সমললৈ যাওক

পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/১৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
বৈদেহী-বিচ্ছেদ।

 ব্ৰহ্মাণ্ড প্ৰেমেৰে পূৰ্ণ,
 তথাপিও সকলোৰে,
 প্ৰেম চিনা টান।
 প্ৰেমৰ বিজ্ঞান পঢ়ি,
 প্ৰেমৰ চানেকী দেখি,
 নুবুজিলে, প্ৰেম বুজ।
 সহজ নহয়।
 প্ৰিয়ে। মিনতি:ৰামৰ,
 নিজগুণে তুষ্ট হোৱাঁ,
 সাধ্যমতে
 শিকোৱাঁ ৰামকো সেই
 দেৱৰ দুৰ্লভ শাস্ত্ৰ
 “প্ৰেমৰ বিজ্ঞান।”
বৈদেহী।—সৰ্ব গুণধৰ প্ৰভু,
 ৰঘুকুল ধুৰন্ধৰ!
 যাৰ গুণে মোহিত ব্ৰহ্মাণ্ডখন,
 যাৰ প্ৰেমে বশীভূত ৰাক্ষস বান্দৰ,
 সেই জন
 প্ৰেম-শাস্ত্ৰে অনভিজ্ঞ?
ৰাম।—প্ৰিয়ে। ক্ষমা অপৰাধ,
 ৰাম যথাৰ্থতে অনভিজ্ঞ।
(হঠাৎ খোজ দিয়েক মান আগবাঢ়ি গৈ থাকি মনে মনে)
 উঃ! নন্দন কাননে,