পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/১৪

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
বৈদেহী-বিচ্ছেদ।

সুপ্ৰসন্ন হৈ,
প্ৰশংসা পত্ৰেৰে নাথ, কৃপা দৰশায়,
তেহে নাথ দাসী সীতা,
আনন্দে উদগি,
তযু প্ৰেমৰাজ্যে নাথ,
হওঁ মহাৰাণী।

ৰাম-ধন্য এনে প্ৰেম ৰাজ্য;
যি প্ৰেম ৰাজ্যৰ ৰাণী,
মোৰ হৃদি-ৰাজ-
-ৰাণী
চন্দ্ৰমা বদনী,
জনক নন্দিনী।
কিন্তু প্ৰিয়ে?
যি ৰাজ্যৰ প্ৰজাবৰ্গ,
অসভ্য বৰ্ব্বৰ,
সজ্জনৰ আগমন,
নোহে শোভকৰ তাত,
সেই দৰে,
তোমাৰ অমৃত সদৃশ প্ৰেম ৰাশি,
আলইআথানি হব,
মোৰ প্ৰেম ৰাজ্য।
ৰঘুনাথ প্ৰিয়ে।
অনভিজ্ঞ প্ৰেম, নালাগে কৰিব ধাৰ,
প্ৰেম সৰ্বত্ৰে বিৰাজে,