পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

8t বৈদেহী-বিচ্ছেদ। ভগ্নদূতৰ প্ৰবেশ। ভগ্নদূত—দুৰতে) হায়! দয়! আজি নন মই মহাৰাজলৈ কি সুখৰ বাতৰিটো লৈ আহিছে? যুবৰাজ লক্ষ্মণ নিধনৰ বাতৰিয়ে যে মহাৰাজ সমূলি অস্থিৰ কৰি তুলিব। মহীমণ্ডলত ভগ্নদূতৰ খাটনিতকৈ অধম খাটনি আৰু বোধ কৰে কাৰো নাই। বাতৰি যেতিয়া অৱশ্যে দিবই লাগিব আৰু পলম কৰিবৰ সকাম কি? (লাহে লাহে গৈ ৰামৰ ওচৰত আঠুকাঢ়ি যোৰে উপবেশন ) ৰাম- (মূৰ দাঙ্গি) কি দূত বাতৰি কি? এয়ে নে স্বপ্নৰ ফল? ভগ্নদূত-(উচুপি উচুপি) মহাৰাজ! যুবৰাজৰ বাতৰি কবলৈ ধৰিলে বুকু ফাটি যাব খোজে! যুবৰাজ নিধন। ৰাম –কি মোৰ জীৱন লক্ষ্মণ? দাৰুণ শেল! (অচেতন)। সুগ্ৰীৱ।-(ভগ্নদূৰ ওচৰলৈ চাপি আহি) যুবৰাজক কোমে মাৰিলে? কোন ৰাজ্যত? ভগ্নদূত—বাল্মীকিৰ তপোবনত দুটা সৰু সৰু লৰাই মাৰিলে। অগ্ৰীৱ-কেনেকৈ? ভগ্নদূত-কৰবাৰ সৰু সৰু লৰা দুটা আহি যজ্ঞৰ থোৰা ধৰিলেহি, এই বাবেই যুবৰাজৰ লগত যুদ্ধ হয়। আৰু অলপ সময়ৰ ভিতৰতে সৈন্তে যুবক ধৰাশায়ী কৰে। মুগ্ৰীৱ-উঃ! কি আচৰিত কথা! ইন্দ্ৰজিত বিজেতা লক্ষ্মণে কি সামান্য টা লৰাৰ যুদ্ধতেই প্ৰাণ এৰিলে? হায় যুবৰাজ! তোমাৰ সেৱক সুগ্ৰীক ইয়াতে এৰিলা। তোৰ অতি চেনেহৰ ককাইদেউয়েৰাৰ বিলাই আজি