পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩১
বৈদেহী-বিচ্ছেদ।


হে স্বৰ্গীয় দেৱতাসকল!
তোমাৰ মৰমৰ
জানকী সতীক যেন
ৰক্ষা কৰা সকলোৰে
ঘোৰ বন মাজে।
হে মাংসাশী বনচৰসকল!
শ্ৰীৰামৰ মুখ চাই,
ৰিপূ সব হৰুৱাই;
প্ৰিয়ব্যৱহাৰ যেন
কৰিবা সীতাত
বৌদেউ।
সমগ্ৰ জগৎখন
অদৃষ্টৰ বশ।
যেতিয়া যি হব,
তাক কোনে আঁতৰাব পাৰে।
ৰাজ প্ৰাসাদত তুমি,
আছিলা এদিন;
সুখ দিন উকলিল,
ভাগ্যলক্ষ্মী আঁতৰিল,
গহীন বনত আহি
হ’লা একাকিনী।
ঈশ্বৰ মঙ্গল্ময়,
অৱশ্যে তোমাৰো জয়