পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। নষ্ঠ বন্ধু-আপুনি নো পাছে এইবোৰ ভাৰে-সাঙ্গীয়ে কলৈ মন কৰি ওলাল? পঞ্চম বন্ধু -(ষষ্ঠ বন্ধুৰ হাতলৈ ছিলিম দি) এ সেইবিলাক কথা আৰু নুশুধিব দিয়ক। ক’লে সাত দিন সাত ৰাতিয়েও সুধুকাই। মই গ'লোঁ পৰহি দিনাই শহুৰৰ ঘৰলৈ। কালি দুপৰীয়া হ’বলা খাইবই উঠি শহুৰৰ চ'ৰাত বহি তাং হোপ মাৰিবলৈ ধৰিছো, এনেতে ( এজন ভাৰীৰ ফালে আঙুলিয়াই) ই আহিছে সিফালৰ পৰা চুলি মেলি ল'ৰি। মাতি আনি শুধিলে। তাক বোলে হাটত পাণৰ বেপাৰ কৰিবলৈ নোযোৱৰ বাবে বাপেকে গৰি মাৰিলে। সেই ধেকেৰীটোৰ গ'ল সেই। আকো (আনজন ভাৰীলৈ আঙ্গুলীয়াই) এই চিলঠীয়া- টোৰ শাক ছোৱালী জনীৰ হুনু ৰসিকলাল নামে বাঙ্গাল এটাই জাত মৰিলে। (বাকী জনলৈ আঙ্গ লিয়াই। এওঁ হমু আক ক'ৰবাৰ উজনীয়া মানুহ। এওঁৰ বোপা ককাবিলাক বোলে বৰ ডাঙ্গৰ ডাঙ্গ মানুহ আছিল, কিন্তু এওঁৰ আজি কালি কিছু কষ্ট সিফালে তেওঁৰে এজন ওচৰচুবুৰীয়া, যি আগৈয়ে এওঁ লোকতকৈ বিষয়ে বাসনাই ধনে সম্পত্তিয়ে সৰু আছিল, সি আক এওঁক বৰকৈ গ্ৰাহ কৰিব নোখোজাত পৰিছে। টানে মছকিলেও বৰ এটা সহায় নকৰে। সাতে পাচে শিজিমূৰি ঘোৰা খুৱাই জাককে লৈ আহিছে। নগৰত গোচৰ কৰি দিবলৈ আৰু কি