পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/২৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২২
বৈদেহী-বিচ্ছেদ


নগৰে প্ৰান্তৰে
কলঙ্ক ৰটনা হয়
অধম ৰামৰ।
সামান্য ৰজকে
ঘিণিছে ৰামক,
দশাননে স্পৰ্শ কৰা
জানকীক ৰখা বাবে।
এই হেতু ইচ্ছা মোৰ,
বিসৰ্জ্জিম জানকীক,
পৱিত্ৰ ইক্ষাকু কুল
পৱিত্ৰ ৰাখিম।
ভৰত—ককাই দেউ!
নিৰ্ম্মল আকাশে যেনে,
মল পৰশিলে,
গৰজে ভীষণ খঙ্গে
বজ্ৰাঘাতে মল নাশ কৰে,
নতু ভীম পৰাক্ৰমে,
চেপি মল দৈত্যৰৰে,
তাৰ দেহস্থিত ৰস ৰাজ কৰে।
সেই ৰসে মেদিনী সজীব,
সেই দৰে,
মলদ্বেষী—ৰঘুবংশধৰে
নিৰখি নিৰ্ম্মল দেবে