পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। মিছাতেই আছো মই। অযোধ্যাত আজি যুদ্ধ ঘোষণা, শত্ৰু ভয়ে ভীত অযযাধ্যাৰ ৰজা, ধিক এনে ৰজা! যুদ্ধ ভীৰু ৰজা! এই তীক্ষ্ণ তৰবাৰি, এই তীক্ষ্ণ শৰ, নিশ্চয় নিজৰ বক্ষে কৰিম প্ৰহাৰ, যদি নকৰে। সমৰ। সোৱা, আহিছে সেনা, বাজিছে বাজানা, সকলো উন্মত্ত ৰণ ৰণ কৈ; এতিয়াও সাজে। মই, লওঁ ধনুৰ্বান, নিশিত কৃপাণ, কৰেগৈ যুদ্ধ তীম পৰাক্ৰমে। গ্ৰীৱ-প্ৰভুৰ অনুগ্ৰহ হলে অধীন সুগ্ৰীৱে প্ৰভুৰ লগতে যু যাত্ৰা কৰিবৰ ইচ্ছা কৰিছিল। কাম-যদি একাই ইচ্ছা হৈছে ওলাওক। বিভীষণ–প্ৰভু! আমাৰ ওপৰতো যেন এনে অনুগ্ৰহ দেখুৱা হয়। হনুমান—প্ৰভু! দাসদ যুদ্ধলৈ যাব খুজিছিল। যাৰ ইচ্ছা হয় ওলাব পাবে, কিন্তু ৰাজ্য বীৰ শূন্য হব নালাগে।