পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৪
বৈদেহী-বিচ্ছেদ।


সি জন বিহনে মোৰ
মৃত্যু অতি সুনিশ্চয়।
জাহ্নবীজলত, নাই
অগ্নি চিত। জ্বালি হায়!
মৰোঁ মই এতিযাই,
এৰাওঁ জঞ্জাল!
স্বাশীপদ শিৰে লওঁ,
ভৱসিন্ধু পাৰ হওঁ,
অতিক্ৰম কৰোঁ আজি
বিষাল কৰাল!
উঃ। বংশ লোপ হয় তাতো
জানকীনাথৰ।
বোপা!
শ্ৰীমুখৰ আজ্ঞা পালাঁ,
দেশলৈ যোৱাঁ,
শাহুসকলক মোৰ
বাতৰি জনোৱাঁ।
দদাৰাক ক'বাঁ,
যেন নকৰে ৰেজাৰ;
পুত্ৰ ভাবে পালে যেন
প্ৰজা অযোধ্যাৰ।

 হাঁ নাখ! আপুনি ক’ত! ক’ত সেই অযোধ্যা! ক’ত মোৰ প্ৰিয় প্ৰজাসকল! সখিসকল আৰু আইসকলেই বা ক’ত!