পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছে। $ দ্বিতীয় গাঙ্ক। দৃশ্য—ৰাহ্মীকিৰ আশ্ৰম। হাতত ফুলৰ মল লৈ মুনিপীসকল আৰু ঋষিকুমাৰসকলৰ গীত। অযোধ্যাৰ সমী, ' প্ৰাণাধিকা সখী, ব’লা ব’লা মিলি সকলে যাওঁ; বনফুল হাৰে, পূজো হেপাহেৰে, অতি সাদৰেৰে আগ বঢ়াওঁ। পৰ্ণ কুটীৰত, জানকী সখীক, বল। আনি থওঁ; সকলোৱে বেৰি, প্ৰাণ মন খুলি, দুটি কথা কওঁ। দেখিম নয়ন ভৰি, পোভিব সীতা সুন্দৰী, মন মুখে, সীতাৰ চন্দ্ৰমুখখনি চাওঁ। (জানকী আৰু ভালুকা লিতিকাইৰে সৈতে বাল্মীকিৰ প্ৰবেশ) বাল্মীকি অলপ আগ বাঢ়ি মুনিপীসকলৰ প্ৰতি) অঘোধ্যাৰ লক্ষ্মী মহাৰাপ্ত মহাসতী জানকীক প্ৰভু ৰামে বিনা দোষত কেৱল লোকাপৰাদৰ ভয়ত বনলৈ পঠাইছে। সম্প্ৰতি মহাৰাণীয়ে আমাৰ আৰমৰ শোভাৱন কৰিব। তোমালোক সকলোৱে তেওঁৰ প্ৰিয় কাধ কৰিবা। মহা ৰাণীয়ে কোনো বিষয়ত কষ্ট পালে মই নিলে পোৱা যেন বুলি ভাবি। হাঁহি মুখে,