দেখি,
 কেতেকীত সাপ্ দেখি,
 যি নোতোলে ফুল সখী,
 সি কি বুজে মোল।
৩য় অ:। (কন্দনা মুৱা হৈ) থোৱাঁ চতুৰালী,
 দিম্ গালি পাৰি।
১ম আৰু ২য় অ:। (কেতেকী ফুলৰ পাহি গালৈ দলিয়াই; সুৰ লগাই)
 আমি কেতেকীৰ পাহিৰে
২য় অ:। (কাপোৰৰ আঁচলৰে চকুৰ পানী মচি)
 দেখা চকুৰ পানী
১ম আৰু ২য় অ:। (৩য় অপ্সৰীক সাবত মাৰি),
 আজি ফুলনীৰ মাজতে
 পাতিম ৰাণী।
৩য় অ:। অপ্সৰী-উ-উ-উ-(ক্ৰন্দন্)।
১ম আৰু ২য় অ:। (সুৰ লগাই)
 শুনা কুলিয়ে মাতিছে
 কুউ-উ-উ—(উৰুলি ধ্বনি)
৪ৰ্থ অ:। সখি! সৌটি কোন্?
 গুন্ গুন্ গুন্ কৈ
 আলসুৱা-কুমলীয়া
 যূতি ফুলটীৰ,

[ ১০ ]

 হৃদি আসনত বহি,
 ফুলটোৰে সৈতে যেন,
 পাতিছে গুপুত কথা।
৩য় অ:। (চকুৰ পানী মচি)।
 তেওঁ এই ফুলনীৰ ৰজা
১ম অ:। এওঁ নিষ্ঠুৰ ভোমোৰা,
 নাই দয়া মায়া
 সখি! চোৱাঁ
 যূতিৰ, বগলিৰ পাখি যেন,
 বগা পাহি কিটি,
 ৰাহু গ্ৰাসে, পূৰ্ণিমাৰ চন্দ্ৰ যেন
 ইজনৰ উজ্জ্বল কাজল ৰঙে যেন,
 কাঢ়ি নিলে মধুৰতা
 মলিন শোকত।
 হাই সখি!
 কুমলীয়া ফুলটীয়ে,
 এওঁৰ এই নিষ্ঠুৰাক্ৰমণে,
 কত কষ্ট ভাবিছে মনত।
৪ৰ্থ অ:।—সখি! সেইটি নহয়।
 যূতি ফুল দেখিছা কোমল হয়,
 কিন্তু, প্ৰেমফুল, এনেহে কোমল,
 তুলনাত যূতি ফুল বজ্ৰৰ সদৃশ্।
 সেই প্ৰেমফুলময়,

[ ১১ ]

প্ৰেমিকৰ প্ৰেম পৰশনে,
পৰশি জ্যোতিৰ এনে সুকঠিন দেহ,
অৱশ্যেই কষ্ট বোধ কৰিছে মনত।
ইচ্ছা হয় মোৰ,
লভি যেন দেৱ বৰ,
যূতিৰ পাহিটি যেন,
কৰি দিম আৰু সুকোমল।

(প্ৰস্থান)




(হাতত এচাৰি লৈ গীত গাই গাই দুটি লৰাৰ প্ৰবেশ।)

গীত।


হাবি লৈ যাবি,
টেঁটোৰ চিঙ্গি খাবি,
গৰুক দিবি দাবি,
কল চিঙ্গি ল’বি
ৰাণীক পিন্ধাবি,
কলা দুটি পাবি,
তাকেই মজাকৈ,
সাঁজত ঘৰলৈ গৈ
জুহালত বহি বহি খাবি-
ঘূৰি আহ, ঘূৰি আহ (প্ৰস্থান)।

[ ১২ ]

শ্ৰীৰামচন্দ্ৰ আরু বৈদেহীৰ প্ৰবেশ।

ৰাম—(বৈদেহীৰ হাতত ধৰি)
 প্ৰিয়ে! মধুৰ হাসিনী!!
 শ্ৰীৰামৰ হৃদয় ৰাজ্যৰ, ঘাই পাটেশ্বৰী!!!
 আঃ-দেখা দেখা প্ৰিয়ে!
 দেৱ ৰাজ্য স্বগত চন্দ্ৰিমাৰ হাঁহি।
 মুচুকীয়া হাঁহি মাৰি,
 ভনী সৱে বেৰি ধৰি,
 থেই থেই নাচি নাচি,
 ধেমালি কৰিছে;
 কোনোটী ওচৰ চাপি,
 স্নেহেৰে সাবতি ধৰি,
 বৰ বাই চন্দ্ৰিমাৰ
 কোলাতে বহিছে।
 ফুলনীতো চোৱাঁ প্ৰিয়ে!
 গোলাপ টগৰ যূতি, জাঁই, গুটিমালী,
 ফুলিছে সকলো চন্দ্ৰিমাৰ মন বুজি।
 জোনাবাইৰ আদৰুৱা, বতাহ কটকী আহি,
 বাইটীৰ প্ৰেমবাৰ্ত্তা, ফুলক দিছেহি;
 ভনী কুলে বাৰ্ত্তা পাই,
 প্ৰেমত পাগলী হৈ,
 প্ৰেম, প্ৰেম ৰাও তুলি পৰিছে বাগৰি,
 প্ৰেম কি অপূৰ্ব্ব বস্তু, দেখিছানে প্ৰিয়ে!

[ ১৩ ]

 জগত্ প্ৰেমত মুগ্ধ।
 ইটোৱে সিটোৱে প্ৰেম, ইপ্ৰাণে সিপ্ৰাণে
 ঈশ্বৰে প্ৰানীয়ে প্ৰেম।
 প্ৰেমৰ আঘ্ৰাণে,
 ব্যাকুল ই ত্ৰিভুবন, প্ৰেমৰ কাৰণে।
 তোমাতে আমাতে প্ৰেম, মৰমে মৰমে গঁথা,
 অধৰে তোমাৰ দিছে প্ৰেমৰ বতৰা;
 প্ৰেম প্ৰেম প্ৰেম দান বিজ্ঞাপণ দিছে,
 প্ৰেমৰ ভিকাৰী মোক অথিৰ কৰিছে,
 চতুৰা ৰজনী দেবী, সখী য়াই আহি,
 কাণে কাণে কলে মোক সিপ্ৰেম কাহিনী;
 উদগিল তন্ত্ৰি আজি প্ৰচণ্ড প্ৰভাৱে,
 মিনতি কৰিছে প্ৰিয় তোমাৰ শ্ৰীৰামে,
 দিয়াহে জুৰণী আজি, হৃদয়ৰ তমোমণি,
 কৰা প্ৰেম দান প্ৰিয়ে, ৰাম প্ৰনয়িণী!
বৈদেহী—নাথ! তযু-আজ্ঞাধীনা দাসী, তযু পদতলে,
 ললাটে দিবা নিশি, তযু প্ৰেমৰ কাৰণে,
 কিনি দাসী বৈদেহীক, প্ৰেম ভঁড়ালিনী কৰি,
 ৰাখিছে নিজেই।
 নাথ! চেনেহ প্ৰকাশি,
 নিজৰ সম্পত্তি প্ৰেম, অঘিণে গ্ৰহণ কৰি,
 দাসীৰো অভীষ্ট যেন, সিদ্ধি কৰে হৰি।
 যদি এই দাসীৰ ৰক্ষিত প্ৰেমে

[ ১৪ ]

 সুপ্ৰসন্ন হৈ,
 প্ৰশংসা পত্ৰেৰে নাথ, কৃপা দৰশায়,
 তেহে নাথ দাসী সীতা,
 আনন্দে উদগি,
 তযু প্ৰেমৰাজ্যে নাথ,
 হওঁ মহাৰাণী।

ৰাম— ধন্য এনে প্ৰেম ৰাজ্য;
 যি প্ৰেম ৰাজ্যৰ ৰাণী,
 মোৰ হৃদি-ৰাজ-ৰাণী
 চন্দ্ৰমা বদনী,
 জনক নন্দিনী।
 কিন্তু প্ৰিয়ে?
 যি ৰাজ্যৰ প্ৰজাবৰ্গ,
 অসভ্য বৰ্ব্বৰ,
 সজ্জনৰ আগমন,
 নোহে সুভকৰ তাত,
 সেই দৰে,
 তোমাৰ অমৃত সদৃশ প্ৰেম ৰাশি,
 আলইআথানি হুব,
 মোৰ প্ৰেম ৰাজ্য।
 ৰঘুনাথ প্ৰিয়ে?
 অনভিজ্ঞ প্ৰেম, নালাগে কৰিব ধাৰ,
 প্ৰেম সৰ্ব্বত্ৰে বিৰাজে,

[ ১৫ ]

 ব্ৰহ্মাণ্ড প্ৰেমেৰে পূৰ্ণ,
 তথাপিও সকলোৰে,
 প্ৰেম চিনা টান।
 প্ৰেমৰ বিজ্ঞান পঢ়ি,
 প্ৰেমৰ চানেকী দেখি,
 নুবুজিলে, প্ৰেম বুজা
 সহজ নহয়।
 প্ৰিয়ে! মিনতি-ৰামৰ,
 নিজগুণে তুষ্ট হোৱাঁ,
 সাধ্যমতে
 শিকোৱাঁ ৰামকো সেই
 দেৱৰ দুৰ্লভ শাস্ত্ৰ
 “প্ৰেমৰ বিজ্ঞান।”
বৈদেহী।—সৰ্ব্ব গুণধৰ প্ৰভু,
 ৰঘুকুল ধুৰন্ধৰ!
 যাৰ গুণে মোহিত ব্ৰহ্মাণ্ডখন,
 যাৰ প্ৰেমে বশীভূত ৰাক্ষস বান্দৰ,
 সেই জন
 প্ৰেম-শাস্ত্ৰে অনভিজ্ঞ?
ৰাম।— প্ৰিয়ে। ক্ষমা অপৰাধ,
 ৰাম যথাৰ্থতে অনভিজ্ঞ।
(হঠাৎ খোজ দিয়েক মান আগবাঢ়ি গৈ থাকি মনে মনে)
 উঃ! নন্দন কাননে,

[ ১৬ ]

প্ৰিয়া সৈতে,
কত মধুৰালাপনে,
তোষিছোঁ মনক;
তথাপি নামানে
নিদাৰুণ মনে!
মন!
ধিক্‌ তোক শতবাৰ!
প্ৰিয়াৰ সুকোমল বদন নিঃসৃত
অমৃত সদৃশ বাক্যালাপে
তৃপ্ত নহ তই?
উদ্বিগ্ন কেৱল তই
অমঙ্গল প্ৰতিক্ষাত!
(নেপথ্যে অপ্সৰীসকলৰ গীত।)
জানকী হৃদিৰতন,
 শোভিছে প্ৰমোদ বনে;
প্ৰেমে ঢুলু ঢুলু আঁখি,
 প্ৰেমময়ীৰ দৰশনে।
শীতল সমীৰণ,
 কৰিছে বিচৰণ,
নচুৱাই কুঞ্জবন,
 সুকোমল পৰশনে।

[ ১৭ ]

জানকী৷-নাথ! কিয় খঙ্ কৰি,
 নমতা নোবোলা কৈ,
 এৰি যাব খোজে
 দাসীক ই অৰণ্যত?
(ভৰিত ধৰি) যদি কিবা অপৰাধ,
 জ্ঞানে বা অজ্ঞানে,
 কৰিছোঁ হে জগন্নাথ!
 আপোনাৰ দয়ালু নামৰ ৰস,
 শুদ্ধ হিয়া-ঘটে ভৰি,
 সুধাপূৰ্ণ ৰসনা আমৰ পাতে,
 শান্তি কৰি মোক পবিত্ৰা কৰোক।
(নেপথ্যে দুৰ্ম্মুখ) মহাৰাজ!
 ভ্ৰমি কাননে পৰ্ব্বতে নগৰে প্ৰান্তৰে,
 দাস উপনীত অন্তঃপুৰে।
 কামনা, দৰশন শ্ৰীচৰণ।
ৰাম।—( উদ্বিগ্ন চিতেৰে) দুৰ্ম্মুখ!
 তিলেক অপেক্ষা কৰা।
 হায়! কি বাৰ্ত্তা অনিলে আজি
 দুৰ্ম্মুখ দুৰ্ম্মুখে?
 এয়েইনে মহাকাল?
 এয়েইনে কালগ্ৰাস?
 আজি ৰাম দেহ-তৰী,
 ঘোৰ স্ৰোতস্বতী মাজে,

[ ১৮ ]

কাণ্ডাৰী বিহীন!
দৃশ্য অতি মনোহৰ।
ভাহিছে সুবৰ্ণ তৰী
নদীৰ মাজেদি।
দুফালৰ দুধাৰা শুৱনী পানী,
কামিনীৰ কেশপাশ সম,
বতাহত ঢৌ খেলি খেলি,
যেন পৰিছে মুকলি হৈ,
আউলী বাউলী হৈ।
সুৱৰ্ণ তৰী ফুৰিছে শেওঁতা ফালি,
ঠিক যেন ননী-হাতে সমৰ হে ফণি।
অযোধ্যাবাসী!
দৃশ্য দেখি তৃপ্ত হোৱা।
ৰাম নহয় বিৰত আজি,
উৎসৰ্গিব নিজ দেহ
এই ঘোৰ বিপদ সলিলে।
প্ৰিয়ে! ক্ষণেক কাৰণে,
দিবা নে বিদায় ৰামে?
অবিলম্বে পশিম পুনৰ এই
পৱন দুলিত ফুলবনে;
ফুল্ল প্ৰাণে পুনু
চুমিম তোমাৰ
প্ৰফুল্ল কমলে।

[ ১৯ ]

বৈদেহী।—নাথ! এয়েনে যক্ষৰ ভাও,
ৰঙ্গভূমি নন্দন কাননে?
ৰাজ কাৰ্য্য তুলনাত,
প্ৰিয়াটীৰ প্ৰেম,
কূপ জলাভাবে,
গো খোজৰ জল সম।
ৰাম।—গৃহলক্ষ্মী, ৰাজলক্ষী,
মোৰ মনে বিভিন্ন নহয়।
লক্ষ্মীৰ তুষ্টিৰ অৰ্থে,
মোৰ এই ক্ষণিক বিদায় ভিক্ষা৷
(যাওতে যাওঁতে) পুনৰ আহিম প্ৰিয়ে!
মুহুৰ্ত্তেক বহাঁ।

(নিষ্ক্ৰান্ত)


বৈদেহী।—( অকলশৰে ফুৰোঁতে ফুৰোঁতে)
এই নাথ, এই পথে,
চাওঁতে চাওঁতে,
পাপিনীৰ
দুধাৰি চকু–লো
চকুতেই এৰি
গুচি গ’ল।
কেওঁ নাই!
জগতত পাপিনীৰ
দুখ বুজা কেও নাই।

[ ২০ ]

পাপিনীৰ দুধাৰি চকুলো,
নাথ বিনে কোনে মচি দিব?
আগ্নেয়গিৰিৰ তেল
অগ্নিতেই লোপ পায়;
সেই দৰে,
মোৰ বেজাৰ-আগ্নেয়গিৰি
নিঃসৃত, চকুৰ পানী
পৰি এই বেজাৰ অনলে তপ্ত
হৃদয় আসনে
মাৰ যাওক,
মাৰ যাওক।

(মূৰ্চ্ছা)


অপ্সৰীসকলৰ পুনৰ প্ৰবেশ আৰু গীত।


(এজুপি গুটি মালী ফুললৈ আঙ্গুলিয়াই )


অভিমানে গুটিমালী,
কান্দি জঁয় পৰিছে।
নিৰ্দ্দয় ভোমোৰা,
দূৰে দূৰে ফুৰিছে।
(নেপথ্যে ৰামৰ বিলাপ)
দুৰ্ম্মুখ অ! কি বাৰ্ত্তা আনিলি আজি!
কঁপিছে হৃদয় তন্ত্ৰী সমুদয়,
নিৰ্ম্মল প্ৰণয়ে বিপদ ভাবি।

[ ২১ ]

বৈদেহী।—(চেতন পাই)
কাৰ সকৰুণ মাতে,
ভেদিলে গগন?
ক’ত মাতে?
কেনি মাতে?
কোন দিশে
বৰষিছে এই
কৰুণ ৰসৰ ধাৰা?

(অন্তঃপুৰৰ ফালে প্ৰাস্থান।)

দ্বিতীয় অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

দৃশ্য—ৰাজসভা।

(শ্ৰীৰামচন্দ্ৰ, বিজয়, মধুমত্ত, কশ্যপ আৰু ভদ্ৰ উপবিষ্ট।)

ভদ্ৰ।—আচৰিত! আচৰিত!! বৰ আচৰিত কথা!!!
 যাৰ নামে অপবাদ দূৰ হয়,
 সি জনাৰে অপবাদ?
 ক্ষান্ত হোক নৰনাথ!
 আপুনি ইক্ষাকু কুলৰ শ্ৰেষ্ঠ,
 যাৰ বুদ্ধিবলে বৃহস্পতি নত।
 প্ৰভু! সামান্য প্ৰজাৰ কথা

[ ২২ ]

অমূলক ভাবি,
ৰাখোক দাসৰ মান।
নিৰ্ম্মল ইক্ষাকু কুলে,
পত্নী বিসৰ্জ্জনৰূপ
কলঙ্ক পিশাচে,
নাপাওক জুৰণি যেন।
ৰাম—ভদ্ৰ! শুনিবৰে পৰা পাপী
দুৰ্ম্মুখৰ মুখে,
ধোবা ধুবুনীৰ কথা,
হৃদি মোৰ শত খণ্ডে
বিদাৰিছে।
কোনে জানে,
আজি ৰাম-সৰোবৰ মাজে
কত শোক-ঢৌ
উঠলিছে নিজমিছে!
কিন্তু মহা মন্ত্ৰী ভদ্ৰ!
পৱিত্ৰ অযোধ্যা পুৰি,
মোৰ এই তুচ্ছ জীৱনান্তে
পৱিত্ৰ থাকিব।
সামান্য ভাৰ্য্যাৰ স্নেহে,
পুত্ৰ সম
অযোধ্যাৰ প্ৰজা সবে
নকৰিব অসন্তুষ্ট।

[ ২৩ ]

জানকীক নিৰ্ব্বাসন দিম,
দেশ মই পৱিত্ৰ কৰিম,
প্ৰজা মনে শান্তি সিঁচি দিম,
তেহে ভদ্ৰ,
মোৰ এই পাপৰ জোখাই
প্ৰায়শ্চিও হব।
ভদ্ৰ—ৰঘুনাথ!
ক্ষমিয়োক অপৰাধ
নিবেদিম শ্ৰীচৰণে,
আপোনাৰ মনৰ বেদনা মাত্ৰ।
নিষ্পাপ জানকী বুলি
জগতে বখানে,
সাক্ষী তাৰ স্বৰ্গী ৰজা।
গাণ্ডীৱ নিঃসৃত
তীক্ষ্ণ শৰ জালে
নকঁপে হৃদয় মোৰ
জানা হৰি।
প্ৰভুৰ অমতে
মত দিয়া বাবে,
দারুণ নৰ্কৰ ভয়
অতিক্ৰমো অৱহেলে;
কিন্তু মই নাথ,
গোহাৰিম শ্ৰীপদত,

[ ২৪ ]

নিৰ্দ্দোষিনী
পতিপ্ৰানা
জানকীৰ বনবাসে,
ৰটিব কলঙ্ক ভৱে
ভদ্ৰৰ নাথৰ,
এই ভয়ে কঁপিছে হদয় মোৰ!
মধুমত্ত— প্ৰজাৰ চকুত,
সৰ্ব্বদায়
ৰজাৰেই অপৰাধ।
এনে বিধ
চকুচৰহাৰ
যুক্তিহীন
অপ্ৰমাণী কথা শুনি,
সতীৰ দুৰ্গতি, নাথ,
খণ্ডোক ইবাৰ।
প্ৰভু! দুৰ্গতিনাশন!
বিজ্ঞ জগতত
আপোনাৰ দুৰ্গতিনাশন নাম
কৰোক প্ৰচাৰ।
কশ্যপ—নিৰ্দ্দোষীক দণ্ড দিয়া
সজ্জন গৰ্হিত।
ৰাম—এটিক মাৰিলে অনেকৰ প্ৰাণ ৰয়,
এটিক দণ্ডিলে অনেকৰ মুক্তি হয়।

[ ২৫ ]

এনে বধ দণ্ডে জানো শাস্ত্ৰৰ সন্মত
তেন্তে কিয় হব ৰাম ই কাৰ্য্যে বিৰত?
অচিৰে কলঙ্ক-ভূত দূৰীভূত হব,
অচিৰে জানকী ঘোৰ কাননে পশিব।
এই মোৰ ইচ্ছাৰূপ স্ৰোতস্বতী ভেটি,
নহবা সফলকাম, জানা সভাসদ!

(প্ৰস্থানোদ্যোগ )

ভদ্ৰ—(ঠিয় হৈ) ধিক্ এনে মন্ত্ৰীত্বতো ধিক্‌!
যাৰ মন্ত্ৰীত্বত নিৰ্দ্দোষীয়ে দণ্ড পায়!
যাৰ মন্ত্ৰীত্বত ৰজাৰ কলঙ্ক হয়।

দ্বিতীয় গৰ্ভাঙ্ক।

দৃশ্য—শ্ৰীৰামচন্দ্ৰৰ ভিতৰ চ’ৰা।

(অকলসৰে শ্ৰীৰামচন্দ্ৰ উপবিষ্ট।)

ৰাম—( নিৰ্জ্জন ঘৰত )
উঃ! আজি মই,
কোন নো সতেৰে,
প্ৰিয়া জানকীক,
লোকাপবাদৰ ভয়ে,
নিৰ্ব্বাসন দিম্‌?
পাপী লঙ্কাপতি!

[ ২৬ ]

জীৱনে মৰণে তই
নকৰ কল্যান!
ধিক্‌ তোৰ ভুজবল,
ধিক্‌ ৰাজ্যভাৰ,
ধিক্ তোৰ দশানন,
সমস্ত অসাৰ তোৰ!
নিজে অধোগতি হ’লি,
পৰকো মাৰিলি,
মৰিও পৰৰ তই
অনিষ্ট সাধিলি!
বিলাপ।
মহাশোকে দিলে দৰশন;
আঁতৰিল সুখ আশা বিষাদিত মন।
সাংসাৰিক সুখযত
নিমেষতে ভষ্মীভূত,
উথলিল শোকসিন্ধু ঘোৰ গৰজন।
(চক্ মক্‌ খাই) অ, সীতা বিসৰ্জ্জন ভয়ে
কৰ্ত্তব্য পাহৰি,
সূৰ্য্যবংশ যশ নাশে
উদ্যত শ্ৰীৰাম!
লোকাপবাদৰ ভয়
বিদূৰিত হ'ল;

[ ২৭ ]

ইক্ষাকু কুলৰ মই,
কলঙ্ক আৰ্জ্জিলোঁ!

(নেপথ্যে পদশব্দ )


কাৰ পদব্ৰজে
কঁপিছে মেদিনী!
যেন মুৰ্হুমুহু ভূমিকম্প!

(ভৰত, লক্ষ্মণ আৰু শত্ৰুঘ্নৰ প্ৰবেশ আৰু সাষ্টাঙ্গে
ৰামক প্ৰণিপাত।)

প্ৰজাৰ হিতত যেন
মতি থাকে সৰ্ব্বদায়।
তিনিওটি ধনুৰ্ব্বান হাতে
সমৰৰ বেশে ?
ভৰত—ককাই দেউ! কিঙ্কৰৰ অপৰাধ
ক্ষমিব আপোন গুণে।
দূত মুখে
নাপালোঁ সঠিক বাৰ্ত্তা,
নুবুজিলোঁ মতাৰ কাৰণ।
ৰাম—বোপা! যথাৰ্থতে মতাৰ কাৰণ,
নহয় সমৰ অৰ্থে বীৰে বীৰে।
যুদ্ধ ইটো ভাগ্যে মনে।
শুনিলোঁ দুৰ্ম্মুখ মুখে,
জানকীক ৰখা বাবে,

[ ২৮ ]

নগৰে প্ৰান্তৰে
কলঙ্ক ৰটনা হয়
অধম ৰামৰ।
সামান্য ৰজকে
ঘিণিছে ৰামক,
দশাননে স্পৰ্শ কৰা
জানকীক ৰখা বাবে।
এই হেতু ইচ্ছা মোৰ,
বিসৰ্জ্জিম জানকীক,
পৱিত্ৰ ইক্ষাকু কুল
পৱিত্ৰ ৰাখিম।
ভৰত—ককাই দেউ!
নিৰ্ম্মল আকাশে যেনে,
মল পৰশিলে,
গৰজে ভীষণ খঙ্গে
বজ্ৰাঘাতে মল নাশ কৰে,
নতু ভীম পৰাক্ৰমে,
চেপি মল দৈত্যবৰে,
তাৰ দেহস্থিত ৰস বাজ কৰে।
সেই ৰসে মেদিনী সজীৱ,
সেই দৰে,
মলদ্বেষী—ৰঘুবংশধৰে
নিবখি নিৰ্ম্মল দেহে

[ ২৯ ]

মনৰ ৰেখাটি,
প্ৰজাৰ হিতৰ এটি
ব্যৱস্থা কৰিছে,
তাত মোৰ মাতিবৰ হক্‌ নাই;
কিন্তু যদি আজ্ঞা হয়,
নিবেদিব পাৰোঁ পদে
দাসৰ যি মত।
ৰাম—বোপা! মতৰ কাৰণে মাত্ৰ
তোমালোক আমন্ত্ৰিত।
ভৰত—হওঁতে ভৰত মই নিতান্ত অজ্ঞান,
ধৰ্ম্মাধৰ্ম্ম বুজ নাই।
তথাপিও, ৰঘুকুল ধুৰন্ধৰ!
পৰমাত্মারূপে এটি অতুল জ্ঞানৰ ওজা
বিৰাজিছে প্ৰতি ঘটে ঘটে।
সেই পৰমাত্মারূপ মন্ত্ৰীৰ সহায়ে,
ডাঠ্কৈ‌ কব পাৰোঁ সবাৰো সমক্ষে,
মহালক্ষ্মী জানকীৰ সতীত্বত ভাঁজ নাই।
বিশেষত, দেখোক অয্যোধানাথ,
সাক্ষী তাৰ অগ্নিদেৱ,
সাক্ষী তাৰ পিতৃ দেৱ,
সাক্ষী তাৰ চন্দ্ৰ সূৰ্য্য মৰুৎ আকাশ।
এতেকে হে প্ৰাণীৰ পৰম বন্ধু,
দয়াল ঠাকুৰ,

[ ৩০ ]

পৰীক্ষি লক্ষ্মীক, বিশ্ব জ্ঞান সৰোবৰে,
তৃপ্ত হোক নিজ গুণে।
শত্ৰুঘ্ন—(ভৰতলৈ চাই) ককাই দেউ! মোৰ মনে,
প্ৰথমতে চাব লাগে,
কাৰ দোষে
আৰ্য্যৰ ই কোপ ভাৱ?
কাৰ দোষে
মহালক্ষ্মী জানকীৰ
অকাৰণে অপবাদ?
নোহোঁ আমি প্ৰজাভীৰু
দুৰ্ব্বল কৃশাঙ্গ,
আদেশ কৰোক,
নাগ পাশে বান্ধি, নতু
মৰ্ম্মভেদী বাণে হানি
বিদ্ৰোহীৰ শেষ কৰোঁ।
ৰাম—কাৰ দণ্ড?
দণ্ড হব অযোধ্যাবাসীৰ!
ছিঃ! ধিক এনে বাহুবল!
প্ৰজাৰ শান্তিৰ অৰ্থে,
উৎসৰ্গিত প্ৰাণ মোৰ,
নাজানা নে?
মোৰ প্ৰায়শ্চিত্ত হেতু,
প্ৰজাই কলঙ্ক ৰটে,

[ ৩১ ]

সি প্ৰজাক দণ্ড দিবা তুমি!
জানানে শত্ৰুঘ্ন!
প্ৰজাৰ মঙ্গল হেতু
গাণ্ডীৱ শোভিব হাতে
তোমাৰো বিৰুদ্ধে।
প্ৰতিজ্ঞা ৰামৰ, অজি
বিসৰ্জ্জিম জানকীক।
যদি কোনো জনে
ই কাৰ্য্যত বিঘিনি ঘটাব খোজে,
সি জনেই ৰাজদ্ৰোহী।
লক্ষ্মণ! কালিলৈ পুৱা,
থবা গৈ জানকীক
তমসা নদীৰ তীৰে,
বাল্মীকিৰ আশ্ৰমত।
যথাৰ্থতে জানকীৰ
ইচ্ছাও আছিল,
এবাৰ চাবগৈ সেই,
মহা মুনি বাল্মীকিৰ,
পৱিত্ৰ আশ্ৰম।
ইচ্ছা ফলৱতী হ'ল;
শ্ৰীৰামৰ সুখতৰা,
ঢাকিলে ডাৱৰে।
যাওঁ, যাওঁ মই;  ( প্ৰস্থানোদ্যোম )

[ ৩২ ]

কিন্তু শান্তি কত?
আজি মোৰ যাবলৈ ঠাই নাই।
যাওঁ নতু
জানকীৰ কাষলৈ;
এবাৰ স্নেহভৰা মুখে
কথা দুটি কৈ,
হেপাহ পলাওঁ।
ঘোৰ প্ৰতাৰণা!
ঘোৰ প্ৰতাৰণা!!
মোৰ চেনেহুৱা মাত পাই,
কত স্নেহ-ৰস ঢালি দিব তেওঁ।
লেন ধৰি কত কথা ক’ব।
আকৌ মোৰ হৃদয় ৰাজ্যৰ ৰাণী হব।
মিচিকীয়া হাঁহিটি মাৰিব,
থুতৰিত ধৰি সাদৰ লগাব।
কাক?
ঘোৰ প্ৰতাৰক শ্ৰীৰামচন্দ্ৰক।
হায়!
বনৰীয়া আজলী হৰিণটিয়ে
কি বুজে ব্যাধৰ কেনে
শিলেৰে গঠিত হিয়া!
দুৰাচাৰ দুৰাচাৰ ৰাম!
পৰিহৰ প্ৰতাৰণা।

[ ৩৩ ]

আজি ৰাতি,
বিদেহ দুহিতা
থাকক অকলসৰে।
নসহে পৰাণে!
নসহে পৰাণে!!
প্ৰিয়াটিয়ে
ত্যজিব পৰাণ,
নেদেখিলে
প্ৰতাৰক ৰামে।
যাওঁ, যাওঁ অকলেই।
এন্ধাৰে এন্ধাৰে যাওঁ।
ইস্থানত শান্তি নাই, শান্তি নাই।

(নিস্ক্ৰমণ )


ভৰত—যাওঁ, ময়ো যাওঁ।
যি পোনেদি,
হিমাচল বক্ষ ভেদি,
নিজৰা জলৰ ধাৰা,
ভীমাকাৰ শোক-ঢৌ তুলি,
বই গল তীৰ বেগে,
সেই পোনে যাওঁ।

(নিষ্ক্ৰান্ত)


শত্ৰুঘ্ন—অশান্তি!
ঘোৰ অশান্তি!!

[ ৩৪ ]

অযোধ্যাৰ ৰাজ অন্তঃপুৰে,
কোনে আজি লগালে অগণি
ধন জন ভষ্মীভূত প্ৰায়।
লক্ষ্মণ—বিলম্বৰ নহয় সময়।
সকলোটি যাওঁ,
চাওঁ গৈ
আৰ্য্যৰ বিশ্ৰাম স্থান।
যদি আৱশ্যক হয়,
সি জনৰ অনুগামী হৈ,
সকলোৱে, লভিম বিশ্ৰাম।
ভয় নাই,
হক সিটো
অনন্ত বিাশ্ৰম
(শত্ৰুঘ্ন আৰু লক্ষ্মণৰ নিষ্ক্ৰমণ)।


তৃতীয় অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

দৃশ্য-গঙ্গাৰ পাৰৰ হাবি।
লক্ষ্মণ আৰু জানকীৰ উপবেশন।

লক্ষ্মণ—বৌদেউ! উপস্থিত কাৰ্য্যসূত্ৰত অযোধ্যানাথে মোক জগতৰ নিন্দাৰ পাত্ৰ কৰিলে। নিষ্ঠুৰ কাৰ্য্যত নিযুক্ত হোৱাতকৈ মৃত্যুয়েই মোৰ পক্ষে অসংখ্য গুণে সুখকৰ আছিল। [ ৩৫ ] বৈদেহী—বোপা! আজি তুমি ইমান অস্থিৰ হৈছ৷ কিয়? মোৰ শিৰৰ মুকুট অযোধ্যানাথৰে কিবা অমঙ্গলৰ চিন পাইছা নে কি? নতুবা মোক তপোবন দেখাবলৈ আনি ইমান শোকাকুল হ’বৰ কাৰণ কি? মোৰে শপত, শীঘ্ৰে ব্যাকুল হোৱাৰ কাৰণ মোৰ আগত প্ৰকাশ কৰা?

লক্ষ্মণ—বৌদেউ! মই মহাপাতকী। নিজৰ চকুৰ আগত যাৰ বিশুদ্ধি সপ্ৰমাণ হৈছে, যাৰ সতীত্বৰ তেজে মহা তেজস্বী হুতাশনকো পৰাস্ত কৰিলে, আজি লোকাপবাদ-ভীৰু মহাৰাজৰ আদেশত সেই মহাসতীক বিবিধ হিংস্ৰজন্তু সমাৰ্কীণ অৰণ্যত বনবাসিনী কৰি ....... (ক্ৰন্দন)।

বিলাপ।

হায়! জানকী বনবাসিনী!
অযোধ্যাৰ ৰাজৰাণী, ঘোৰবনে ভীক্ষাৰিণী॥
দেখা দেখা তরু লতা, ৰাক্ষস বনদেৱতা,
সকলোৱে ৰক্ষা কৰা, অযোধ্যাৰ মহাৰাণী॥
ৰঘুকুল ধুৰন্ধৰ, প্ৰজা বন্ধু নিৰন্তৰ,
সেই হেতু বন মাজে জনক নন্দিনী॥
ৰাজাজ্ঞা পালন কৰোঁ, (মা) চৰণ দুখানি ধৰোঁ,
লক্ষ্মণৰ যত দোষ ক্ষমিবা জননী॥
(ঠিয়হৈ) বিধাতা!
পৰম পবিত্ৰা
জনক নন্দিনী,

[ ৩৬ ]

পতি প্ৰাণা,
সতীৰ আদৰ্শরূপা,
অতি দয়াৱতী।
নিষ্কলঙ্ক
ইক্ষাকু কুলৰ
কলঙ্ক মোচন হেতু ৰামে
বামাঙ্গ বৰ্জ্জন কৰি
সাধিলে প্ৰজাৰ হিত।
হে সূৰ্য্যদেৱ!
গভীৰ অৰণ্য মাজে,
পঞ্চ মাস গৰ্ব্ভৱতী
সীতাৰ ৰক্ষাৰ ভাৰ
অৰ্পিলোঁ তোমাক।
হে বনদেবী!
অযোধ্যাৰ ৰাজৰাণী
সখীয়া তোমাৰ,
লক্ষ্মীৰূপা জানকীক
ৰাখিবা কুশলে।
হে বায়ুদেৱ!
পতিৰ বিৰহ শোকে
অধীৰা সীতাক তুমি
অনুগ্ৰহ প্ৰদৰ্শাবা
মলয় ব্যজনে।

[ ৩৭ ]

হে স্বৰ্গীয় দেৱতাসকল!
তোমাৰ মৰমৰ
জানকী সতীক যেন
ৰক্ষা কৰা সকলোৱে
ঘোৰ বন মাজে।
হে মাংসাশী বনচৰসকল!
শ্ৰীৰামৰ মুখ চাই,
ৰিপূ সব হৰুৱাই;
প্ৰিয়ব্যৱহাৰ যেন
কৰিবা সীতাত
বৌদেউ!
সমগ্ৰ জগৎখন
অদৃষ্টৰ বশ।
যেতিয়া যি হব,
তাক কোনে আঁতৰাব পাৰে?
ৰাজ প্ৰাসাদত তুমি,
আছিলা এদিন;
সুখ দিন উকলিল,
ভাগ্যলক্ষ্মী আঁতৰিল,
গহীন বনত আহি
হ’লা একাকিনী।
ঈশ্বৰ মঙ্গলময়,
অৱশ্যে তোমাৰো জয়

[ ৩৮ ]

অৱশ্যেই আছে।
কাতৰে মিনতি কৰি
মাতিছোঁ চৰণে পৰি,
নকৰিবা শোক যেন
অৰণ্যত থাকি।
ওচৰতে বাল্মীকি আশ্ৰম
অতি মনোৰম,
পাবাগৈ অপ্ৰয়াশে।
বৈদেহী-বোপা লক্ষ্মণ!
সুমিত্ৰা শাহুৰ তুমি
যতনৰ ধন।
নহবা বিহ্বল আৰু
হাবিৰ মাজত।
পাপিনীয়ে কৰ্ম্মফল
অৱশ্যে ভুগিব,
ভাগ্যৱানে তাত কিয়
বেজাৰ কৰিব?
স্বীয় প্ৰাণনাথ
বিমুখ সীতাৰ প্ৰতি,
বিমুখ নগৰবাসী,
এনে সীতা বনতে থাকিব।
প্ৰাণনাথ,
ৰঘুনাথ,

[ ৩৯ ]

প্ৰকৃত প্ৰজাৰ নাথ!
অপবাদ অধৰম
নোৱাৰে থাকিব
যাৰ পৱিত্ৰ ৰাজ্যতে;
তেওঁ কিয়,
সামান্য ভাৰ্য্যাৰ স্নেহে
পৱিত্ৰ কুলৰ এনে
কলঙ্ক ৰাখিব?
অত্যন্ত ধাৰ্ম্মিক ৰজা
প্ৰাণনাথ মোৰ,
ধৰ্ম্মেৰে পালিব প্ৰজা,
এনে ভাগ্যৱতী কোন মেদিনীমণ্ডলে?
কিন্তু বোপা!
এটি দুখ অন্তৰত
জ্বলিছে বিশেষকৈ;
বিনে সেই প্ৰাণ নাখ,
জীম মই কেনেকৈ?
যাক নেদেখিলে মোৰ
সুখ শান্তি দূৰ হয়,
যাক নেদেখিলে
কান্দি ব্যাকুলিত হওঁ;
যাৰ পদ সেৱা বিনে
জানকীৰ গতি নাই,

[ ৪০ ]

সি জন বিহনে মোৰ
মৃত্যু অতি সুনিশ্চয়।
জাহ্নবীজলত, নাই
অগ্নি চিতা জ্বালি হায়!
মৰোঁ মই এতিযাই,
এৰাওঁ জঞ্জাল!
স্বামীপদ শিৰে লওঁ,
ভৱসিন্ধু পাৰ হওঁ,
অতিক্ৰম কৰোঁ আজি
বিষাল কৰাল!
উঃ! বংশ লোপ হয় তাতো
জানকীনাথৰ।
বোপা!
শ্ৰীমুখৰ আজ্ঞা পালাঁ,
দেশলৈ যোৱাঁ,
শাহুসকলক মোৰ
বাতৰি জনোৱাঁ।
দদাৰাক ক’বাঁ,
যেন নকৰে বেজাৰ;
পুত্ৰ ভাবে পালে যেন
প্ৰজা অযোধ্যাৰ।

 হাঁ নাথ! আপুনি ক’ত! ক’ত সেই অযোধ্যা! ক’ত মোৰ প্ৰিয় প্ৰজাসকল! সখিসকল আৰু আইসকলেই বা ক’ত!

[ ৪১ ]

লক্ষ্মণ-(থৰক্‌বৰককৈ) ধিক, ধিক, ধিক লক্ষ্মণৰ নিষ্ঠুৰ হৃদয়!
প্ৰতিকাৰ কৰ নিজে শতধা বিদীৰ্ণ হৈ।
উপমাবিহীন সতী
বিদেহ দুহিতা,
অযোধ্যাৰ পটেশ্বৰী,
হায়! কেনেকৈ থাকিব বনত।
কোন সতে এৰি যাওঁ মই!
ৰজাৰ আদেশ।
অৱশ্যে পালন মই কৰিব লাগিব।
বৌদেউ! নাকান্দিব আৰু হিয়া মোৰ ফাটি যায়।

বিলাপ।


হিয়া মোৰ ফাটি যায়, হিয়া মোৰ ফাটি যায়,
হিয়া মোৰ ফাটি যায়।
(মা) চৰণ দুখানি চাওঁ, শোকবহ্নি নুমুৱাওঁ,
নমিলে যি পাদপদ্মে পৰাণ জুৰায়।
কাতৰে মিনতি কৰোঁ, চৰণ দুখানি ধৰোঁ,
অধম লক্ষ্মণে এবে মাগিলোঁ বিদায়।

 (চকুৰ পানী মচি মচি সীতাৰ ফালে উভতি উভতি চাই অযোধ্যাভিমুখে ধীৰে পাদ বিক্ষেপ পূৰ্ব্বক প্ৰস্থান।)

[ ৪২ ]

একাকিনী বৈদেহীৰ বিলাপ।

দয়াৰ আধাৰ, পুণ্য পাৰাবাৰ,
 দুৰ্ভগা জানকী জীৱন।
বনফুল হাৰে, পুজোঁ হেপাহেৰে,
 সেৱোঁ ৰাতি দিনে চৰণ॥
নিৰ্জ্জন কাননে, পশু পক্ষীগণে,
 লভোক তোমাৰ চৰণ;
চতুৰ্দ্দিকে মই, দেখোঁ ৰামময়,
 কৰোঁ সুখে বিচৰণ।

(অচেতন )

(ঋষিকুমাৰসকলৰ প্ৰবেশ)

প্ৰথম কুমাৰ— আ হা হা! কেনে শুৱনী! কেনে শুৱনী!! ইস্ বনখানকেই পোহৰ কৰিব লাগিছে। আহা হা! কেনে সুন্দৰী!! কেনে সুন্দৰী!!!

দ্বিতীয় কুমাৰ— নহয় ভাই! কান্দিছে গুণেহে মুখখনি জুইৰ দৰে জিলিকিছে। ভাই কান্দিছে বা কিয়? অহিছে বা ক'ৰ পৰা? দেহি ঐ! কেনেকৈ উচুপি উচুপি কান্দিছে চোৱাঁছোন।

তৃতীয় কুমাৰ—ভাই এওঁ নিশ্চয় কোনোবা স্বৰ্গৰ দেবী। আমাৰ প্ৰভুৱে দেখিলে নিশ্চয় চিনিব পাৰিব। আমাৰ প্ৰভুৱে ভাই, স্বৰ্গৰ দেৱদেৱীবিলাককো চিনে নহয়। ব’লা প্ৰভুক বেগেতে মাতি আনোগৈ। [ ৪৩ ] প্ৰথম আৰু দ্বিতীয় কুমাৰ—ব'লা ব’লা বলা।

(হাত ধৰাধৰিকৈ দেও মাৰি মাৰি গীত গাই গাই
বাল্মীকিক বিচাৰি যায়।)

গীত।

ব’লা ব’লা লৰালৰি,
হাত ধৰাধৰি কৰি;
মাতি আনো প্ৰভুক বেগাই,
দেখুৱাওঁহি বনদেবী।

(ক্ষণেকান্তে বাল্মীকি আৰু ভলুকা লিতিকাই সহ ঋষিকুমাৰ সকলৰ পুনৰ প্ৰবেশ)

প্ৰথম কুমাৰ—(অঙ্গুলিয়াই) সৌৱা, সৌৱা, সৌৱা। প্ৰভু সেই ফালেই দেখিছেনে? সৌৱা, সৌৱা।

দ্বিতীয় কুমাৰ—এঃ দেখা নাইনে কি? সৌৱা নহয়, গোটেই ভোটা তৰাটো জিলিকাদি জিলিকিব লাগিছে।

তৃতীয় কুমাৰ—ভলু! তই দেখিছনে অ? চাছোন, কেনেনো সুন্দৰী। আমি কোৱা কথা এতিয়া সচাঁনে মিছা ঔ?

লিতিকাই—ভালেই হৈছে বুপাই! বুঢ়া কালত তেও বাপু দেউৰ কপালখান মুকলি হ’ল। এই বাৰ আৰু বাপুৱে মলাগুটি জপিবলৈ এৰিব। বাপুৰ খোজৰ থৌকিবাথৌকি নেদেখিছা। [ ৪৪ ]

ভলুকা লিতিকাইৰ

গীত।

বাপু কেনে মজাৰ ঢৌ।
এই চিপত পৰি যাব দহনখীয়া ৰৌ॥
বাপুৰ চকুৰ কেনে পাক্,
ত'ত দেখিয়েই অবাক্,
পেট ভৰি মজা কৰি
খোৱাঁ বাপু মৌ॥

বাল্মীকি—(অলপ খংমুৱাকৈ উভতি চায়) মনেমনে আহিব নোৱাৰহঁত নে?

লিতিকাই—খুব প্ৰভু! খুব পাৰোঁ। যেনে তেনে মতে কাৰ্য্যটো সিদ্ধি হওক।

বাল্মীকিক দেখি জানকীৰ পাগলিনী বেশে

বিলাপ।

নাথ,নাথ,কেনে নাথ,  কিয় নাথ, ক’ত নাথ,
 ক'ত আছে দুখুনীৰ নাথ?
এই নাথৰ মাত শুনিলোঁ,  নাথৰ গাতে গা লগালোঁ,
চোঁৱা পথিক, চোৱাঁ চোৱাঁ,  আকৌ হঠাৎ হেৰুৱালোঁ।

বাল্মীকি—পতিব্ৰতে! ইমান অধৈৰ্য্যা হৈছা কিয়? স্থিৰ হোঁৱাছোন, মই পথিক নহওঁ, তোমালোকৰ পুৰ্ব্ব পৰিচিত বাল্মীকি।

বৈদেহী—ধৈৰ্য্য, ধৈৰ্য্য, ধৈৰ্য্য, কাৰ আছে ধৈৰ্য্য? [ ৪৫ ]

প্ৰাণনাথ একমাত্ৰ ধৈৰ্য্যৰ সাগৰ;
ধৈৰ্য্য-জলে স্নান মাত্ৰে ধৈৰ্য্য লাভ হয়;
কিন্তু সেই ধৈৰ্য্য-জল নাথৰ লগত।
ক'ত আছে প্ৰাননাথ অভাগীৰ নাথ?
প্ৰভু! দেখুয়াই দিয়াঁ,
মাতিছোঁ চৰণে ধৰি।
বাল্মীকি—তোমাৰ প্ৰাণনাথ সৰ্ব্বত্ৰে বিৰাজিছে।
গহন কাননে,
বিজন বিপিনে,
আকাশে পাতালে,
তযু প্ৰাণনাথ।
আত্মাই আত্মাই,
শিৰাই শিৰাই,
পৰ্ব্বতে গহ্বৰে,
কৰিছে বিৰাজ।
অটল সমুদ্ৰ,
জগত ব্ৰহ্মাণ্ড,
স্বৰগ বৈকুণ্ঠ,
যাৰ অন্তৰত।
চন্দ্ৰ সূৰ্য্য অগ্নি,
তাৰকা মণ্ডলী,
প্ৰকাশে শততে
যাৰ আদেশত।

[ ৪৬ ]

নেদেখোঁ অভাব,
সৰ্ব্বত্ৰে প্ৰকাশ,
ৰোগী হৃদিমণি,
 যোগেশ ইশ্বৰ।
যোগচৰ হৰি
যোগেশ্বৰ হৰি,
যোগাসনে হৰি,
 দৈন দশা হব।

ঋষিকুমাৰসকল—(বৈদেহীৰ আঁচলত ধৰি)

গীত।

ব’লা মা, ব’লামা, ব’লা মা, ব’লা মা;
আশ্ৰম চাবলৈ, আমাৰ ঘৰলৈ।
আমি সকলোৱে সুখে ৰাতি দিনে,
পুজিম শ্ৰীচৰণ, ব’লা আশ্ৰমলৈ।

বাল্মীকি—পতিব্ৰতে! মোৰ আশ্ৰমলৈ আহি তুমি জোৰকৈ থাকিলে মোৰ মনত বৰ বেদনা হব। দেখা, আশ্ৰমৰ তপোনিষ্ঠ তাপসীসকলে তোমাক নিজৰ কন্যাৰ দৰে প্ৰতিপালন কৰিব। আশ্ৰমৰ তুমিয়েই মহাৰাণী হবা। এই অৰ্থ লোৱাঁ, মোৰ ওপৰত বিশ্বাস কৰাঁ, আনন্দেৰে আশ্ৰমলৈ যাওঁ ব’লা।

বৈদেহী—(অৰ্থ গ্ৰহণ কৰি) অৱশ্যে আদেশমতে কৰিব লাগিব। ভাল বলক।

(সকলোৰে প্ৰস্থান)

[ ৪৭ ]

দ্বিতীয় গৰ্ভাঙ্ক।

দৃশ্য—বাল্মীকিৰ আশ্ৰম।

হাতত ফুলৰ মলা লৈ মুনিপত্নীসকল আৰু ঋষিকুমাৰসকলৰ

গীত।

অযোধ্যাৰ লক্ষ্মী,  প্ৰাণাধিকা সখী,
 ব’লা ব’লা মিলি সকলো যাওঁ;
বনফুল হাৰে, পূজোঁ হেপাহেৰে,
 অতি সাদৰেৰে আগ বঢ়াওঁ।
পৰ্ণ কুটীৰত, জানকী সখীক, বলাঁ আনি থওঁ;
সকলোৱে বেৰি, প্ৰাণ মন খুলি, দুটি কথা কওঁ।
 দেখিম নয়ন ভৰি,
 শোভিব সীতা সুন্দৰী,
হাঁহি মুখে, মন সুখে,
 সীতাৰ চন্দ্ৰমুখখনি চাওঁ।

(জানকী আৰু ভলুকা লিতিকাইৰে সৈতে বাল্মীকিৰ প্ৰবেশ)

বাল্মীকি— (অলপ আগ বাঢ়ি মুনিপত্নী সকলৰ প্ৰতি) অয্যোধ্যাৰ লক্ষ্মী মহাৰাণী মহাসতী জানকীক প্ৰভু ৰামে বিনা দোষত কেৱল লোকাপবাদৰ ভয়ত বনলৈ পঠাইছে। সম্প্ৰতি মহাৰাণীয়ে আমাৰ আশ্ৰমৰ শোভাবৰ্দ্ধন কৰিব। তোমালোক সকলোৱে তেওঁৰ প্ৰিয় কাৰ্য্য কৰিবা। মহাৰাণীয়ে কোনো বিষয়ত কষ্ট পালে মই নিজে পোৱা যেন বুলি ভাবিম। [ ৪৮ ] প্ৰথম মুনিপত্নী—বহুকালৰ তপস্যাৰ ফলেৰে যি ৰত্ন লাভ কৰিছোঁ, তাৰ প্ৰতিপালৰ বিষয়ে প্ৰভুয়ে আৰু ক'ব লাগিছে নে? ব’লা আমি লক্ষ্মী আইক ঘৰলৈ নিওহঁক।

( সকলোৱে বেৰি গীত গাই গাই জানকীক মলা পিন্ধাই)

গীত।

 ধুন মাৰ চেনেহী সখী,
 আজি বনফুল হাৰে।
বনে বনে ফুল তুলি, গাঁথি মলা যতন কৰি,
আনিছো হে লগৰী, পিন্ধাবৰ মনে।

চতুৰ্থ অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

দৃশ্য-শ্ৰীৰামচন্দ্ৰৰ সভা।

শ্ৰীৰামচন্দ্ৰ, বিজয়, মধুমত্ত, ভদ্ৰ, লক্ষ্মণ ভৰত আরু শত্ৰুঘ্ন উপবিষ্ট।

ৰাম—বোপাহঁত! আমাৰ অনেক দিন ৰাজত্ব কৰা হ'ল। ৰাজত্ব কৰিবলৈ গ'লে পাপ নহয় এনে ভাগ্যৱান পুৰুষ অতি বিৰল। ৰাজ কাৰ্য্যৰ লগে লগে ধৰ্ম কাৰ্য্যৰো অনুষ্ঠান হ'ব লাগে। এবাৰ ধৰ্ম্মৰ মৰ্য্যাদাভূত অক্ষয় আৰু অব্যয় ৰাজশূয় যজ্ঞ কৰি জীৱন চৰিতাৰ্থ কৰিব খোজোঁ, তোমালোকৰ মন কি? [ ৪৯ ] ভৰত—ককাইদেউ! পৃথিবীৰ সমস্ত ৰজা প্ৰজাৰ আপুনি পিতৃতুল্য। ৰাজসূয় যজ্ঞ পাতিলে যে আপোনাৰ ক্ৰোধ উপস্থিত হব; ফলে অসংখ্য প্ৰাণী বধ হব। এতেকে মোৰ মনেৰে এই কাৰ্য্যৰ পৰা ক্ষান্ত পোৱাই মঙ্গল।

ৰাম—বোপা! তোমাৰ কথাত মই বৰ সন্তুষ্ট হলোঁ। পৃথিবী ৰক্ষা সম্বন্ধে তুমি অকুণ্ঠিত ভাবে পুৰুষাৰ্থ সমন্বিত ধৰ্মসঙ্গত কথাকেই কইছা। তোমাৰ সদ্বাক্যানুসাৰেই মই সঙ্কল্পিত ৰাজশূয় যজ্ঞৰ পৰা ক্ষান্ত পালোঁ।

লক্ষ্মণ—ককাইদেউ! ই কোনো কথা নহয়। ধৰ্ম্ম কাৰ্য্যৰ অনুষ্ঠানত যিবিলাক প্ৰাণী বধ হবৰ সম্ভৱ, সেইবিলাক সম্ভৱতঃ কোন বিধৰ প্ৰাণী হব পাৰে? অৱশ্যে ধৰ্ম্মৰ ব্যাঘাতকাৰী হব। পাপীৰ প্ৰায়শ্চিত্ত হবই লাগে। তথাপি যদি ৰাজশূয় যজ্ঞ কৰিবলৈ আপোনাৰ অনিচ্ছা হৈছে, তেন্তে মোৰ প্ৰাৰ্থনা যেন আপোনাৰ অভিৰুচি পৰম পাৱন সুমহান যজ্ঞ অশ্বমেধ যজ্ঞৰ ফালেই প্ৰৱৰ্ত্তিত হয়। পুৰাণত কৈছে পুৰন্দৰ ইন্দ্ৰ ব্ৰহ্মহত্যা পাতকত পৰিও অশ্বমেধ যজ্ঞানুষ্ঠান কৰি পৱিত্ৰ হৈছিল।

ৰাম—সঁচা। অশ্বমেধ যজ্ঞ যৰ্থাথতে শ্ৰেষ্ঠ। বাৰু তোমাৰ কথা মতেই হওক। এতিয়া তুমি অশ্বমেধ বিধানযজ্ঞ দ্বিজপ্ৰবৰ বশিষ্ঠ, ৰামদেৱ, জাৱালী আরু কশ্যপক মাতি আনাগৈ। সিবিলাকৰ লগত পৰামৰ্শ কৰি যথাবিধান লক্ষণ সম্পন্ন অশ্ব বিসৰ্জ্জন কৰা হওক। [ ৫০ ] লক্ষ্মণ—হয় ককাইদেউ, মই সিবিলাকক সভালৈ লৈ আহোঁগৈ।

(নিষ্ক্ৰান্ত)

ৰাম—(ভৰতৰ প্ৰতি) বোপা! অশ্বমেধ যজ্ঞৰ মাহাত্ম্য যথাৰ্থতে অসীম। এই কাৰ্য্যত হাত দিয়া সামান্য মানুহৰ সাধ্যতীত। যদি সুকলমে কাৰ্য্যটি সমাধা হৈ যায় তেন্তে ই অতিশয় সৌভাগ্যৰ ফল বুলিহে ধৰিব লাগিব।

ভৰত—অৱশ্যে ককাইদেউ মহতেই হে মহৎ কাৰ্য্য সাধিব পাৰে। আপুনি ইক্ষাকু কুলৰ শ্ৰেষ্ঠ নৃপতি, আপোনাৰ অসাধ্য পৃথিবীত কি হব পাৰে?

(বশিষ্ঠ আদি দ্বিজসকলেৰে সৈতে লক্ষ্মণৰ পুনৰ প্ৰবেশ)

ৰাম—(প্ৰণিপাত পূৰ্ব্বক) প্ৰভুসকল! অনুগ্ৰহকৈ আসন গ্ৰহণ কৰি যেন ৰামৰ অভীষ্ট সিদ্ধি কৰে!

বামদেৱ—পাছে মহাৰাজ আমাক মতালে বা কিয়?

ৰাম—প্ৰভুসকল! অনেক দিন ক্ষত্ৰিয়ৰ আচাৰেৰে ৰাজত্ব কৰি আজি এভাগি অশ্বমেধ যজ্ঞ কৰিবৰ মন কৰিলোঁ৷ আপোনাসকলে এতিয়া সকলো বিষয়তে পৰামৰ্শ দি কৰাব লাগে।

বশিষ্ঠ—বৰ উত্তম কাৰ্য্য কৰিছে মহাৰাজ! আঃ এই ফেৰিয়েই হে আৰু সাৰ্থক। বোলে “যত দেখা ধন জন, সবে মাত্ৰ অকাৰণ। ভাল কাৰ্য্যলৈ মন কৰিছে। “শুভশ্য শীঘ্ৰং।”

অৱশিষ্ট দ্বিজ—(সমস্বৰে) ‘অসুভস্য কাল হৰণং।’ [ ৫১ ] বশিষ্ঠ—এতিয়া যজ্ঞ ক্ষেত্ৰ নিৰ্ম্মাণ, বন্ধুবান্ধৱৰ নিমন্ত্ৰণ, যজ্ঞ সম্ভাৰ সংগ্ৰহ, স্বৰ্ণ সীতা নিৰ্ম্মাণ আদি কাৰ্য্য শীঘ্ৰে সম্পন্ন হব লাগে। যজ্ঞাৰ্হ্ন লক্ষণযুক্ত এটি কৃষ্ণসাৰ অশ্ব বিচাৰ কৰাওক। পূজাৰ বাবে যি যি বস্তু লাগে তাক গোটাবৰ নিমিত্তে মোৰ লগত কেজন যোগ্যবান মানুহ দিয়ক।

ৰাম—বোপা লক্ষ্মণ! পলম কৰিবৰ সকাম নাই। শীঘ্ৰে মহাত্মা সুগ্ৰীৱক, কামগামী ৰাক্ষসবিলাকে সৈতে অতুলবিক্ৰম ৰাক্ষসৰাজ বিভীষণক, দেশ বিদেশৰ ৰজাসকলক, নৰ্ত্তক নৰ্ত্তকী, সুত্ৰধাৰ আরু ঋষি মুনিসকলক যজ্ঞলৈ নিমন্ত্ৰণ কৰাঁ। গোমতী নদীৰ তীৰৰ নৈমিষাৰণ্যত বহলকৈ যজ্ঞভূমি নিৰ্ম্মাণ কৰিবলৈ আদেশ কৰাঁ। প্ৰজাবিলাকৰ ঘৰে ঘৰে যেন আজি শান্তি বিৰাজ কৰে। ভৰত বোপা! তুমি যজ্ঞ সম্ভাৰ নৰ্ত্তকী আৰু বেপাৰী দোকানীবিলাক যজ্ঞ স্থানলৈ পঠাই দিয়া। তুমি নিজেও আইসকলক লৈ শত্ৰুঘ্নেৰে সৈতে তালৈকে যোৱাঁ। স্বৰ্ণ সীতাও তোমালোকৰ লগতে লৈ যোৱাঁ। বোপা লক্ষণ! তুমি শীঘ্ৰে গৈ নিজ চকুৰে চাই ঘোৰাশালৰপৰা এটি ঘোৰা লৈ আহাঁ আৰু সৈন্য সামন্ত লৈ ঘোৰাৰ ৰক্ষাৰ নিমিত্তে যাবলৈ প্ৰস্তুত হোৱাঁ। মধুমত্ত! তুমি ঘোৰাৰ কঁপালত আৰি দিবৰ নিমিত্তে এখনি স্বৰ্ণাক্ষৰৰ জয়পত্ৰ লেখি দিয়াঁ।

লক্ষ্মণ—ককাইদেউ! মই ঘোৰা আৰু সৈন্য-সামন্ত উলিয়াই লৈ আহোঁগৈ। মধুমত্ত! তুমিও আহাঁ। (উভয়ৰে নিষ্ক্ৰামণ) [ ৫২ ] ভৰত—ককাইদেউ! যজ্ঞত স্বৰ্ণসীতাৰ আৱশ্যক কি?

ৰাম—অশ্বমেধ যজ্ঞত ৰাণী নোহোৱাকৈ ৰজা বহিব নোৱাৰে। যদিও কেতিয়াবা ৰাণী নাথাকে, তেন্তে সোণেৰে ৰাণীৰ প্ৰতিমূৰ্ত্তি এটি কৰিয়েই বামাসনত বহুৱাব লাগে। ৰজাৰ সৰ্ব্বাঙ্গ পূৰ্ণ হব লাগে। নহলে যে ৰজা বামাঙ্গ বৰ্জ্জিত হয়।

ভাৰত—তেন্তে স্বৰ্ণসীতা সম্পূৰ্ণ সীতাৰ আকৃতিৰেই হব লাগিব নে?

ৰাম—যিমান পাৰি চেষ্টা কৰিব লাগে।

(সসৈণ্য়ে ঘোৰা সহ লক্ষ্মণৰ পুনৰ প্ৰবেশ)

লক্ষ্মণ—ককাইদেউ! অভিযানৰ নিমিত্তে সকলো প্ৰস্তুত। আদেশ হ’লেই যাত্ৰা কৰিব পাৰোঁ।

ৰাম—জয় পত্ৰ কি বুলি লিখা হ’ল? এবাৰ পঢ়াছোন?

(বীৰবেশে লক্ষণৰ জয়পত্ৰ পাঠ)

জয়পত্ৰ।

ৰঘুকুল ধুৰন্ধৰ, অযোধ্যাৰ অধীশ্বৰ,
বীৰকুল চুড়ামণি ৰাজ চক্ৰবৰ্ত্তী ৰামে,
পুণ্য হেতু, অশ্বমেধ যজ্ঞ পাতি,
দ্বিগ্বিজয়াৰ্থে অশ্ব কৰিলে মোচন।
অশ্বৰ ৰক্ষাৰ হেতু, শত্ৰুৰ দমন হেতু,
বাহিৰিল সৈন্য সমে কেশৰী লক্ষণ।
যাৰ সাধ্য আছে অশ্ব কৰিব বন্ধন,
নতু অধীনতা মানি, যজ্ঞৰ সম্ভাৰ আনি,
উপস্থিত হব যজ্ঞে, এয়ে নিমন্ত্ৰণ।

[ ৫৩ ]

ৰাম—সুন্দৰ লেখা হইয়াছে। বাৰু বোপা! তুমি এতিয়া যোৱাঁ৷ দ্বিগ্বিজয় কৰি আহি যেন কুশলে মোৰ ওচৰ পোৱাহি।

(সশন্ত্ৰে লক্ষণৰ ৰামক প্ৰণিপাত আৰু সৈন্যৰ গীত বাদ্যাৰম্ভ।)

গীত।

বোলা, বোলা, বোলা ভাই,
 মুখে ৰঘুনাথৰ জয়।
জয় জয় জয় জয়, জয় লক্ষ্মণৰ জয়॥
 ঢাঁ, ঢাঁ, ঢাঁ,ঢাঁ বাজে জয় ঢাঁক,
ঢোঁট্ ঢোঁট্ শবদত জগত অবাক,
 পেঁ-পোঁ পেঁ-পোঁ কালীৰ চিঞৰ ,
কেঁ-কু-কেঁ—কু বীণাৰ সুস্বৰ,
বাজে মৃদঙ্গ দুন্দুভি ভেৰী মন উদগাই॥

(ৰণবাধ্য ধ্বনি কৰি লক্ষ্মণৰ সসৈন্যে প্ৰস্থান)

দ্বিতীয় গৰ্ভাঙ্ক।

দৃশ্য-যজ্ঞক্ষেত্ৰ।

(ৰামচন্দ্ৰ মুনিসকলৰ পাদ বন্দনাত নিযুক্ত।)

ৰাম—প্ৰভুসকল! লক্ষ্মণ বোপাৰ কিবা অসুভ ভাবনাই দেখোঁ হঠাৎ মোৰ হৃদয় অধিকাৰ কৰিলে। সুখ-আশালতা দেখোঁ গুৰিতে ছিগা ছিগা যেন অনুভৱ হৈছে। উঃ বুকুখন ঢপ্ ঢপাইছে কিয়?

( তললৈ মূৰকৈ চিন্তা)

[ ৫৪ ]

ভগ্নদূতৰ প্ৰবেশ।

ভগ্নদূত—(দুৰতে) হায়! হায়! আজি নো মই মহাৰাজলৈ কি সুখৰ বাতৰিটো লৈ আহিছোঁ? যুবৰাজ লক্ষ্মণ নিধনৰ বাতৰিয়ে যে মহাৰাজক সমূলি অস্থিৰ কৰি তুলিব। মহীমণ্ডলত ভগ্নদূতৰ খাটনিতকৈ অধম খাটনি আরুবোধ কৰো কাৰো নাই। বাতৰি যেতিয়া অৱশ্যে দিবই লাগিব আৰু পলম কৰিবৰ সকাম কি?

(লাহে লাহে গৈ ৰামৰ ওচৰত আঠুকাঢ়ি কৰযোৰে উপবেশন )

ৰাম—(মূৰ দাঙ্গি) কি দূত বাতৰি কি? এয়ে নে স্বপ্নৰ ফল?

ভগ্নদূত—(উচুপি উচুপি) মহাৰাজ!যুবৰাজৰ বাতৰি কবলৈ ধৰিলে বুকু ফাটি যাব খোজে! যুবৰাজ নিধন!

ৰাম—কি মোৰ জীৱন লক্ষ্মণ? দাৰুণ শেল! (অচেতন)।

সুগ্ৰীৱ।—(ভগ্নদূতৰ ওচৰলৈ চাপি আহি) যুবৰাজক কোনে মাৰিলে? কোন ৰাজ্যত?

ভগ্নদূত—বাল্মীকিৰ তপোবনত দুটা সৰু সৰু লৰাই মাৰিলে।

সুগ্ৰীৱ—কেনেকৈ?

ভগ্নদূত—কৰবাৰ সৰু সৰু লৰা দুটা আহি যজ্ঞৰ ঘোৰা ধৰিলেহি, এই বাবেই যুবৰাজৰ লগত যুদ্ধ হয়। আৰু অলপ সময়ৰ ভিতৰতে স্বসৈন্যে যুবৰাজক ধৰাশায়ী কৰে।

সুগ্ৰীৱ—উঃ! কি আচৰিত কথা! ইন্দ্ৰজিত বিজেতা লক্ষ্মণে কি সামান্য দুটা লৰাৰ যুদ্ধতেই প্ৰাণ এৰিলে? হায় যুবৰাজ! তোমাৰ সেৱক সুগ্ৰীৱক ইয়াতে এৰিলা! তোমাৰ অতি চেনেহৰ ককাইদেউয়েৰাৰ বিলাই আজি

[ ৫৫ ] কোনে চায়। আজি তুমি সমস্ত অযোধ্যাপুৰিক কন্দুয়াই ক’লৈ গলাগৈ। সুগ্ৰীৱৰ আজি সকলো বল ধ্বংশ হল। হায় যুবৰাজ! তুমি...হু...হু (ক্ৰন্দন)।

ভৰত—(সজলনেত্ৰে ৰামক বিচি বিচি) ককাইদেউ? আমাৰ হব লগীয়া হ’ল। এতিয়া আপুনিও অস্থিৰ হৈ আমাক নামাৰিব। ককাইদেউ! মোৰে শপত আৰু নাকান্দিব।

শত্ৰুঘ্ন— (লৰালৰিকৈ আহি আঠুকাঢ়ি ) ককাইদেউ! আপুনি ধীৰ! জগতত আপোনাৰ সুখ্যাতি সূৰ্য্যৰ দৰে জিলিকিব লাগিছে। ভাতৃশোকে আমাৰ দৰে প্ৰাণীৰ মনতহে ৰাজত্ব কৰিব পাৰে। আপুনিও দেখোঁ এনে পাপক লাই দিবলৈ ধৰিছে!

ৰাম—বোপাহঁত! ৰামৰ জীৱন আজি ৰামত নাই। লক্ষ্মণৰ লগতেই আনন্দেৰে ফুৰি ফুৰিছে। লক্ষণ! মোৰ প্ৰাণৰ লক্ষ্মণ! মোৰ বাওঁবাহু লক্ষ্মণ!

ক’ত তুমি বিৰাজিছা আনন্দ মনেৰে?
স্বৰগ পৃথিবী নাই, ৰসাতল মাজে?
কোৱাঁ মোক নাভাঁৰিবা কোৱাঁ লগতেই;
মোকে লৈ থাকা তুমি যতে ইচ্ছা গৈ।

বিভীষণ—প্ৰভু! আপুনি দেখোঁ উপস্থিত বিপদত সমূলি কৰ্ত্তব্য পাহৰিলে? যি অধমে এই ধৰ্ম্ম কাৰ্য্যত ব্যাঘাত, কৰিছে যি পাষণ্ডই যুবৰাজ লক্ষ্মণক নিধন কৰিছে, তাৰ প্ৰতিকাৰৰ কি চেষ্টা কৰিলে? পাষণ্ডৰ অতি শীঘ্ৰে প্ৰায়শ্চিত্ত হব লাগে। ভ্ৰাতৃহন্তাক সমুচিত দণ্ড দি হৃদয়ৰ প্ৰজ্বলিত [ ৫৬ ]

হুতাশনত পানি ঢালিব লাগে। শীঘ্ৰে ঘোৰা মোকোলাই
আনি যজ্ঞ সমাধাৰ চেষ্টা কৰিব লাগে, এই হে ধীৰ বা
বীৰৰ কাৰ্য্য।

ৰাম— ভ্ৰাতৃহন্তা পাপিষ্ঠক দেখিম এবাৰ।

সামান্য নহয় কিন্তু লক্ষ্মণাৰি বীৰ।
তথাপিও আজি মই লওঁ ধনুৰ্ব্বান,
দেখোঁ কাৰ ৰক্ষা হয় ক্ষত্ৰিয় শিয়াল।
চোকা চোকা অস্ত্ৰ মাৰি,
কপাম বাসুকী আজি,
গপাল যমৰ আজি পোতক তুলিম।
বিদাৰি স্বৰ্গৰ বান্ধ,
মহী সমে দিম বান্ধ,
চেপাতে মাৰিম শত্ৰু স্বকাৰ্য্য সাধিম।
নতু ব্ৰহ্ম অস্ত্ৰ মাৰি,
শত্ৰুৰ হিয়া বিদাৰি,
কুকুৰক দিওঁ আনি পুৰাওঁ হেপাঁহ।
নতু বিষ্ণু অস্ত্ৰ ধৰি,
সমূলে বিনাশোঁ মহী,
গুচাওঁ পাৰ্থিব মেল, গুচাওঁ পিয়াহ।

ভৰত— ককাইদেউ নালাগে সাগৰ, চাকি অলপতে নুমাব।

মন মত্ত গজ বিনে কলগছ ভাগিব।
সামান্য বাঘেই পহু লাহে লাহে মাৰিব।
তাক কিয় গজৰাজে, ভীম নাদে বধিব। [ ৫৭ ]
শৃগাল সদৃশ অৰি, ভৰতকে নাতিব।
তাত কিয় মহাজনে হস্তক্ষেপ কৰিব।
তযু আজ্ঞাধীন মোৰ এই ভূজ বল।
আজ্ঞা মাত্ৰে নাশ কৰে পৃথিবীমণ্ডল।
তথাপি সন্দেহ যদি হয় তবু মনে।
শত্ৰুঘ্ন সহিতে দুয়ো, যাওঁ আজ্ঞা পালে।

শত্ৰুঘ্ন— ককাইদেউ! ৰাখিব লাগিব ৰঘু বংশৰ গৌৰৱ।

ভাৱিছিলোঁ পৃথিবীত এনে বীৰ নাই।
ৰাঘৱ বিৰোধ ভাব মনলৈ আনি
জীৱে এক দণ্ড কাল।
ধন্য বীৰ,
ধণ্য বুদ্ধি,
ধন্য তাৰ এচালি-এমালি।
নাজানে পাষণ্ডে,
ৰাঘৱৰ আজ্ঞাধীন কত বীৰ আছে?
বনবাসী তপস্বীৰ এনে অহঙ্কাৰ,
পৰশুৰামৰ আগে ক্ষত্ৰিয় আচাৰ।
তপোবন লণ্ড ভণ্ড,
বসুমতী খণ্ড খণ্ড,
কৰিম নিশ্চয় আজি এই ভূজ বলে।
কৰোক আদেশ আৰ্য্য!
সাজোঁ ৰণ সাজে,
ধৰি আনোঁ ৰাঘৱাৰি; [ ৫৮ ]

সমুচিত দণ্ড কৰি,
তযু পদ তলে,
নাগ পাশে বান্ধি থওঁ,
প্ৰজাৰ সমক্ষে।

ৰাম-বোপাহঁত যি শত্ৰুৱে মহাবীৰ লক্ষ্মণক নিধন কৰিব পাৰিছে, তাক অতি সামান্য শত্ৰু বুলি নাভাবিবা। মোৰ ইচ্ছা, তোমালোক দুয়ো যোৱাঁ। সৈন্য সামন্তৰ বল কিছু বেচিকৈ লোৱা। অতি সাৱধানে যুদ্ধ কৰিবা। মই নিজে সম্প্ৰতি যুদ্ধলৈ গ’লে ৰাজনীতিৰ কিছু লৰচৰ হয়, বিশেষকৈ তোমালোকৰো যুদ্ধ যাত্ৰাৰ ইচ্ছা অতিশয় প্ৰৱল হৈছে গতিকেহে তোমালোকে আজি যুদ্ধ যাত্ৰাৰ অনুমতি পাব পাৰিলা। আশীৰ্ব্বাদ কৰিছোঁ যেন শত্ৰু জয় কৰি কুশলে ঘৰ পোৱাহি।

(নেপথ্যে ৰণ বাদ্য)
(ভৰত আৰু শত্ৰুঘ্নৰ সশস্ত্ৰে ৰণোত্তেজনাৰ গীত। )

জয় ৰাঘবৰ জয়,
জয় অযোধ্যাৰ জয়,
জয় জয় ৰঘুপতি,
জয় জয় জয়।
যত প্ৰজা সেনাচয়,
গোৱা ৰাঘৱৰ জয়
উৰক অচিৰে যেন
নিচান বিজয়।

[ ৫৯ ]

নগৰত জয় জয়
অৰণ্যত জয় জয়,
জয় জয় শৱদেৰে
পূৰক হৃদয়।

তৃতীয় গৰ্ভাঙ্ক।

দৃশ্য—এটি নিৰ্জ্জন ঘৰ।

শ্ৰীৰামচন্দ্ৰ অকলেই উপবিষ্ট।

ৰাম—মোৰ মনত অতি পূৰ্বেই বাজিছে। হ’বৰেই কাৰণ। বেজাৰৰ পাছত আনন্দ, আনন্দৰ পাছত বেজাৰ, মানুহে ভোগ কৰিবই কৰিব। অযোধ্যাত অশ্বমেধ যজ্ঞানুষ্ঠান পুৰবাসীৰ কেনে আনন্দৰ সময়। কিন্তু বিধিৰ বিচাৰ দেখা, সম্পূৰ্ণরূপে যজ্ঞৰ আনন্দ উপভোগ কৰিবলৈ নৌপাওঁতেই অতি চেনেহৰ লক্ষ্মণ নিধনৰ বাতৰিয়ে সমস্ত অযোধ্যাবাসীৰ চকুত কাপোৰ দিয়ালে। উঃ লক্ষণ নিধন! কথাটো কেনে দাৰুণ। যি লক্ষণে মোক বনতো নেৰিলে, যি লক্ষ্মণৰ অভাৱত মই জীয়াই থকাৰ কোনো উপায় বা কাৰণকে নেদেখিছিলোঁ, এতিয়া দেখোঁ সেই লক্ষ্মণেই মোৰ লগত নাই। আৰু কি? আৰু কি আপদ আছে? (বাওঁ চকু মোহাৰি) কেৱল লক্ষণৰ বিচ্ছেদেই আপদৰ শেষ হোৱা নাই নে কি? অমঙ্গলৰ চিন এতিয়াও দেখছোঁ। বাও চকু এতিয়াও লৰিবই লাগিছে। কু সম্বাদৰ লোভত

[ ৬০ ] মন এতিয়াও আগ বাঢ়িব লাগিছে। আৰু নো কি বিপদ হব বিধাতা? তোমাৰ লীলা অভেদ্য। তোমাৰ মায়াজাল ভেদ কৰিবলৈ আজি মই সম্পূৰ্ণৰূপে অক্ষম হলোঁ। ধন্য তুমি।

গীত।

কিনো মায়াজাল, বিষম জঞ্জাল,
 এৰাব নোৱাৰোঁ সমূলি।
দৃষ্টি পথ বেৰি,  বেজাৰ-কুৱঁলি,
 নেদেখোঁ জোনাকী বিজুলী।
 বিৰাজিছে ভয় দুখ তাপ,
 ভীষণ মূৰুতি শোক-পিশাচ,
সমস্ত সংসাৰ,  দুখ পাৰাবাৰ,
 শোকৰ অটল ঘুলি॥

চতুৰ্থ গৰ্ভাঙ্ক।

 দৃশ্য—এজোপা বটগছৰ তলত এখন মনিহাৰি দোকান। দোকাণী আৰু তেওঁৰ বন্ধু বান্ধৱসকল উপবিষ্ট।

দোকানী—(ভাঙ্গৰ চিলিম হাততলৈ) আপ্ পিজিয়ে।

প্ৰথম বন্ধু— (হাত যোৰ কৈ) নাই নাই চাহেব! আপ্ পিজিয়ে।

দোকানী— (আন এজন বন্ধুৰ ফালে ছিলিম আগ বঢ়াই) আপ্ পিজিয়ে। [ ৬১ ] দ্বিতীয় বন্ধু—না ভাই চাহেব! হাম্ লোক নাহি পিয়ঙ্গা আপ্ পিয়ঙ্গা হেই।

দোকানী— (আন এজনৰ ফালে আগ বঢ়াই) আপ পিজিয়ে ভাইচাহেব!

তৃতীয় বন্ধু-(আন সকলৰ ফালে চাই) ইটাইনু কেমন সখা? গিৰন্ত না শাইয়া কাল্কিটা আমাৰে দিচেন্, আমি শিট্টা লাঁগিয়া শাইমু।

চতুৰ্থ বন্ধু—(টিকিৰাত হোঁপামাৰি), ভাই চাহাব তুমি টিক কটা কইছা। তেওঁ কিন্তু স্বৰূপত এজন ভদ্ৰ মানুহ। সিপোনেও কিন্তু স্বৰূপত ইমান ভৈয়াম্কৰ দোকান এসনৰ মহাজন। তেওঁ এহোঁপা আগৈতে শাইদিলেহে কিন্তু স্বৰূপত আমাৰ শাবেলেই ভাল! হয় নহয় শনলু?

শনলু-নালগেই বাপা আৰু তাক কবা নালগেই তেউনু কিবা নাজ্না মানুহ না?

পঞ্চম বন্ধু।— কেওঁ খাওঁতা নাই যদি দিয়ক। ময়ে লৰতে এটান মাৰি যাওঁ।

দোকানী—(চিলিম আগবঢ়াই দি) বহৎ আচ্ছা মহাৰাজ জি পিজিয়ে।

পঞ্চম বন্ধু—(ভাঙ্গৰ চিলিম লৈ) বম্ মহাদেৱ, বম্ কালী, যায় পাহাৰ ফালি।

এক ছিলিমে যেমন তেমন,
দুই ছিলিমে গাঁজা।
তিন ছিলিমে পাত্ৰ মন্ত্ৰী,
চাৰ ছিলিমে ৰাজা।  (ভাঙ্গত টান মাৰে)

[ ৬২ ] ষষ্ঠ বন্ধু—আপুনি নো পাছে এইবোৰ ভাৰে-সাঙ্গীয়ে কলৈ মন কৰি ওলাল?

পঞ্চম বন্ধু—(ষষ্ঠ বন্ধুৰ হাতলৈ ছিলিম দি) এ সেইবিলাক কথা আৰু নুশুধিব দিয়ক। ক’লে সাত দিন সাত ৰাতিয়েও নুধুকাই। মই গ’লোঁ পৰহি দিনাই শহুৰৰ ঘৰলৈ। কালি দুপৰীয়া হ’বলা খাইবই উঠি শহুৰৰ চ’ৰাত বহি ভাং হোপা মাৰিবলৈ ধৰিছোঁ, এনেতে (এজন ভাৰীৰ ফালে আঙ্গুলিয়াই) ই আহিছে সিফালৰ পৰা চুলি মেলি ল’ৰি। মাতি আনি শুধিলোঁ তাক বোলে হাটত পাণৰ বেপাৰ কৰিবলৈ নোযোৱাৰ বাবে বাপেকে দগৰি মাৰিলে। সেই ধেকেৰীটোৰ গ’ল সেই। আকৌ (আনজন ভাৰীলৈ আঙ্গুলীয়াই) এই চিলঠীয়াটোৰ আক ছোৱালী জনীৰ হুনু ৰসিকলাল নামে বাঙ্গাল এটাই জাত মৰিলে। (বাকী জনলৈ আঙ্গুলিয়াই) এওঁ হুনু আক ক’ৰবাৰ উজনীয়া মানুহ। এওঁৰ বোপা ককাবিলাক বোলে বৰ ডাঙ্গৰ ডাঙ্গৰ

মানুহ আছিল, কিন্তু এওঁৰ আজি কালি কিছু কষ্ট হৈছে। সিফালে তেওঁৰে এজন ওচৰচুবুৰীয়া, যি আগৈয়ে এওঁ লোকতকৈ বিষয়ে বাসনাই ধনে সম্পত্তিয়ে সৰু আছিল, সি আক এওঁক বৰকৈ গ্ৰাহ্য কৰিব নোখোজাত পৰিছে। টানে মছকিলেও বৰ এটা সহায় নকৰে। সাতে পাঁচে শিঙ্গিমূৰি ঘোৰা খুৱাই জাককে লৈ আহিছোঁ নগৰত গোচৰ কৰি দিবলৈ আৰু কি

[ ৬৩ ] কৰিবা। মই মানুহটো দেও লোকৰ দুখ বোটলোঁতেই মৰিম গৈ।

(ভগ্নদূত আৰু এজনী তিরুতাৰ প্ৰবেশ।)

ভগ্নদূত—দেখা তোমালোক সাক্ষী থাকিবা। মই যুদ্ধৰ বাতৰি লৈ বেগাবেগিকৈ ৰাজাৰ ওচৰলৈ আহোঁ, এই মোক আগ ভেটি ভেটি ধৰে। এইৰ মতলব কি? মই চাইটা পাঁচোটা লৰা ছোৱালীৰ বাপেকী হলোঁ, এতিয়া তাইক বিয়া কৰিবৰ দিন আছে নে?

পঞ্চম বন্ধু—হয়টো, ঠিক কথা। তুমি ৰজাঘৰীয়া মানুহ, তোমাক তাই কিয় এনে অপমান কৰিব?

তিরুতা—(ভগ্নদূতৰ কাপোৰত ধৰি) মই তোক যোগ কৰি পাইছোঁ, আজি এৰিবৰ নহয়। আহ মোক বিয়া কৰহি।

ভগ্নদূত—মই যদি আজি যুদ্ধৰ পৰা ভগ্নোৎসাহ হৈ নাহিলোঁহেঁতন বা স্ত্ৰীবধ পাতকৰ দাই নুবুজিলোঁহেঁতন তেন্তে এটা মাত্ৰ বজ্ৰমুষ্টিৰে তোৰ প্ৰাণবধ কৰিলোঁহেঁতন।

পঞ্চম বন্ধু—এৰাহেঁ গাভৰু, তুমি তেওঁক এৰি দিয়াঁ বুজিছা? তুমি মোৰ লগত আহাঁছোন, এতিয়াই গোচৰ কৰি তেওঁৰ কঠিয়া মাৰি দিমগৈ। (মনেমনে) এইবিলাকেই হৈছে ৰাজ্য অৰাজক হোৱাৰ পূৰ্ব্ব লক্ষণ।

যোগিনী—ই বলিয়া নিশ্চয়।

ভগ্নদূত—এই পাগলী নিশ্চয়।

যোগিনী—ই নেহাৎ বদ্জাত।

ভগ্নদূত—এই নেহাত বদ্জাতী। [ ৬৪ ] যোগিনী-(নাচি নাচি) ই মই কোৱাকে কয়, চালা হাৰামৰ নেঙ্গুৰ!
ভগ্নদূত- (নাচি নাচি) এই মই কোৱাকে কয়, চালী হাৰামৰ নেঙ্গুৰী।
যোগিনী- চুপ কৰ পাজি।
ভগ্নদূত—চুপকৰ চালী।
যোগিনী আৰু ভগ্নদূত—( উভয়ে নাচি নাচ)

“কেইছা জুলুম, আভি হোগা মালুম্।
কেইছা জুলুম, আভি হোগা মালুম্।”

(উভয়েই নিষ্ক্ৰান্ত)

পঞ্চম গৰ্ভাঙ্ক।

ভগ্নদূত-হায়! হায়! যুবৰাজ লক্ষ্মণ নিধনৰ শোকেই চাগৈ মহাৰাজক এতিয়াও অস্থিৰ কৰিব লাগিছে। তাতে আকৌ ভূতৰ ওপৰতে দানৱ। আজি নো মই কোন সতেৰে প্ৰভুৰামক জনাওঁ “আপোনাৰ ভৰত শত্ৰুঘ্নয়ো যুদ্ধত প্ৰাণ এৰিলে!’’ (ক্ষনেক চিন্তা) নেলাগে, এতিয়া বাতৰিকে নিদিওঁ? কিন্তু বাতৰি নিদিয়াটোও তো প্ৰভু ৰামৰ কোনো মঙ্গলৰ কাৰ্য্য় কৰা নহল। যজ্ঞৰ ঘোৰা বান্ধতে আছে। ইফালে প্ৰভু ৰামে ঘোৰা পাবহি পাবহি আশা কৰিব লাগিছে। এই সময়ত যদি মই বাতৰি নিদিওঁ, তেন্তে যজ্ঞ নো কেই কাললৈ স্থগিত থাকিব বিশেষকৈ প্ৰভু

[ ৬৫ ] ৰামৰ চিন্তা আৰু বেছিহে হব। নহয়, বাতৰি অৱশ্যে দিবই লাগিব। কিন্তু পোনেপোনেই প্ৰভু ৰামৰ আগত নকৈ তেওঁৰ কোনো আপোন মানুহৰ আগত কলেই প্ৰভুয়ে অনেক আশ্বাস বাক্যৰ প্ৰভাৱত এই দাৰুণ বাতৰিটি, অলপ লঘুকৈ পাব পাৰে। ঠিক কথা এয়েহে ভাল উপায়। আকৌ এটা কথা নহয়, প্ৰভুৰ নো আপোন মানুহ কোন? কাৰ আগত কলে নো কৃতকাৰ্য্য় হব পাৰিম। অ সুগ্ৰীৱ আছে নহয়। ঠিক বুদ্ধিটো খাজে খোপে খাই পৰিল। যাওঁ সুগ্ৰীৱৰ ওচৰলৈকে যাওঁ।

(নিষ্ক্ৰান্ত)

ষষ্ঠ গৰ্ভাঙ্ক।

দৃশ্য-নিৰ্জ্জন ঘৰ।

ৰামচন্দ্ৰৰ অধোমুখে চিন্তা।

ৰাম—(মূৰ দাঙ্গি) মই এতিয়াই এটি সপোন দেখিলোঁ। সপোনেই নে দিঠকেই? নহয়, সপোনেই হে হব। ভৰত শক্ৰঘ্নক নো ত্ৰিভুবনত কোনোবাই মাৰিব পাৰে নে? সপোনেই হ’ল বা, এনে অমঙ্গলীয় সপোন নো মই দেখিব পাওঁ নে?

(সুগ্ৰীৱ আৰু ভগ্নদূতৰ প্ৰবেশ)

অ, সৌৱা সুগ্ৰীৱ সখি আহিছে। ইওটো আকৌ সপোনকে দেখিছোঁনে কি? নহয়, কেতিয়াও সপোন নহয়। [ ৬৬ ] সঁচাকৈয়ে সুগ্ৰীৱ সখিয়েই আহিছে, কিন্তু এওঁৰ মুখখনি আজি এনে বিষণ্ণ কিয়? আহক, আহক। (আসন প্ৰদান পূৰ্ব্বক) সখি! এতিয়াই মই এটি সপোন দেখিলোঁ।

সুগ্ৰীৱ—(ৰামৰ কাষত ঠিয় হৈ ) শুভ হওক। কিবা সপোন দেখিলে?

ৰাম—সপোন অতি ভয়ানক! প্ৰকাশ কৰিবলৈ ধৰিলে বুকু ফাটি যাব খোজে। ভৰত আৰু শত্ৰুঘ্নৰ নিধন! উঃ! মূৰটো ঘূৰাবলৈ ধৰিলে!

সুগ্ৰীৱ—প্ৰভু! আপুনি ইমান অধৈৰ্য্য হয় কিয়? ক্ষত্ৰিয়ৰ যুদ্ধতেই পতন। ভৰত শত্ৰুঘ্ন যুদ্ধত মৰিলেই বা তাৰ বাবে আৰু বিশেষ চিন্তাৰ কাৰণ কি?

ৰাম—নহয় সখি, মই সপোনতহে দেখিছোঁ।

সুগ্ৰীৱ—হয়, সপোনতেহে দেখিছে, হোৱাই বা আচৰিত কি?

ৰাম—আপোনাৰ কথাবিলাকত আজি ৰস নাই কিয়? আপোনাৰ মুখে এনে কঠুৱা মাত মই কেতিয়াও শুনা নাই। আজি অৱশ্যে কিবা এটা ঘটনা হৈছে। মোৰে শপত মোক নাভাঁৰিব।

সুগ্ৰীৱ—আপোনাৰ সপোন সচাঁ। এয়া ভগ্নদূত মোৰ লগতে আহিছে।

ৰাম—কি-কি-কি! কি কলে? ভগ্নদূত! (মূৰ্চ্ছা)

সুগ্ৰীৱ—( মূৰত ফুৱাই) প্ৰভু! সুস্থ হওক। ক্ষত্ৰিয়ৰ মৃত্যুত কোনে শোক কৰে? যাৰ মৃতুলৈ তিলাৰ্দ্ধ ভয় নাই,

[ ৬৭ ] যি ধৰ্ম্মৰ নিমিত্তে যুদ্ধ কৰি প্ৰাণ এৰিছে, তাৰ মৃত্যুত শোকৰ হেতু কি আছে? আপুনি ইমান জ্ঞানী মানী হৈয়ো শোক-ৰাক্ষসৰ আগত পৰাস্ত হব খোজে নে? তেন্তে আমি কাৰ অনুকৰণ কৰিম?

ৰাম—উঃ! কি হৃদয়বিদাৰক সংবাদ। ইমানতে দেহত প্ৰাণ থাকে। আজি মই সংসাৰত ভাৰ্য্যাহীন আৰু ভ্ৰাতৃহীন। প্ৰাণ! নিষ্ঠুৰ প্ৰাণ! অতি শীঘ্ৰে দেহ পিঞ্জৰত বিদায় ল! অতি শীঘ্ৰে পিঞ্জৰৰ মায়া-জৰি চিঙ্গি অনিত্য সুখত জলাঞ্জলি দি বোপাহঁতৰ লগত অনন্ত সুখ লাভ কৰ।

সুগ্ৰীৱ—আপুনি দেখোঁ কৰ্ত্তব্যৰ ফালে একেবাৰেই পিঠি দিলে?

ৰাম—যাৰ সংসাৰ শূন্য হৈছে, তাৰ আৰু কৰ্ত্তব্যৰ ভাবনা কি?

বিলাপ।

নিদাৰুণ বিধি বাদী ভৈলা,  অযোধ্যা নগৰি শূন্য কৈলা,
 কাকুৎস্থ বংশৰ নিৰ্মূল বাঞ্ছা কৰিলা।
আনন্দ উৎসৱে যজ্ঞ পাতি,  বন্ধু বান্ধৱক আনি মাতি,
 বিপাঙ্গে মৰিলোঁ বিধিয়ে বাদ সাধিলা॥
প্ৰিয়তমা পত্নী বিসৰ্জ্জিলোঁ,  ভাই তিনিওটিকে হেৰুৱালোঁ,
 ৰাজ্যভাৰ ত্যজি ময়ো আজি ব্ৰহ্মচাৰী।
আইসকলক শুধি চাওঁ,  যদি কোনো মতে আজ্ঞা পাওঁ,
 বিষময় ভৱসুখে দিওঁ জলাঞ্জলি।
ৰাজ অলঙ্কাৰ ধনুৰ্ব্বান,  এৰোঁ আজি সুবণৰ্ৰ যান,
 ফল মূল খাই ফুৰোঁ ঘোৰ অৰণ্যত।

[ ৬৮ ]

নতু গাণ্ডীৱকে সাৰ কৰোঁ,  প্ৰলয়ৰ অস্ত্ৰ গুণে ধৰোঁ,
 নাশি বসুমতী শান্ত্বনা দিওঁ মনত॥

(ভদ্ৰ,বিভীষণ আৰু হনুমন্তৰ প্ৰবেশ)

বিভীষণ—প্ৰভু! সকলো সম্বাদ পালোঁ। কি কৰিব, বিধি বাদী হলে আৰু তাৰ ঔষধ নাই। কিন্তু এই বাবেই ইমান বেছিকৈ চিন্তা কৰা আপোনাৰ উচিৎ কাৰ্য্য হোৱা নাই। শত্ৰুক প্ৰাণান্তেও দমন কৰা ক্ষত্ৰিয়ৰ কাৰ্য্য। এতিয়া আপোনাৰ কৰ্ত্তব্য, অতি শীঘ্ৰে ভ্ৰাতৃহন্তাক সমুচিত দণ্ড দিয়া।

ভদ্ৰ—যথাৰ্থ কথা মহাৰাজ! আপুনি হেন মহা পুৰুষে কি কৰ্ত্তব্যত পাছ ভৰি কৰা উচিত? কাৰ্য্যত এবাৰ হাত দি পুনৰ এৰাটো অতি সামান্য মানুহৰ কাৰ্য্য। অশ্বমেধ যজ্ঞ সমাপন হব নোৱাৰিলে যে সূৰ্য্যবংশত চিৰ কাললৈ এটা অখ্যাতি থাকিব।

ৰাম—সচাঁ কথা; কিন্তু মনেকি মানে?

ভ্ৰাতৃস্নেহ সংসাৰত অতি বলবান।
যেতিয়া শুনিলো মই,
চেনেহৰ ভ্ৰাতৃত্ৰয়
নিধন ৰণত;
কত যে ভাবিলোঁ মই
থিৰ হম বুলি,
থিৰ হব নোৱাৰিলোঁ,
আকাশী স্বৰগ ভাগি পৰিল মূৰত। [ ৬৯ ]
উথলিল শোক-সিন্ধু,
বৰুণ আশ্ৰয়ে তুলি গিৰি সম ঢৌ,
শ্ৰীৰামৰ মন-তৰী পৰিল মাজতে তাৰ।
গুৰিয়ালে দেখিয়ে বিহ্বল,
এৰি দিলে গুৰিব'ঠা।

বিভীষণ—অৱশ্যে হব। এক ঔৰষজাত ভাই। সংসাৰত যাৰে সৈতে আপোন বুলি লগ বান্ধি থকা হয়, এনে ভ্ৰাতৃৰ বিয়োগ সম্বাদত সংসাৰী অৱশ্যেই বিচলিত হব। এতিয়া প্ৰভু! সেইবিলাক কথাত ধৰি থকা আপোনাৰ কৰ্ত্তব্য নহয়। ক্ষত্ৰিয়ৰ কাৰ্য্য কৰাত আজি আপোনাৰ ইমান অৱহেলা কিয়? আপোনৰে গাত আজি ক্ষত্ৰিয়ৰ তেজ নোহোৱা হল নে কি?

ৰাম—মান্ধাতাৰ নাতি মই, দশৰথাত্মজ ,

নহও ক্ষত্ৰিয় মই?
সূৰ্য্য বংশে জন্ম মোৰ, কৌশল্যাত জাত,
নহওঁ ক্ষত্ৰিয় মই?
ৰামচন্দ্ৰ নাম মোৰ, গাণ্ডীৱ হাতত,
নহওঁ ক্ষত্ৰিয় মই?
অযোধ্যাৰ ৰজা, ভাই লক্ষণ ভৰত,
নহওঁ ক্ষত্ৰিয় মই?
হনুমান!

হনুমান—(জাপমাৰি ওচৰ চাপি কৰ যোৰে)

চিৰদাসে অপেক্ষিছে আজ্ঞা নাথ! [ ৭০ ]

ৰাম—য’তে আছে সেনাপতি,

যোৱাঁ তীৰবেগে;
কোৱাঁগৈ,
কুৰি আক্ষ্ণৌহিনী সেনা
সাজোক নিমেষে।
অশ্বাৰোহী, গজাৰোহী, সেনানী সমস্ত,
সাজি ৰণ সাজে শীঘ্ৰে
আহক ওলাই।

হনুমান—শীৰোধাৰ্য্য নাথৰ আদেশ।

(প্ৰণিপাত পূৰ্ব্বক নিষ্ক্ৰমণ)

ৰাম—এই মই গাণ্ডীৱক চুম্বিলো সাদৰে,

দেখুয়াম ৰঘুবৰে কত বল ধৰে।
আজি মোৰ শত্ৰু যদি স্বয়ং বিধাতা হয়,
তাকো লণ্ড ভণ্ড মই অৱশ্যে কৰিম।
(নেপথ্যে গীত বাদ্য)

নাযাবাহে ৰঘুবৰ, তিথি আজি ভয়ঙ্কৰ,
 কুক্ষণত যুদ্ধ যাত্ৰা পণ্ডিতে নকয়।
এৰা ৰাগ শোক তাপ,  এৰা ভীম বীৰ দাপ,
 নতু যুদ্ধে পৰাজয় নিশ্চয় নিশ্চয়।
ৰণ সাজ এৰি থোৱাঁ,  ৰাজ দণ্ড হাতে লোৱাঁ,
 সুকলমে কাজ কাৰ্য্য কৰা দয়াময়।

ৰাম—হবইতো। আজি মই যতবিলাক অসুভ লক্ষণ দেখিব লাগিছোঁ, তাৰ বিষময় ফল অৱশ্যে হাতে হাতে পামেই, বাওঁ চকুতো

[ ৭১ ] লৰিবই। ইন্দ্ৰজিৎ বিজেতা লক্ষ্মণ, মহাবীৰ ভৰত আরু লৱন নিধনকাৰী শত্ৰুনিসূদন শত্ৰুঘ্নক যি অলপ অলপ সময়ৰ যুদ্ধতে নিধন কৰিব পাৰিছে, সি কি আৰু সমান্য বীৰ? হয় বিধাতা নিজেই মোৰ যজ্ঞ নষ্টৰ নিমিত্তে অৱতাৰ হৈছে, নহয় কোনো ৰাক্ষসে দেৱতাৰ বৰত বলীষ্ঠ হৈ এই পাপ কাৰ্য্য সাধন কৰিছে। বাৰু যেয়েই বা নহওক, শক্ৰ বলৱান দেখি যুদ্ধৰ পৰা ক্ষান্ত পোৱা কাৰ্য্য মোৰ দ্বাৰাই হব নোৱাৰে। অৱশ্যে যুদ্ধ কৰিম,প্ৰাণপনে যুদ্ধ কৰিম। শৰ শিক্ষা সাৰ্থক কৰিম। অক্ষয় তৃণৰ প্ৰমাণ চাম। ব্ৰহ্মাস্ত্ৰ দেৱাস্ত্ৰ বিষ্ণু অস্ত্ৰ আদি মহা মহা অস্ত্ৰবিলাক পৰীক্ষা কৰিম। অৱশেষত নোৱাৰিলে ক্ষত্ৰিয়ৰ সাহেৰে শত্ৰুৰ শৰত প্ৰাণ সমৰ্পণ কৰিম। সেই বুলিয়েই কি পৰাধীন বা তিরুতাৰ দৰে বলীষ্ঠ শত্ৰু দেখি নিজৰ অমূল্য গৌৰৱ ভস্মীভূত হবলৈ দিম? নহয় সি কথা কোনোমতেই হব নোৱাৰিব। (ৰণবাদ্য শুনি) এই সৈন্যদল প্ৰস্তুত! ছিঃ! অতি সামান্য সৈন্যবিলাকৰ মনতো ৰণ-জেউতি লাগিছে। সিহঁতেও প্ৰাণভয় চেৰ কৰি শত্ৰুৰ বিপক্ষে যুদ্ধ কৰিৱলৈ সাজপাৰ কৰিছে। সমস্ত অযোধ্যাবাসী আজি যুদ্ধ কৰিবলৈ প্ৰস্তুত। কেৱল মই মাত্ৰ নিশ্চেষ্ট। ধিক মোৰ জীৱন! ধিক মোৰ বাহুবল!!

ধিক মোৰ ৰাম নাম!!!
বীৰকুলে জন্ম ধৰি,
বীৰ বেশ কৰি, [ ৭২ ]

মিছাতেই আছোঁ মই।
অযোধ্যাত আজি যুদ্ধৰ ঘোষণা,
শত্ৰু ভয়ে ভীত অযোধ্যাৰ ৰজা,
ধিক এনে ৰজা!
যুদ্ধ ভীরু ৰজা!
এই তীক্ষ্ণ তৰবাৰি, এই তীক্ষ্ণ শৰ,
নিশ্চয় নিজৰ বক্ষে কৰিম প্ৰহাৰ,
যদি নকৰোঁ সমৰ।
সৌৱা, আহিছে সেনা,
বাজিছে বাজানা,
সকলো উন্মত্ত ৰণ ৰণ কৈ;
এতিয়াও সাজোঁ মই,
লওঁ ধনুৰ্ব্বান,
নিশিত কৃপাণ,
কৰোঁগৈ যুদ্ধ ভীম পৰাক্ৰমে।

সুগ্ৰীৱ—প্ৰভুৰ অনুগ্ৰহ হলে অধীন সুগ্ৰীৱেও প্ৰভুৰ লগতে যুদ্ধ যাত্ৰা কৰিবৰ ইচ্ছা কৰিছিল।

ৰাম—যদি একান্তই ইচ্ছা হৈছে ওলাওক।

বিভীষণ—প্ৰভু! আমাৰ ওপৰতো যেন এনে অনুগ্ৰহ দেখুৱা হয়।

হনুমান—প্ৰভু! দাসো যুদ্ধলৈ যাব খুজিছিল।

ৰাম—ইচ্ছা হয় ওলাব পাৰে, কিন্তু ৰাজ্য বীৰ শূন্য হব নালাগে। [ ৭৩ ]

সুমন্ত্ৰৰ প্ৰবেশ।

সুমন্ত্ৰ—(প্ৰণিপাত পূৰ্ব্বক) প্ৰভু! তযু ৰণ যাত্ৰ। হেতু অশ্বচয় সংযোজিত ৰথে।

ৰাম—সুমন্ত্ৰ! অলপ অপেক্ষা কৰা। শীঘ্ৰে মই নমি আইৰ পাদ যুগ,যাত্ৰাৰ অসুভ যত নাশ কৰি আহোঁ।

(নিষ্ক্ৰমণ)

(এদল স্ত্ৰী, আৰু এদল পুৰুষৰ প্ৰবেশ আৰু উভয় দলৰে মুক্তস্বৰে বিবাদ)

স্ত্ৰীদল—আমি ৰজাৰ কাজত, মৰিম ৰণত বীৰ ৰমণী;

পুঃ দল—তহঁত থাক গৈ ঘৰত, মতাৰ কামত, কিয় ফুৰ আগ নুগুণি।

স্ত্ৰীদল—ধিক্ এনে মতা, নাক কটা, যুদ্ধ দেখি এৰে ৰজা;

পুঃ দল—আমি নেৰোঁ ৰজা, নিজেই ৰজাই লয় বাচি বীৰ তেজা তেজা।

স্ত্ৰীদল—নালাগে নালাগে কথাৰে ভোহাব,

পুঃ দল—লাগিব লাগিব কথাৰেই ভুলাব,

স্ত্ৰীদল—যাম আমি, যাম আমি, যোৱাগৈ উভতি;

পু দল—আমিও যাম, আমিও যাম, নেযাওঁগৈ উভতি।

উভয় দল—(দেওমাৰি দেওমাৰি)

তেন্তে সবে মিলি, অস্ত্ৰ তুলি,
যাওঁ ব’লাহে যুদ্ধলৈ।
ৰজা ৰাম আমাৰ দয়াৰ আধাৰ,
তেওঁৰ কাৰ্য্যত প্ৰাণ এৰোঁগৈ।

[ ৭৪ ]

(শ্ৰীৰামচন্দ্ৰৰ পুনৰ প্ৰবেশ )

ৰাম—পুত্ৰ সম
 প্ৰিয় প্ৰজাবৰ্গ মোৰ!
 প্ৰবেশি দাৰুণ সেই
 ৰণক্ষেত্ৰ মাজে, কিয়
 উৎসৰ্গিবা প্ৰাণ,
 অকৃতজ্ঞ কুলাঙ্গাৰ
 শ্ৰীৰামচন্দ্ৰৰ
 স্নেহ বিনিময়ে?
 তোমাসাৰ আৱশ্যক নাই।
 যাম মই লক্ষ লক্ষ
 মদ মত্ত বীৰ সনে।
(সুগ্ৰীৱৰ প্ৰতি )
 প্ৰিয় সখা!
 বা–মাৰলীৰ দৰে,
 নাচি নাচি
 আহিল বাহিনী ৰণে।
 সুমন্ত্ৰই আপেক্ষিছে ৰথ লৈ।
 ইসময়ে কৰোক নিৰ্ব্বিঘ্নে,
 যাত্ৰাৰ মঙ্গল ক্ৰিয়া।

———

[ ৭৫ ]

পঞ্চম অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক

দৃশ্য—বাল্মীকিৰ তপোবন।

বিস্তীৰ্ণ পথাৰ, অসংখ্য মৃত দেহ, গছৰ তলত যজ্ঞাশ্ব আবদ্ধ।

শ্ৰীৰামচন্দ্ৰৰ সসৈন্য়ে প্ৰবেশ আৰু যুদ্ধক্ষেত্ৰ দৰ্শন।

ৰাম—ক'তা,। শত্ৰু ক'তা? আমাৰ যজ্ঞাশ্ব সৌটিয়েই হব পায়। হাঁয়! মোৰ চেনেহৰ বোপাহতে ইয়াতে ভৱলীলা সাঙ্গ কৰিলেহি। এই সুবিস্তৃত পথাৰৰ নো গৰাকী কোন? কোন পাষণ্ডই নো ৰঘুবংশ নিৰ্ম্মূল কৰিবৰ মনেৰে প্ৰতিজ্ঞা কৰি এই পথাৰত খোপনি পিটিছে? শত্ৰু দৰ্শনৰ ইচ্ছা দেখোঁ বৰ প্ৰৱল হৈ উঠিল।

হনুমান—প্ৰভু! সি কি আৰু লঙ্কাৰ ৰাৱন? চলবান্ধ চাই একোব মাৰিলে, এতিয়া প্ৰভু অহাৰ গম পাই পৰ্ব্বতৰ গুহা আশ্ৰয় কৰিলে। এইবোৰ হৈছে পলৰীয়া বীৰ।

ৰাম—সি কথা হব নোৱাৰে। বাৰু দেখা যাওক, অলপতে প্ৰমাণ পাবা। সুগ্ৰীৱ সখি! আপুনি ডাঙ্গৰ কৈ এটা বীৰৰ গোঁজৰণি মাৰক আৰু দুটা মান পদাতিয়ে ঘোৰা মোকো- লাই আনক গৈ।

হনুমান—প্ৰভু! ময়েছোন ঘোৰা আনিবলৈ যাওঁ?

ৰাম— বাৰু, যাব পাৰা।

হনুমান—ভাল প্ৰভু! মই এতিয়াই ঘোৰা লৈ আহিম গৈ। [ ৭৬ ]

(হনুমানৰ প্ৰস্থান, ইত্যৱসৰে সুগ্ৰীৱৰ সিংহনাদ আৰু সৈন্যৰ ৰণ বাদ্য ধ্বনি)

(সুগ্ৰীৱৰ সিংহনাদ।)

ক’ত ৰঘুকুল অৰি, ভীৰু পলাতক!
আহ, আহ, ৰণক্ষেত্ৰে, অশ্বসমে।
অতীতৰ অনুতাপ কৰ,
ক্ষমা মাগি দয়ালু ৰাঘৱ পদে।
 ( লৱকুশৰ প্ৰবেশ। )

লৱ—ভাই কুশি, এই বাৰ চা। হে প্ৰভু! গোটইখন ভৰি

আহিছে।

( লৱ আরু কুশৰ সশস্ত্ৰে গীত। )

জলধি সদৃশ হেৰা, হে নয়নে;
হেৰা হেৰা বিশ্ববাসী, হেৰা সঘনে।
ৰাক্ষস বানৰ নৰ, ঘোৰা হাতী ৰথে,
পদাতিৰ পদভৰে বসুমতী ত্ৰাসে।

কুশ—অ, ককাইদেউ, সৌৱা দেখোঁ কোনোবাই আমাৰ ঘোৰা

মোকোলাইছে গৈ।

লৱ—আহ, আহ, আহ।  ( লৰালৰিকৈ নিষ্ক্ৰমণ)

(হনুৰ প্ৰবেশ।)

হনু—প্ৰভু!( হেঁফাই ফোপাই) ক'ৰবাৰ ল'ৰা এহাল গৈ ঘোৰা

মোকোলাবলৈ নিষেধ কৰিলে। যদি প্ৰভুৰ আদেশ হয়,
তেন্তে মোৰ লগত যোৱা কেইজনক বলেৰে মোকো-
লাই আনিবলৈ কৈ দিওঁ। [ ৭৭ ]

ৰাম— (সুগ্ৰীৱৰ প্ৰতি) সখা! শুনিলে? এইয়ে যুদ্ধৰ সূত্ৰপাত। আজি আমাৰ ভাগ্যত কি আছে তাক কোনে জানে? কি কৰোঁ?

সুগ্ৰীৱ—কৰ্ত্তব্যৰ বাটত আগ বাঢ়ক।

ৰাম—সঁচা কথা। হনু? তুমি ঘোৰা অনিবলৈ কোৱাঁ?

হনু—(ৰিংমাৰি) অযোধ্যাৰ মহাৰাজৰ আদেশ, যজ্ঞৰ ঘোৰা শীঘ্ৰে মোকোলাই আনিব লাগে।

কুশ—অযোধ্যাৰ মহাৰাজৰ আদেশ ইয়াৰ পশু পক্ষীয়েও নামানে। সমুখ যুদ্ধত শত্ৰুক পৰাস্ত কৰি নিজৰ আজ্ঞা বলৱতী কৰক।

ৰাম—সখা! শুনিলে নে? আঠু-কঢ়া লৰা দুটাৰ ইমান উভতি! প্ৰথমে সন্ধি স্থাপনৰেই উপায় কবা হওক। হনু! কৈ দিয়াঁ যে, মহাৰাজে অসমানৰ লগত যুদ্ধ কৰিবলৈ ভাল নাপায়।

হনু—নিৰ্দ্দোষী, অসমৰ্থ, শৰণাগত, বা অসমানৰ লগত যুদ্ধ কৰা আমাৰ মহাৰাজৰ ৰীতি নহয়।

কুশ—তোৰ মহাৰাজক কৈ দে ‘‘আমি নিৰ্দ্দোষী নহওঁ, অসমৰ্থ নহওঁ, শৰণাগত নহওঁ, বা অসমানো নহওঁ”। আমাৰ কাৰ্য্যত মিতিৰালি নাখাটে। (লৱৰ ফালে উভতি চাই) যুদ্ধও নাই, ঘোৰাও নাই। বিনা যুদ্ধে ঘোৰা?—সি কথা নহয়, নহয়, নহয়।

হনু। (সগৰ্ব্বে) মহাৰাজে যুদ্ধ কৰিলেকি জীয়াই থাকিবলৈ আশা কৰ? [ ৭৮ ] কুশ—তোৰ মহাৰাজক মই এহেজাৰ বাৰ বাঁও ভৰিৰ আঙ্গুলি দেখাই কৈছোঁ শীঘ্ৰে যুদ্ধ কৰক, এচরু ভাতৰ এটা পিতিকিলেই চিন্। ভায়েকহঁতেই বীৰত্বৰ যথেষ্ট প্ৰমণদি গৈছে।

হনু—পাষণ্ড! ইমান সাহ? মোৰ সাক্ষাতে প্ৰভুৰ নিন্দা? বাৰু দেখ। (ভীষণ মুৰ্ত্তী ধাৰণ কৰি কুশৰ ফালে খেদামাৰে)।

(লৱ আৰু কুশ দুয়ো আকোলাআকোলিকৈ)

কুশ—ককাইদেউ খালে!

লৱ—মা জানকী, ৰক্ষা কৰা!

হনু—হায়! আজি দেখোঁ সৰ্ব্বনাশৰ উপায় চিন্তিছিলোঁ। এই দুটি নিশ্চয় মা জানকীৰ সন্তান, নতুবা আন দেৱ দেৱীৰ নাম নলৈ বনবাসিনী আইৰ নাম ল’ব কিয়? আই? আজি দাসক তুমিহে ৰক্ষা কৰিলা। তুমি এই ল'ৰা হালিকে বুকত বান্ধি লৈ বনবাসৰ অসীম দুখ পাহৰিছা, আজি মই তাৰে বিৰোধী হৈছিলোঁ। প্ৰাণ এই দেহত থাকে মানে হনুৱে, তেওঁৰ চিৰদাসে, কেতিয়াও জন্ম জন্মান্তৰেও এনে কামত হাত দিব নোৱাৰিব। বাৰু ভালেই হে হৈছে। ল'ৰা দুটিয়ে তো ভয় খালেই, এতিয়া মই সহজে ঘোৰা মোকোলাই আনি প্ৰভু ৰামৰ কাৰ্য্য সাধিব পাৰিম। সিহঁতে যে আকৌ মোৰ ওচৰ চাপিবহি এনে আশা কম।

(ঘোৰাৰ লেজুত ধৰেগৈ)

ফুল—সামান্য বানৰ! কি কৰ? যি ঘোৰা ৰঘুকুলৰ যুৱৰাজ লক্ষ্মণ সদৃশ বীৰেও মোকোলাব নোৱাৰিলে, সেই ঘোৰা [ ৭৯ ] কি এটা সামান্য বান্দৰে মোকোলাবি? দেখ, এই শৰ যুৰিলোঁ, তোক কাৰ বাপে ৰক্ষা কৰে?

(শৰ প্ৰহাৰ)

হনু—(এচাৰ খাই পৰি) ধন্য মা জনকৰ সন্তান৷ উঃ ! কি বিশাল শৰ! মোৰ প্ৰাণ যেন উৰি যায়। সমস্ত শৰীৰ অৱশ হল। বৰ পিয়াহ লাগিছে, এটুপি পানী খাওঁ।

লৱ—দেখিলি নে অযোধ্যাৰ গপাল নৃপতি!
 এপাত শৰতে তো
 ভীমকায় বানৰৰ
 ভীমাকাৰ দেহ ললাটে
 ধৰণী ওপৰে।
 কৰিবি নে যুদ্ধ আৰু নতু ফিৰি মাৰি?
 অশ্বমোচনৰ আশা পৰিহাৰ কৰ,
 অযোধ্যাত ৰাজ্য ভোগ কৰ ৰঙ্গ মনে।

ৰাম—হনুবধে ৰাম বধ নহয় নহয়,
 ৰঘুনাথ নহয় শত্ৰু, বীৰ লক্ষ্মণ, ভৰত।
 দেখিলি নে?
 একে একে সকলোৱে প্ৰাণ বিসৰ্জ্জন দিলে;
 নপলাল প্ৰাণ ভয়ে ৰঘুকুল বীৰ,
 আজি ৰঘুনাথে জানো সামান্য প্ৰাণ ভয়ে,
 নিষ্কলঙ্ক ৰঘুবংশ মলিন কৰিব?
 পালি ক্ষত্ৰি ধৰ্ম আজি যুক্ত কৰিবৰ মনে,
 বাহিৰিলোঁ সৈন্য সমে, পুনু ফিৰি যাম? [ ৮০ ]

নাভাবিবি মনে কথা; কিন্তু এটি কথা,
পৰিচয় তহঁতত শুধিব খুজিলোঁ,
আকৃতি প্ৰকৃতি দেখি, সীতাৰ তনয় বুলি,
বিশ্বাস মনত মোৰ,—
মই সীতানাথ।
এয়ে যদি সঁচা হয়, এবাৰ কোলাত লৈ,
সুমুৱাওঁ শোক-বহ্নি,
আহিবা নে চাপি?

লৱ—ধিক্ ৰঘুপতি ধিক্ আমি ৰাঘৱাৰি;

সমুখ যুদ্ধত আহি পাতিছ মিতালি,
কোনে জানে ৰঘুপতি জানকীৰ পতি?
সীতা কানন বালিনী,
ৰঘূনাথ অযোধ্যাৰ নাথ।
দুখুনীৰ পুত্ৰ আমি, নোহোঁ যুবৰাজ,
বাল্মীকিৰ শিষ্য।
কাপুরুষ ৰামে সৈতে সম্বন্ধই নাই।
আৰু বাৰ কৱ যদি, আমি তোৰ পুত্ৰ,
তীক্ষ্ণ শৰে কণ্ঠচ্ছেদ কৰিম নিশ্চয়।

ৰাম—অধম শৃগাল?

কাক কাপুরুষ বোল?
কোনে যুদ্ধ ভয়ে আহি মিতালি পাতিছে?
যুদ্ধ ভীরু ৰঘূনাথ? বিজয় জগতে।
স্বৰ্ণ লঙ্কা ছাৰখাৰ কৰিব পাৰিলে, [ ৮১ ]
খৰ দূষণৰ প্ৰাণ যি ৰামে বধিলে,
দৈত্য নাশি ব্ৰাহ্মণৰ যজ্ঞ ৰাখি দিলে,
বালী বধি সুগ্ৰীৱক পাটত থাপিলে,
সেই ৰাম কাপুরুষ?
শক্তিশেল সমবাক্য উচ্চাৰিলি নৰাধম্!
নাজান ৰামৰ বান কালান্তক জম?
পুত্ৰহে নালাগে যদি জানকী আহি
কৰেহি সমৰ, শৰে কৰিম নিধন।
এই গাণ্ডীৱত গুণ দিলোঁ মহাবলে;
হলাহল অস্ত্ৰ লৈ সন্ধান পূৰিলোঁ।  (অস্ত্ৰ প্ৰহাৰ)

সুগ্ৰীৱ—সকলো সেনাই ল'ৰাহালক বেৰি ধৰ,

লৱ—ব্যোম পথ রুদ্ধ কৰি প্ৰহাৰিলোঁ অন্ত্ৰ এই;

কাটি তোৰ ক্ষুদ্ৰ অস্ত্ৰ উভতি আহিব।

 (আকাশ পথত দুই পাত অস্ত্ৰৰ কটাকটি )

উলিয়ালোঁ অস্ত্ৰ ভয়ঙ্কৰ;
সমস্ত সেনাক এয়ে নিপাত কিৰিব।

ৰাম—উঃ কি আচৰিত শিক্ষা! মোৰ মূৰটো আজি ইমানকৈ ঘূৰাইছে

কিয়?সমুখ যুদ্ধত মানুহৰ মনৰ গতি এনে হলে যে যুদ্ধত
পৰাজয়, তাত সন্দেহ নাই। তুণৰ পৰা অস্ত্ৰ বাচি
লোৱা শক্তিয়েই দেখোঁ লোপ পাব লগা হল?

(লৱৰ অস্ত্ৰ প্ৰহাৰ)

সৌৱা, পাষণ্ডৰ অস্ত্ৰ , সৈন্যবিলাকৰ ফালেই নাচি নাচি
আহিল। ৰঘুনাথ নো আজি নিজ সৈন্য ৰক্ষা কৰিব[ ৮২ ]  লৈকো অক্ষম হল নে? বারু, (তুণৰ পৰা অস্ত্ৰ উলিয়াই)

 দেখা যাওক। (লৱৰ প্ৰতি) এই অস্ত্ৰে অস্ত্ৰ তোৰ বাটতে
 কাটিব। (ৰামৰ অস্ত্ৰ কাটি লৱৰ অস্ত্ৰই সমস্ত সৈন্য
 ধৰাশায়ী কৰে)

সৈন্যদল—(সুগ্ৰীৱ আদি কৰি) পানী-পা-নী-পা—৷

কুশ—বেৰাপাক অস্ত্ৰ এই পালোঁ বাচি বাচি,
 ইয়াৰে শ্ৰীৰামৰ মহতালি ভাঙ্গো।
 (নিজৰ মৃত্যু অস্ত্ৰ দেখি ৰামৰ শোক)।

 

বিলাপ।


 যজ্ঞৰ সুফল আজি লভিলোঁ বিধাতা।
 ক’ত কোশলা কৈকেয়ী সুমিত্ৰা মাতা।
 কত বীৰ ঘটুৱালোঁ, কত ৰাজ্য জয় কৈলোঁ,
 শুনা আমি সকলোৱে ৰাম বধ বাৰ্ত্তা।
 কুশে যি অস্ত্ৰ ধৰিছে, সূৰ্য্যসম জিলিকিছে,
 শ্ৰীৰামৰ মৃত্যু দেখাহে প্ৰচেতা।

কুশ—নৰাধম, কাপুরুষ, অযোধ্যাৰ নাথ।
 মৃত্যু অস্ত্ৰ দেখি কিয় কান্দিছ কাতৰে?
 কাৰ স্নেহ আকৰ্ষিব ভীরুৰ কান্দোনে?
 নিঃসহায় আজি তই ৰণ ক্ষেত্ৰ মাজে।
 ইষ্ট দেৱতাক তই সুমৰি এবাৰ,
 জমালয় যাত্ৰা কৰ।

ৰাম—আজিৰ দিন বৰ ভয়ানক! আজি মোৰ মৃত্যু নিশ্চয়। অক্ষয়
 তুণ, গাণ্ডীৱ ধনু! তুণত আজি অস্ত্ৰ নাই, ধনুত আজি [ ৮৩ ]  বল নাই, মূৰত আজি বুদ্ধি নাই, বাহুত আজি শক্তি নাই।
 হে ৰণৰঙ্গিনী! তুমি যে আজি শ্ৰীৰামৰ প্ৰতি বিমুখ,
 তাক শ্ৰীৰামে ভালকৈ বুজিছে। এতিয়াও এতিয়াও চাওঁ,
 এতিয়াও যুদ্ধ কৰোঁ, শত্ৰুৰ ভয়ানক মুখলৈ এতিয়াও বীৰ
 তেজেৰেই চাম। বারু, তুণত নো আৰু অস্ত্ৰ নাই নে?
 (তুণৰ পৰা অস্ত্ৰ উলিয়াই) কিয় নাপাম? হায়, অক্ষয়
 তুণ! তই এই যমালয়যাত্ৰী ৰামক এতিয়াও এই মুহুৰ্ত্ত তো
 সহায় কৰিছ! মাৰি চাওঁ, মাৰি চাওঁ! সৌৱা কুশৰ
 অস্ত্ৰ কৰাৰ মূৰ্ত্তি ধৰি আহিল। এতিয়াও এবাৰ মাৰি চাওঁ
 (অস্ত্ৰ প্ৰহাৰ)

 (ৰামৰ অস্ত্ৰ কাটি কুশৰ অস্ত্ৰ ৰামৰ হৃদয়ত প্ৰবেশ)

ৰাম—(অচেতন হৈ পৰি) পানী, পানী—পা—নী।

কুশ-ককাইদেউ! শত্ৰু শেষ হল। এতিয়া জমি ফেৰা লৈ আইৰ
 ওচৰলৈ যাওঁ বলা।

লৱ—ব’ল যাওঁ।

কুশ—(হনুক ওচৰত পৰি থকা দেখি) ককাইদেউ। মই ধেমালী কৰি
 বলৈ এই বান্দৰটোও লৈ যাওঁ দেই?

লৱ—পাৰ যদি ল। মই হলে ৰামৰ গাৰ অলঙ্কাৰবিলাক হে লম।
 (অলঙ্কাৰ খহাই লয়) বান্দৰটো ঘোৰাৰ ওপৰতে পেলাই দে৷

কুশ—ঠিক কথা। (হনুৰ গাত ধৰি) বান্দৰ ! ফল খাবি? ঘোৰাত উঠিবি?
[ ৮৪ ]

দ্বিতীয় গৰ্ভাঙ্ক।

দৃশ্য-জানকীৰ কুটীৰ।

একাকিনী জানকী উপবিষ্টা।

জানকী—বেলি প্ৰায় দুপৰ হলহি। এতিয়াও দুখুনীৰ ধন ঘৰ

নাপালেহি। আই দুৰ্গা! পাপিনীৰ সন্তান দুটিক যেন
সদাই কুশলে ৰক্ষা কৰে।

বিলাপ।

জনক দুহিতা, অভাগিনী সীতা,
 স্বামীৰ চকুৰ কুটা;
চিৰকালে মই  কানন ৰাগিনী,
 বনবাসী মোৰ সখা।
লৱ কুশ মোৰ জীৱনৰ ধন,
 বুকে বান্ধি আছোঁ পৰি;
হে দুৰ্গা আই,  কৃপা দৰশাই,
 ৰাখিবা চৰণে ধৰি।

(ঠিয় হবৰ উপক্ৰম) সৌ দুটি নো কোন? মোৰ জীৱনৰ ধন লৱ

কুশেই হব পায়। বারু ক্ষণেক চাওঁছোন।

(লৱ কুশৰ প্ৰবেশ)

দুখুনীৰ ধন আহিলা? মই তোমালোকৰ নিমিত্তে
কত চিন্তা কৰি আছোঁ। মোৰ সোণহঁত দুয়ো দেখোঁ আজি
ঘামিজামি আহিছা?

কুশ—আই, আই, আই, আমি আজি খুব যুদ্ধ কৰিলোঁ নহয়। [ ৮৫ ] লৱ—এৰা আই! আজি ৰাতিপুৱাৰে পৰা ভালকৈয়ে ধেমালি এখান

কৰিলোঁ৷

সীতা—(লৱ কুশক কোলাত তুলি লৈ) কাৰে সৈতে মোৰ সোণ?

কোন নৰঘাতীয়ে নো দুখুনীৰ পোনা দুটিৰে যুদ্ধ পাতি-
ছিলহি?

কুশ—সেইপাত হুনু কৰবাৰ ৰাম। বৰ বীৰপাতৰ চিন পালোঁ।

সীতা— ( আচৰিত হৈ ) কোন ৰাম? কৰ মানুহ?

কুশ—জানো কৰ ৰাম। কওঁতে ৰজা বুলি কয়; সিফালে আকৌ

যুদ্ধ কৰোঁতে কান্দে।

লৱ—অযোধ্যাৰ ৰজা বুলি কৈছিল।

কুশ—নহয় ককাইদেউ! সম্বন্ধ লগোৱাটো কথা আইৰ আগত নো-

কোৱা কিয়? (মাকৰ থুতৰিত ধৰি) চোৱাঁচোন আই।
সেইপাতে আকৌ মোক কয়, “কুশ! এবাৰ কোলাত
লওঁ আহিবি নে? মই ধৰি গালি পাৰি দিলোঁ।

সীতা— (লৱ কুশক কোলাৰ পৰা নমাই) কিহৰ নিমিত্তে যুদ্ধ হল?

লৱ—ৰামে হেনু অশ্বমেধ যজ্ঞ পাতিছিল। তাৰে বাবে দিগ্বিজয়াৰ্থে

ঘোৰা এটা মেলিছিল। লক্ষ্মণ নামে এটা ঘোৰাৰ ৰক্ষক
স্বরূপে আহিছিল। আমি দুয়ো তপোবনত ওমলোঁতে
ধেমালি কৰিবৰ মনেৰে ঘোৰাটো ধৰিলোঁ, পাছে সেই
বাবেই লক্ষ্মণৰ লগত যুদ্ধ হয়। তাক মাৰিলোঁ। অলপ
পাছতে ভৰত আৰু শত্ৰুঘ্ন নামে দুটা আহিল, সিহঁতকো
মাৰিলোঁ। এইবাৰ ৰাম নিজেই আহিছিল, তাকো মাৰি
ঘোৰা আনি সৌৱা ৰান্ধি থৈছোঁহি আই! [ ৮৬ ] কুশ—বান্দৰ এটাও ধৰিলৈ আহিছোঁ নহয় আই! (ৰিহাৰ আচলত
ধৰি আঁজুৰি আঁজুৰি আহাঁচোন আই। আঁহাচোন
চোৱাহি।

সীতা—কি পাষণ্ডহঁত! কাক মৰাৰ বাতৰি লৈ আহিছ। বান্দৰটো

ক'ত আছে?

(তিনিওৰো হনুৰ ওচৰত উপস্থিত।)

কুশ—(আঙ্গুলিয়াই) এইটে আই, এইটো। ধেমালি কৰিবলৈ ভাল

হব নহয় নে?

লৱ—অ, আই! আৰু এটা বস্তু আছে। (চুৰিয়াৰ টোপোলাৰ পৰা

উলিয়াই) এইয়া আই! আজিৰ পৰা আরু তুমি আমাক
বনফুলৰ মালা পিন্ধাই বেজাৰ কৰিব নালাগে।

সীতা—( টোপোলা মেলি চাই ) পাষণ্ডহঁত! মোক বধ কৰিলি।

আজিৰ পৰা মই অনাথিনী হলোঁ। পিতৃ বধ কৰি মোৰ
আগত বৰাই কৰিবলৈ আহিছিলি! হায়! প্ৰাণনাথ!
অযোধ্যাৰ ৰাজ অন্তঃপুৰ উদং কৰি আজি ক'ত বা বননিত
পৰি আছেহি! যি মুকুট দেৱতায়ো চুব নোৱাৰিছিল,সেই
মুকুট, আজি হাতে হাতে বাগৰি ফুৰিছে। হনু! বোপা
হনু! তুমি আজি মোক নামাতিবা নেকি? অশোক
বনতো তুমি মোক শান্ত্বনা দিছিলা, আজি মোক বিধৱা
দেখি তুমিও যে নমতা হ’লা। তোমাক দেখোঁ মই তাহা-
নিয়েই অমৰ বৰ দিছিলোঁ, পাষণ্ডহঁতৰ শৰত তোমাৰো
মৃত্যু হল নে? [ ৮৭ ] হনু—(কেঁকাই কেঁকাই) আই! আপোনাৰ ভৃত্য মৰা নাই, কিন্তু

 শৰীৰ জৰ্জ্জৰিত। মাত মাতিবৰ সাধ্য নাই।

সীতা—(হনুৰ মূৰত হাত ফুৰাই) বোপা হনু! ইশ্বৰে তোমাক সুস্থ
 কৰোক। প্ৰাণনাথৰ দৰ্শন লাভৰ ইচ্ছাই মোক সমুলি
 অধীৰা কৰিছে। এতিয়া মোৰ প্ৰাণনাথৰ ওচৰলৈ যাওঁ।
 লৱ কুশ! মোক শীঘ্ৰে প্ৰাণনাথৰ ওচৰলৈ লৈ ব’ল।

(প্ৰস্থান)

———

তৃতীয় গৰ্ভাঙ্ক।

দৃশ্য—ৰণ ক্ষেত্ৰ ৷

জানকী আরু লৱ কুশৰ প্ৰবেশ।

জানকী। হে দারুণ বিধাতা! তোমাৰ লীলা অভেদ্য। তোমাৰ
 লীলাতেই বিস্তীৰ্ণ ক্ষেত্ৰ আজি শ্মশানৰূপে পৰিণত
 হল। তোমাৰ লীলাতেই ৰাজাধিৰাজ অযোধ্যাৰ নাথ
 মোৰ প্ৰাণেশ্বৰ আজি এই শ্মশানত ধূলাৰে ধূসৰিত।

বিলাপ।

কিনো অপৰাধে, অভাগাৰ ভালে
 বৈধব্য যন্ত্ৰণা লেখিলা হে বিধি?
সুকোমল স্নেহে, বননি শোভিছে,
 কোনে আনি দিব, দুখুনীৰ নিধি ?

(লক্ষ্মণৰ মৃত দেহ দেখি ) বোপা লক্ষ্মণ !

 কত যতনেৰে, [ ৮৮ ]

 কত উপায়েৰে,
 ৰাখিলা বনত,
 প্ৰহৰী রূপেৰে।
 বধিৰক্ষকুল,
 মোকোলাই আনি,
 সমৰ্পিলা প্ৰাণেশ্বৰৰ সমীপে।
 পুত্ৰ জনমাই,
 আজি তাৰে গুণ
 সাধিলোঁ সোণাই,
 স্নেহৰ দেৱৰ।
(শত্ৰুঘ্ন আৰু ভৰতৰ মৃত দেহ দেখি)
 অযোধ্যা উদং কৰি,
 বননিত পৰি,
 কি কৰিছা চেনেহৰ
 দেৱৰসকল?
(ৰামৰ ওচৰত বহি) প্ৰভু, জানকীনাথ!
 দুৰ্ভাগীৰ প্ৰাণেশ্বৰ!!
 একে ধুমুহাতে হ!য়!
 ভাগিল আশাৰ ঘৰ।
প্ৰভু প্ৰভু প্ৰভুকৈ কত নো কান্দিম মই,
নেপাম নে সমিধান লাহৰি মুখৰ?
সোণাই সোণাইকে কথা এটি কবলৈ,
প্ৰেমপূৰ্ণ নেত্ৰে চাই কতনো ধেমালি কৰে;

[ ৮৯ ]

এতিয়া হে নাথ দেখোঁ মাতকে নিদিয়ে মোক,
হেঁপাহৰ প্ৰণয়ৰ পৰিল নে ওৰ?
 বিলাপ।
 দুৰ্ব্বাদল শ্যাম,পীতাম্বৰ ,
 কেশৰী সদৃশ বক্ষস্থল,
বাৰিজ লোচন, অধৰ ৰাতুল সম।
 আজানুলম্বিত ভূজ যুগ,
 ডম্বৰু সদৃশ মধ্যভাগ,
পদ্ম গন্ধী কেশ, দেহ অতি মনোৰম॥

 ত্ৰৈলোক্য বিজয় ধনুৰ্দ্ধৰ,
 প্ৰজা বন্ধু প্ৰভু নিৰন্তৰ,
কত শত ৰজা পদ তলে থাকে পৰি।
 হেন প্ৰাণকান্ত বননিত,
 ধূলায়ে শৰীৰ ধুসৰিত,
পৰি আছে হায় সীতাক বিধৱা কৰি॥

 উঠা, উঠা, উঠা প্ৰাণনাথ,
 দুৰ্ভগা সীতাক দিয়াঁ মাত,
প্ৰিয়া প্ৰিয়া বুলি হিয়া মোৰ কৰা শান্ত।
নতু অগ্নি চিতা জ্বালি লওঁ,
প্ৰভুকো বুকতে বান্ধি লওঁ,
জাঁপ মাৰি তাতে, দুখৰ কৰোহোঁ অন্ত॥
 (চিতা নিৰ্ম্মাণ।)

[ ৯০ ]

(জানকীৰ আঁচলত ধৰি আঠুকাঢ়ি লৱ আৰু কুশৰ বিলাপ।)

কি কাৰণে, বেজাৰ মনে,
চিতা সাজি প্ৰাণ এৰিব।
আই বিনে, ভূমণ্ডলে,
আমাক কোনে স্নেহ কৰিব॥
অ আই ৰজাৰ ৰাণী,
লৱ কুশৰ জননী,
আই মৰিলে কান্দিব লৰাই,
চকুৰ পানী কোনে মচি দিব!
লৰা পেলাই প্ৰাণ এৰিব,
কোলাৰ লৰা ক’ত থাকিব,
পিন্ধাই বন ফুলৰ মালা,
কেনে নো আমাৰ ৰঙ চাব!

কুশ—আই! যদি সঁচাকৈয়ে আপুনি মৰে, তেন্তে পিতৃবধ পাতক
 ডিঙিত বান্ধি লৈ আমাৰ নো আৰু জীয়াই থাকিবৰ
 সকাম কি?

লৱ—আমিও মৰোঁ।

(লৱ আৰু কুশৰ চিতাৰ নিমিত্তে খৰি কাঠ সংগ্ৰহ)

জানকী—লৱ? তই একুৰা জুই আনি দে।

(লৱ লৰ মাৰি জুই আনে গৈ)

(যোৰ হাতে চিতাৰ কাষত ঠিয় হৈ)

হে অগ্নিদেব!
বৈধব্য যন্ত্ৰণা,

[ ৯১ ]

নৰ্কৰ উপমা,
এনে নৰ্ক ভোগ
নালাগে মোক।
কৰাঁ অনুগ্ৰহ,
চিতাত আগ্ৰহ
প্ৰদৰ্শাবা আজি,
অসীম ভোক।

(ৰামৰ মৃত দেহ চিতাৰ দাঁতিত থৈ)


প্ৰাণনাথ!
অশ্বমেধ যজ্ঞ আজি ৰণ ক্ষেত্ৰ মাজে।
পাপিনীক নকৰিব বিণ?
হতাশনে বিসৰ্জ্জন
দিওঁ আজি প্ৰাণ,
বুকে বান্ধি শ্ৰীচৰণ,
(চিতা প্ৰদক্ষিণ)
১। ৰাম বাজে জানকীৰ আন গুৰু নাই,
সপোনে সচিতে সদা ৰামকে ধিয়াই,
যদি সঁচা শ্ৰীৰামেই সীতাৰ ঈশ্বৰ,
সন্নিহিত হোৱা যজ্ঞে নমো যজ্ঞেশ্বৰ।
২৷ শয়নে ভোজনে ৰাম, উঠোঁতে বহোঁতে
খাওঁতে শোওঁতে ৰাম, উপাসা কৰোঁতে
ৰাম গতি, ৰাম মুক্তি, ৰাম চৰাচৰ,
সন্নিহিত হোৱাঁ যজ্ঞে, নমো যজ্ঞেশ্বৰ।

[ ৯২ ]

৩।জনমে জনমে ৰাম জানকীৰ পতি,
ৰাম বিনে জানকীৰ নাই আন গতি,
সদায় লগাম বহি অধৰে অধৰ,
সন্নিহিত হোৱাঁ যজ্ঞে,নমো যজ্ঞেশ্বৰ।

৪। ৰাম পদ সেৱা কৰি আনন্দে থাকিম,
ইহকাল পৰকালে আন নাজানিম,
ৰাম চিন্তামণি মোৰ নিস্পাপ মনৰ,
সন্নিহিত হোৱাঁ যজ্ঞে, নমো যজ্ঞেশ্বৰ।

৫।সস্ত্ৰীক ৰামৰ আজি মৃত দেহ লোৱাঁ,
হুতাশন দ্বিগুণিত প্ৰজ্জ্বলিত হোৱাঁ,
শৱ দাহ হৌক আজি জানকী ৰামৰ,
কৰাঁ অনুগ্ৰহ নমো নমো যজ্ঞেশ্বৰ।

৬। মিনতি কৰিছোঁ আজি কাতৰ মনেৰে
ষষ্ঠ বাৰ প্ৰদক্ষিণ কৰাঁ জানকীয়ে,
কৰা হিত আজি যজ্ঞে জানকীনাথৰ,
নমো হুতাশন নমো নমো যজ্ঞেশ্বৰ!

৭। জন্মে জন্মে হৌক মোৰ হৃদয় ঈশ্বৰ,
দশৰখাত্মজ ৰাম কাক্ষুৎস্থ কুলৰ,
বুকে বান্ধি ৰামে হোমাগ্নিত জাঁপ দিওঁ,
যজ্ঞেশ্বৰ পাদ পদ্মে পুনৰ নমিলোঁ,
নমো হুতাশন নমো, নমো যজ্ঞেশ্বৰ,
নমো কৈলাশৰ নাথ, শ্মশান ঈশ্বৰ।

[ ৯৩ ]

(জাঁপ মাৰিবৰ উপক্ৰম, গান গাই গাই হঠাৎ বাল্মীকিৰ প্ৰবেশ।)

বাল্মীকিৰ গীত।

টেঙ্গৰ হৰিৰ অদ্ভুত খেলা,
এই বেলা আহি চাই যোৱাঁ৷
( এই মায়া ) যেয়ে বুজে সেয়ে মজে,
সেয়ে ভজে এই ৰঙা পা॥
হৰিৰ প্ৰেমৰ ছাঁয়াৰ ছাঁয়া যেয়ে দেখা পায়;
কোটি স্বৰ্ণ চতুৰ্ব্বৰ্গ সিজনে নাচাই;
প্ৰেমৰ হৰিৰ প্ৰেম বিচাৰি,
হয় সেয়ে প্ৰেম যোগিনী যোগী,
প্ৰেমৰ ভিক্ষাৰী হই সিজনে,
প্ৰেমৰ সাগৰত ধোৱে গা॥

বাল্মীকি—(সীতাক আগ ভেটি ধৰি) জানকী! জানকী!! জানকী!!!
 কি সৰ্ব্বনাশ কৰিবলৈ ধৰিছা? সুস্থ হোৱাঁচোন।
 হৈছে কি?

জানকী—প্ৰভু? আপোনাৰ চিৰ দাসীয়ে আজি এই চিতাগ্নিত প্ৰাণ
 সমৰ্পন কৰিব।

লৱ—প্ৰভু! আমাৰ আই মৰিবলৈ ধৰিছে, আমিও লগতে
 ওলাইছোঁ।

কুশ—আমি পিতাক মাৰিলোঁ প্ৰভু! সেই বাবে আই মৰিবলৈ
 ধৰিছে।

বাল্মীকি—মা জানকী! ক্ষান্ত হোৱাঁ৷ মৰিবৰ কোনো আৱশ্যক নাই।
 মই বুঢ়া বামুণ মৰি ধুকুৱা নাই। তোমাৰ স্বামীকে আদি [ ৯৪ ]  কৰি সকলো জীব, ভয় নাই। প্ৰভু যাৰ যে জগতৰ
 ঈশ্বৰ, তেওঁৰ আৰু কিহৰ মৃত্যু! মই এতিয়াই তপোবনৰ
 পৰা মৃতসঞ্জীৱনী আনি সকলোৰে প্ৰাণ দিম হি। ৰবাঁ
 মই আহোঁ।

( বাল্মীকি মৃতসঞ্জীৱনী আনিবলৈ যায় আৰু ইত্যৱসৰে জান-
 কীৰ আৰু লগে লগে লৱ কুশৰ আৰলৈ প্ৰস্থান।
 ক্ষন্তেকতে বল্মীকি পুনৰ আহি মৃতসঞ্জী-
 ৱনী জল চেতিয়াই সকলোকে
 পুনৰ্জীবিত কৰে। )

সৈন্যদল—আজি ভাল সাৰিল। কলৈ পলাল? লৰা হাল ক'লৈ গ'ল?

বাল্মীকি—হেঁপাহ পলোৱা নাই নে? মনেমনে থাক।

(ৰাম, লক্ষণ, ভাৰত, শত্ৰুঘ্ন চাৰিওৰো মুনিৰ
 চৰণত প্ৰণিপাত।)

বাল্মীকি—কল্যানমস্তু। সেইটো আপোনাসকলৰ যজ্ঞাশ্ব লৈ যাওক।

———

যষ্ঠ অঙ্ক।

প্ৰথম গৰ্ভাঙ্ক।

দৃশ্য-অশ্বমেধ যজ্ঞ।

বিবিধ নৃত্য গীত আৰু হোমাদি ক্ৰিয়া।

সশিষ্যে বাল্মীকিৰ প্ৰবেশ।

বাল্মীকি—বোপা লৱ কুশ! আজি তোমালোকে যজ্ঞৰ সকলো
 ঠাইতে ৰামায়ণ গান কৰি ফুৰিব লাগিব।

লৱ—প্ৰভুৰ যেনে আদেশ। [ ৯৫ ] বাল্মীকি—আজি কিন্তু তপোবনত গোৱাৰ দৰে গালেই নহব।
 আজিৰ সভাত বিবিধ ৰজা প্ৰজা গন্ধৰ্ব্ব কিন্নৰ ঋষি মুনি
 আদি উপস্থিত। বৰ সাৱধানে গান কৰিবা। মই পূৰ্ব্বতে
 বহু সংখ্যক শ্লোকাত্মক ৰামায়ণৰ পৰা যিবিলাক সৰ্গ
 বাছি দিছিলোঁ, আজি তাৰে কুৰি সৰ্গ গাবা।

লৱ—ভাল প্ৰভু! আমাক কেৱল প্ৰভুৰ হে আশীৰ্ব্বাদ লাগে।

———


 দ্বিতীয় গৰ্ভাঙ্ক।
 ৰাম পাৰ্শ্বে স্বৰ্ণ সীতা, আৰু নৰ্ত্তক নৰ্ত্তকীৰে
 পৰিবেষ্টিত শ্ৰীৰামচন্দ্ৰ উপবিষ্ট।
 লৱকুশৰ প্ৰবেশ।

ৰাম—তোমালোক কোন?

লৱ—আমি মহামুনি বাল্মীকিৰ শিষ্য।

ৰাম—ইয়ালৈ কিয় আহিলা?

লৱ—(অলপ লাজ পোৱা যেন হৈ কুশৰ ফালে চাই) মহাৰাজৰ
 সভাত ৰামায়ণ গান কৰিবলৈ প্ৰভুৰ আদেশ হৈছে।

ৰাম—সুন্দৰ কথা। বাৰু, নৰ্তক নৰ্ত্তকীসকল বহাঁ। এওঁলোকৰ
 ৰামায়ণ গান শুনো। বোপা! তোমালোকে গোৱাঁ।

লৱ কুশৰ গীতাৰম্ভ।

প্ৰথমে গুৰুবন্দনা।

১। বন্দে শ্ৰী গুরুদেৱ মুনি মহাতপা বাল্মীকি পদ দ্বন্দং।
যৎপদ পঙ্কজ ৰজ হৰতি নৰাণাং ভয়মাপদ ঘোৰং॥
তৎপদ পঙ্কজ ৰজ ধন দেহিমে দানং ভিক্ষামেব দীনজনং।

[ ৯৬ ]

নমো পৰম ব্ৰহ্ম ৰাম ৰাজীৱ লোচনং॥
২। কাকুৎস্থ কমলানাথ কৌশল্যা নন্দনং।
কঞ্জ নেত্ৰ, কপি মিত্ৰ, কোদণ্ড ভঞ্জনং॥
খড়গ হস্ত, খৰ ধ্বংশী, খল বল নাশনং।
গণ পাতা, গণ ত্ৰাতা, গব্যানন্দ সাধনং॥
গুণাকৰ গুনানন্দ গুৰু যজ্ঞ পালনং।
ঘনানন্দ, ঘনশ্যাম, ঘণবাৰি বাৰণং॥
৩। দুৰ্ব্বাদল শ্যাম ৰাম জগধাম,
ৰঘুকুল ধুৰন্ধৰ অনুপম।
পিতৃ আজ্ঞা পালি, হলা বনবাসী,
তোষিলা বিমাতা কৈকেয়ীৰ মন॥
পঞ্চবটীবন কৰিলা আশ্ৰম,
হৰুৱালা সীতা, কৰিলাহাঁ ৰণ,
কৰিলা বহুত ৰাক্ষস নিধন,
খৰ দূষণৰ বধিলা পৰাণ॥
৪। প্ৰভু ৰাম পৰিলা বিষম ফান্দে।
অতি মায়াবিনী ৰাৱণ ভগিণী,
মায়াজাল বিস্তাৰিলেহে।
মহা অপমানে, মনৰ বিচাতে,
খৰক গৈয়া জনালে।
মহ অহঙ্কাৰী, সজ্জনৰ অৰি,
সাজিলা ৰণৰ সাজে।
ঘোৰ অৰন্যত খৰ দূষণক

[ ৯৭ ]

বধিলা আনন্দ মনে;
শুনি দশগ্ৰীৱে, সীতাক হৰিবে,
মাৰীচে যুক্তি কৰিলে।
মায়া মৃগ খেদি গৈলা ৰঘুপতি,
লক্ষ্মণো চলিলা পাছে।
এহি অৱসৰে দুৰ্জ্জন ৰাক্ষসে
জানকীক হৰি নিলে।
৫। গহন কাননে জানকী ৰতনে
হৰুৱালা ৰঘুপতি;
বালি বধ কৰি, সুগ্ৰীৱেৰে সখি
কৰিলাহাঁ মহামতি।
বান্ধিলা সমুদ্ৰ, বধিলা ৰাক্ষস,
জানকী উদ্ধাৰ কৰিলা ৰাঘৱ,
জয় ধ্বনি কৰি, সভাৰ্য্যে শ্ৰীহৰি,
পালাহি আযোধ্যা নগৰী।

ৰাম—(লৱ কুশক কোলাত লৈ) ধন্য তোমালোকৰ শিক্ষা। তোমালোকৰ গানে আজি মোক সমূলি মোহিত কৰিলে। তোমালোকৰ গাত সম্পূৰ্ণৰূপে ৰাজলক্ষ্মী বিৰাজ কৰিছে। তোমালোক নিশ্চয় কোনো ৰাজপুত্ৰ। মোক আরু ব্যাকুল নকৰিবা। এয়ে যথেষ্ট হৈছে, এতিয়া নিজ নিজ পৰিচয় দি তাপিত দেহ শান্ত কৰা।

লক্ষ্মণ—ককাইদেউ! এওঁলোক যে আযোধ্যাৰ মহালক্ষ্মীৰ সন্তান তাত আৰু বিন্দু মাত্ৰও সন্দেহ নাই। হায় যাৰ গৰ্ভত

. [ ৯৮ ] এনে হেন সুপুত্ৰ জন্ম হয়, এনে মহাসতীয়েও বনবাসৰ কষ্ট সহিব লগাত পৰে!

ভদ্ৰ—মহাৰাজ! মহাৰাণী নিস্পাপা। দেখক মহাৰাণীৰ মনত কষ্ট দি অযোধ্যা পুৰি এবাৰলৈ ৰসাতলগামী হল। কাকুৎস্থ বংশ এবাৰলৈ সমূলে ধ্বংশ হল। পুনৰ সেই লক্ষ্মী দেবীৰ কৃপাতেই অজি এই যজ্ঞ চকুৰে দেখিবলৈ পাইছোঁ। আমাৰ মনৰে মহাৰাণীক আৰু বনবাসৰ কষ্ট দিয়া উচিত নহয়।

ৰাম—তোমালোকৰ কথা যুক্তিপূৰ্ণ সচাঁ। বারু মহামুনি বাল্মীকিৰ ওচৰলৈ দুজনমান অতি বিশ্বাসী দূত পঠাই দিয়াঁ। যদি মুনিৰ বিশ্বাস যে জানকী তপোবনত শুদ্ধাচাৰিণী হৈ আছে, তেন্তে মুনিৰে সৈতে আহি সকলো অযোধ্যাবাসীৰ চকুৰ আগত নিজৰ বিশুদ্ধি সপ্ৰমাণ কৰকহি।

লক্ষ্মণ—ভদ্ৰ! তুমি অতি শীঘ্ৰে যোৱাঁ, দুজনমান অতি বিশ্বাসী দূত মুনিৰ আশ্ৰমলৈ পঠাই দিয়াঁগৈ। পলম যেন নহয়।

ৰাম—লক্ষ্মণ! কালিলৈ জানকীৰ পৰীক্ষাৰ নিমিত্তে নগৰৰ মান্য, গণ্য, দুখীয়া, দৰিদ্ৰ সকলো মানুহকে নিমন্ত্ৰণ কৰিব।

[ ৯৯ ]

তৃতীয় গৰ্ভাঙ্ক।

দৃশ্য-সভা।

লৱ কুশক কোলাত লৈ শ্ৰীৰামচন্দ্ৰৰ সিংহাসনত উপবেশন।

বাল্মীকি মুনি সহ জানকীৰ প্ৰবেশ।

লক্ষ্মণ—সৌৱা। মহালক্ষ্মী আহিল। (একে চাবেই ঠিয় হৈ) সৌৱা! আঃ! অযোধ্যাৰ লক্ষ্মীৰ সুভাগমনত মন আজি কেনে লাগিছে।

কুশ—(চাপৰি ৰজাই) ককাইদেউ! সৌৱা আমাৰ আই আহিল।

বাল্মীকি—মহাৰাজ! আপোনাৰ কথামতেই মই এই জানকীক লৈ আহিছোঁ। জানকী মহাসতী, সুব্ৰতা, আৰু ধৰ্ম্মনিষ্ঠ। লোকাপবাদৰ ভয়ত আপুনি এওঁক বনলৈ পঠাইছিল। এতিয়া সেই লোকাপবাদৰ ভয় নিবাৰণ কৰিবৰ মনেৰেই আজি জানকীৰ সুভাগমন। মই সত্য কৰি কৈছোঁ, এই দুৰ্দ্ধৰ্ষ যমক যুগল আপোনাৰেই পুত্ৰ। মই প্ৰচেতাৰ দশম পুত্ৰ; মিছা কথা কোৱা কাৰ্য্য মোৰ দ্বাৰা কেতিয়াও হব নোৱাৰে। মই যি কওঁ তাত বিশ্বাস কৰিব। যদি জানকীৰ মনত কিবা দোষ আছে, মোৰ বহু সহস্ৰ বছৰৰ তপস্যা বৃথা হব। মই কোনো কালে কোনো পাপ কৰা নাই, যদি জানকীৰ গাত কিবা পাপ আছে, তেন্তে মোৰ পূণ্যৰাশি পাপৰূপে পৰিণত হব। তাৰ ওপৰেও মোৰ যোৱা ২১ পুৰুষ আৰু অহা ২১ পুৰুষ নৰকগামী হব। [ ১০০ ] জানকীয়ে নিজেও আজি তেওঁৰ প্ৰমাণ অযোধ্যাবাসী দেখাব।

ৰাম—মহাভাগ! আপুনি ধৰ্ম্মবিৎ। আপোনাৰ পাপলেশশূন্য কথাত জানকীক শুদ্ধাচাৰিণী বুলি বিশ্বাস কৰিলোঁ। তথাপি জানকীয়ে নিজেও এবাৰ তেঁওৰ বিশুদ্ধিৰ প্ৰমাণ দি অযোধ্যাবাসীক সন্তষ্ট কৰক।

গীত।

জানকী—

লাজৰ সাগৰে আজি বুৰিলোঁ সমূলি।
মান ৰাখাঁ মাধৱী কৰি বিবৰ মুকলি॥
কত দুখ কষ্ট সহি, বনত আছিলোঁ পৰি,
ৰাজ সমাজত আনি গুচালে ওৰণী।
বোপা কুশি লৱ, নাথ ৰাঘৱ,
লক্ষ্মণ ভৰত শত্ৰুঘ্ন, আজি মাগিলোঁ মেলানি॥
(পাগলিনী বেশে)

১। ৰাম বাজে যদি মই আনক নাজানো,
ৰামেই ধিয়ান যোগ, ৰামেই সকলো,
তেন্তে হে মাধৱী দেবী হোৱাঁ সুপ্ৰসন্না,
শীঘ্ৰে তুমি জানকীক স্থান দান কৰাঁ।

২। ৰঘুনাথ বাজে মোৰ আন গুৰু নাই,
সপোনে সচেতে মনে আনক না চাই;
এই সত্য বলে দেবী হোৱাঁ সুপ্ৰসন্না,
বিবৰ মুকলি কৰি স্থান দান কৰাঁ।

[ ১০১ ]

৩। বুকে বান্ধি ৰামৰ চৰণ দুখানি,
পাতালে প্ৰবেশ কৰোঁ, দেবী বসুমতী।
জন্মে জন্মে হওঁ যেন শ্ৰীৰামৰ পত্নী।

(বসুমতীৰ বিবৰ প্ৰদান আরু হস্ত প্ৰসাৰণ, পুস্পবৃষ্টি,
 জানকীৰ পাতাল প্ৰবেশ)

ৰাম—(লৱ কুশক কোলাৰ পৰা নমাই, সিংহাসনৰ পৰা জাঁপ মাৰি)
 কি হল! কিহল!! কিহল!!! কি আচৰিত! বিধি!!

(অচেতন)

(হুলস্থূল)

যবনিকা পতন।

এই লেখকৰ লেখাসমূহ বৰ্তমান পাবলিক ড'মেইনৰ অন্তৰ্গত কাৰণ এই লেখাৰ উৎসস্থল ভাৰত আৰু "ভাৰতীয় কপিৰাইট আইন, ১৯৫৭" অনুসৰি ইয়াৰ কপিৰাইট ম্যাদ উকলি গৈছে। লেখকৰ মৃত্যুৰ পাছৰ বছৰৰ পৰা ৬০ বছৰ হ'লে তেওঁৰ সকলো ৰচনাৰ কপিৰাইট ম্যাদ উকলি যায়। (অৰ্থাৎ, ২০২৪ চনত ১ জানুৱাৰী ১৯৬৪ৰ পূৰ্বে মৃত্যু হোৱা লেখকৰ সকলো ৰচনা পাব্লিক ড'মেইনৰ আওতাভুক্ত হ’ব। )