পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৮
বৈদেহী-বিচ্ছেদ ৷


দ্বিতীয় গৰ্ভাঙ্ক।

দৃশ্য-জানকীৰ কুটীৰ।

একাকিনী জানকী উপবিষ্টা৷

জানকী—বেলি প্ৰায় দুপৰ হলহি। এতিয়াও দুখুনীৰ ধন ঘৰ নাপালেহি। আই দুৰ্গা! পাপিনীৰ সন্তান দুটিক ফেন সদাই কুশলে ৰক্ষা কৰে।

বিলাপ।

জনক দুহিতা, অভাগিনী সীতা,
 স্বামীৰ চকুৰ কুটা;
চিৰকালে মই  কানন ৰাগিনী,
 বনবাসী মোৰ সখা।
লৱ কুশ মোৰ জীৱনৰ ধন,
 বুকে বান্ধি আছোঁ পৰি;
হে দুৰ্গা আই,  কৃপা দৰশাই,
 ৰাখিবা চৰণে ধৰি।

(ঠিক হবৰ উপক্ৰম) সৌ দুটি নো কোন? মোৰ জীৱনৰ ধন লৱ
 কুশেই হব পায়। বারু ক্ষণেক চাওঁছোন।

(লৱ কুশৰ প্ৰবেশ)

 দুখুনীৰ ধন আহিলা? মই তোমালোকৰ নিমিত্তে
 কত চিন্তা কৰি আছোঁ। মোৰ সোণহঁত দুয়ো দেখোঁ আমি
 ঘামিজামি আহিছা?

কুশ—আই, আই, আই, আমি আজি খুব যুদ্ধ কৰিলোঁ নহয়।