পৃষ্ঠা:বৈদেহী-বিচ্ছেদ.djvu/১০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৈদেহী-বিচ্ছেদ। ৩ঃ অঃ। ১৭ অঃ। হৃদি আসনত বহি, ফুলটোৰে সৈতে যেন, পাতিছে গুপুত কথা। (চকুৰ পানী মচি)। তেওঁ এই ফলনীৰ ৰজা এওঁ নিষ্ঠুৰ ভোমোৰা, নাই দয়া মায়া সখি! চোৱ। যুতিৰ, বগলিৰ পাখি যেন, বগা পাহি কিটি, ৰাহ গ্ৰাসে, পূৰ্ণিমাৰ চন্দ্ৰ যেন ইজনৰ উজ্জ্বল কাজল ৰঙে যেন, কাঢ়ি নিলে মধুৰতা মলিন শোকত। হাই সখি! কুমলীয়া ফুলটীয়ে, এওঁৰ এই নিষ্ঠুৰাক্ৰমণে, কত কষ্ট ভাবিছে মনত। ৪ৰ্থ অ-সখি! সেইটি নহয়। যুতি ফুল দেখিছা কোমল হয়, কিন্তু, প্ৰেমফুল, এনেহে কোমল, তুলনাত যুতি ফুল বৰ সদৃশ। সেই প্ৰেমফুলময়,