পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/২৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৯
বৈদেহী-বিচ্ছেদ।


এনে বধ দণ্ডে জানো শাস্ত্ৰৰ সন্মত
তেন্তে কিয় হব ৰাম ই কাৰ্য্যে বিৰত?
অচিৰে কলঙ্ক-ভূত দূৰীভূত হব,
অচিৰে জানকী ঘোৰ কাননে পশিব।
এই মোৰ ইচ্ছাৰূপ স্ৰোতস্বতী ভেটি,
নহবা সফলকাম, জানা সভাসদ!

(প্ৰস্থানোদ্যোগ )


ভদ্ৰ—(ঠিয় হৈ) ধিক্ এনে মন্ত্ৰীত্বতো ধিক্‌!
যাৰ মন্ত্ৰীতৃত নিৰ্দ্দোষীয়ে দণ্ড পায়!
যাৰ মন্ত্ৰীত্বত ৰজাৰ কলঙ্ক হয়।

দ্বিতীয় গৰ্ভাঙ্ক।

দৃশ্য—শ্ৰীৰামচন্দ্ৰৰ ভিতৰ চ'ৰা।
( অকলসৰে শ্ৰীৰামচন্দ্ৰ উপবিষ্ট।)

বাম—( নিৰ্জন ঘৰত )
উঃ! আজি মই,
কোন নো সতেৰে,
প্ৰিয়া জানকীক,
লোকপবাদৰ ভয়ে,
নিৰ্ব্বাসন দিম্‌?
পাপী লঙ্কাপতি!