ৰামৰ চিন্তা আৰু বেছিহে হব। নহয়, বাতৰি অৱশ্যে দিবই লাগিব। কিন্তু পোনেপোনেই প্ৰভু ৰামৰ আগত নকৈ তেওঁৰ কোনো আপোন মানুহৰ আগত কলেই প্ৰভুয়ে অনেক আশ্বাস বাক্যৰ প্ৰভাৱত এই দাৰুণ বাতৰিটি, অলপ লঘুকৈ পাব পাৰে। ঠিক কথা এয়েহে ভাল উপায়। আকৌ এটা কথা নহয়, প্ৰভুৰ নো আপোন মানুহ কোন? কাৰ আগত কলে নো কৃতকাৰ্য্য় হব পাৰিম। অ সুগ্ৰীৱ আছে নহয়। ঠিক বুদ্ধিটো খাজে খোপে খাই পৰিল। যাওঁ সুগ্ৰীৱৰ ওচৰলৈকে যাওঁ।
(নিষ্ক্ৰান্ত)
⸻
ষষ্ঠ গৰ্ভাঙ্ক।
দৃশ্য-নিৰ্জ্জন ঘৰ।
ৰামচন্দ্ৰৰ অধোমুখে চিন্তা।
ৰাম—(মূৰ দাঙ্গি) মই এতিয়াই এটি সপোন দেখিলোঁ। সপোনেই নে দিঠকেই? নহয়, সপোনেই হে হব। ভৰত শক্ৰঘ্নক নো ত্ৰিভুবনত কোনোবাই মাৰিব পাৰে নে? সপোনেই হ’ল বা, এনে অমঙ্গলীয় সপোন নো মই দেখিব পাওঁ নে?
(সুগ্ৰীৱ আৰু ভগ্নদূতৰ প্ৰবেশ)
অ, সৌৱা সুগ্ৰীৱ সখি আহিছে। ইওটো আকৌ সপোনকে দেখিছোঁনে কি? নহয়, কেতিয়াও সপোন নহয়।