পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

88 বৈদেহ-বিচ্ছেদ। লক্ষণ-হয় ককাইদেউ, মই সিবিলাকক সভালৈ লৈ আহেগৈ। (নিচ্ছুতি) ৰাম(ভৰতৰ এতি) ৰোপা! অশ্বমেধ যজ্ঞৰ মাহাত্ম যথাৰ্থতে অসীম। এই কাৰ্য্যত হাত দিয়া সামান্য মানুহৰ সাধ্য- তীত। যদি সুকলমে কাৰ্যটি সমাথা হৈ যায় তেতে ই অতিশয় সৌভাগ্যৰ ফল বুলিহে ধৰিব লাগিব। ভৰত-অৱশ্যে ককাইদেউ মহতেই হে মহৎ কাৰ্য্য সাধিৰ পাৰে। আপুনি ইক্ষাকু কুলৰ শ্ৰেষ্ঠ নৃপতি, আপোনাৰ অসাধ্য পৃথিবীত কি হব পাৰে? (ৰশিষ্ঠ আদি দ্বিজসকলেৰে সৈতে লক্ষ্মণৰ পুনৰ প্ৰবেশ) ৰাম-(প্ৰণিপাত পূৰ্বক) প্ৰভুসকল! অনুগ্ৰহকৈ আসন গ্ৰহণ কৰি যেন ৰামৰ অভীষ্ট সিদ্ধি কৰে। ৰামদেৱ-পাছে মহাৰাজ আমাক মতালে বা কিয়? ৰাম—প্ৰভুসকল! অনেক দিন ক্ষত্ৰিয়ৰ আচাৰেৰে ৰাজত্ব কৰি আজি এভাগি অশ্বমেধ যজ্ঞ কৰিবৰ মন কৰিলে।। আপোনাসকলে এতিয়া সকলো বিষয়তে পৰামৰ্শ দি কৰাব লাগে। বশিষ্ঠ-বৰ উত্তৰ কাৰ্য কৰিছে মহাৰাজ! আঃ এই ফেৰিয়েই হে আৰু সাৰ্থক। বোনে “যত দেখা ধন জন, সবে মাত্ৰ অকাৰণ। ভাল কাৰ্যলৈ মন কৰিছে। “শুভ gং।” অবশিষ্ট দ্বি-(সমস্বৰে) অনুভশ্য কাল হৰণ।