পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮০

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

 নাভাবিবি মনে কথা; কিন্তু এটি কথা,
 পৰিচয় তহঁতত শুধিব খুজিলোঁ,
 আকৃতি প্ৰকৃতি দেখি, সীতাৰ তনয় বুলি,
 বিশ্বাস মনত মোৰ,—
 মই সীতানাথ।
 এয়ে যদি সঁচা হয়, এবাৰ কোলাত লৈ,
 সুমুৱাওঁ শোক-বহ্নি,
 আহিবা নে চাপি?

লৱ—ধিক্ ৰঘুপতি ধিক্ আমি ৰাঘৱাৰি;
 সমুখ যুদ্ধত আহি পাতিছ মিতালি,
 কোনে জানে ৰঘুপতি জানকীৰ পতি?
 সীতা কানন বালিনী,
 ৰঘূনাথ অযোধ্যাৰ নাথ।
 দুখুনীৰ পুত্ৰ আমি, নোহোঁ যুবৰাজ,
 বাল্মীকিৰ শিষ্য।
 কাপুরুষ ৰামে সৈতে সম্বন্ধই নাই।
 আৰু বাৰ কৱ যদি, আমি তোৰ পুত্ৰ,
 তীক্ষ্ন শৰে কণ্ঠচ্ছেদ কৰিম নিশ্চয়।

ৰাম—অধম শৃগাল?
 কাপ কাপুরুষ বোল?
 কোনে যুদ্ধ ভয়ে আহি মিতালি পাতিছে?
 যুদ্ধ ভীরু ৰঘূনাথ। বিজয় লগতে।
 স্বৰ্ণ লঙ্কা ছাৰখাৰ কৰিব পাৰিলে,